• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু হোৱা পিতৃলৈ বাট চাই আছে দুৰ্ভগীয়া কণমানিয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 11, 2018 9:05 pm
Durvogiya Konmani

মাতৃৰ সৈতে কনমানি শিশুটি। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘দেউতা উভটি আহিব, পূজাত মোৰ কাৰণে জোতা, চেণ্ডেল নতুন কাপোৰ আনিব, দেউতাৰ লগত পূজা চাবলৈ যাম।‘

এই ভাষ্য যোৱাবছৰ নৱেম্বৰ মাহত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যুক সাৱটি ল’বলগীয়া হোৱা পিতৃহাৰা আৰিফ আলি নামৰ এটি ৬ বছৰীয়া কণমাণিৰ ভাষ্য। এইদৰে ধীৰেনপাৰাৰ অবুজন কণমাণিটোৱে  দেউতাকৰ মৃত্যুৰ পাছতো আশাৰে বাট চাই আছে।

Apply Now

কণমাণিটোৱে মাতৃৰ আগত ‘দেউতা আহিব, আমি পুজা চাবলৈ যাম’ বুলি বাৰেপতি কৈ থাকে যদিও মাতৃ আৰিফা বেগম ওৰফে ৰঞ্জিতা দেবীয়ে কণমাণিটোক বুজাব পৰা নাই যে, তাৰ পিতৃ কোনোদিন আৰু এই পৃথিবীলৈ ঘুৰি নাহে। একমাত্ৰ ৬ বছৰীয়া সন্তানটিকে বুকুত লৈ জীৱন সংগ্ৰামত ব্ৰতী আছে ৰঞ্জিতা।

উল্লেখযোগ্য যে, মৃত আনোৱাৰ আলি পেচাত এগৰাকী টেম্প’চালক আছিল। টেম্প’ চলাই ৰঞ্জিতা আৰু তেওঁৰ ৬ বছৰীয়া সন্তানটোক পোহপাল দি আছিল যদিও তেওঁৰ মৃত্যুৰ পাছত এতিয়া আলৈ আথনি নোহোৱা হৈছে পৰিয়ালটোৰ।

ইফালে বন বিভাগে দুৰ্ভগীয়া ৰঞ্জিতাক ৪ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল যদিও আজিও সেয়া মাথো ফাইলৰ মাজতে আৱদ্ধ হৈ আছে।

ৰঞ্জিতাই এই সম্পৰ্কত আমাক কয়, ‘’বন বিভাগৰ তৰফৰ পৰা ৪ লাখ টকা এককালীন সাহায্য লাভ কৰিব বুলি ঘৰত আহি কৈ গৈছিলহি। চৰকাৰৰ তৰফৰ পৰা সাহায্য লাভৰ বাবে প্ৰয়োজনীয় নথিসমূহ এমাহৰ ভিতৰত ফটাশিল-আমবাৰীস্থিত বন-বিভাগৰ কাৰ্য্যলয়ত জমা দি আহিছিল। টকাখিনি অতি সোনকালে পাব বুলি কৈছিল।‘’

কিন্তু দুৰ্ভগীয়া ৰঞ্জিতাই বন বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই উক্ত ধনৰাশি বৰ্তমানলৈকে পোৱা নাই।

আনহাতে, মহিলাগৰাকীৰ নাম প্ৰকৃততে ৰঞ্জিতা দেবী আছিল যদিও মূছলমান সম্প্ৰদায়ৰ লোকলৈ বিয়া হোৱাত তেওঁৰ নাম কৰ্ট এফিডেফিট কৰি আৰিফা বেগমলৈ পৰিৱৰ্তিত কৰা হ’ল। ব্ৰাহ্মণ পৰিয়ালৰ জীয়ৰী হৈয়ো মুছলমান সম্প্ৰদায়ৰ লোকৰ সৈতে বিবাশপাশত আৱদ্ধ হোৱাৰ বাবে ৰঞ্জিতাক ঘৰৰ মানুহেও এলাগী কৰা বুলি ৰঞ্জিতাই আমাক জনায়।

উল্লেখযোগ্য যে, বৰ্তমান দুৰ্ভগীয়া আৰিফা ওৰফে ৰঞ্জিতা দেবী একমাত্ৰ সন্তানৰ কথা চিন্তা কৰি লোকৰ ঘৰে ঘৰে কাম-বন কৰি যেনে-তেনে চলি আছে।

তেওঁ কয়, ‘’মই নিজে নাখাই হ’লেও ল’ৰাটোক খুৱাব লাগিব, ল’ৰাটোৱে ভোক সহ্য কৰিব নোৱাৰে। স্বামীৰ পৰিয়ালৰ মানুহেও মোক চোৱা-চিতা নকৰে, কাৰণ তেওঁলোকৰ নিজৰে ঘৰৰ অৱস্থা বেয়া। সেয়ে মই মানুহৰ ঘৰে-ঘৰে কাম কৰি ল’ৰাটোক পোহপাল দি আছো।‘’

আনহাতে, নাহৰফুটুকীয়ে আক্ৰমণ কৰা ঘটনা বিবৰণী জানিব বিচৰাত তেওঁ আমাৰ সাংবাদিকৰ আগত কয়, ‘’সেই দিনটোতো তেওঁ টেম্প’ চলাই ঘৰলৈ দুপৰীয়া ১ মান বজাত ঘৰলৈ আহিছিল। তেনেতে কাষৰে বিদ্যালয়খনৰ পাছফালৰ হাবিত বাঘ ওলাইছে বুলি গম পোৱাত তেওঁ দৌৰি ঘটনাস্থলীত উপস্থিত হয়গৈ। নাহৰফুটুকীটো আৱিৰ্ভাব হোৱা স্কুলখনৰ কোঠাত এটা সৰু ল’ৰা আৱদ্ধ হৈ থকা বুলি আনোৱাৰে জানি মানবীয়তাৰ খাতিৰত বাঘটোৰ সন্মুখৰ পৰা ল’ৰাটোক উদ্ধাৰ কৰে যদিও নাহৰফুটুকীৰ আক্ৰমণত আনোৱাৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। তেওঁক ততাতৈয়াকৈ জিএমচিএইছলৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ অভাৱত চাৰিদিন পাছতেই অৰ্থ্যাৎ ১৬ নবেম্বৰত তেওঁ মৃত্যুক সাবটি লয়।‘’

ধীৰেনপাৰাৰ চম্পাৱতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাষৰে দুৰ্ভগীয়া ৰঞ্জিতাই নৰ্থ ইষ্ট নাওৰ জৰিয়তে বন বিভাগে প্ৰদান কৰিম বুলি ঘোষণা কৰা ৪ লাখ টকা দিবৰ বাবে কাতৰ আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm
পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

September 18, 2026 1:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd