• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু হোৱা পিতৃলৈ বাট চাই আছে দুৰ্ভগীয়া কণমানিয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 11, 2018 9:05 pm
Durvogiya Konmani

মাতৃৰ সৈতে কনমানি শিশুটি। ফটো : নৰ্থইষ্ট নাও

353
VIEWS
Share on FacebookShare on Twitter

‘দেউতা উভটি আহিব, পূজাত মোৰ কাৰণে জোতা, চেণ্ডেল নতুন কাপোৰ আনিব, দেউতাৰ লগত পূজা চাবলৈ যাম।‘

এই ভাষ্য যোৱাবছৰ নৱেম্বৰ মাহত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যুক সাৱটি ল’বলগীয়া হোৱা পিতৃহাৰা আৰিফ আলি নামৰ এটি ৬ বছৰীয়া কণমাণিৰ ভাষ্য। এইদৰে ধীৰেনপাৰাৰ অবুজন কণমাণিটোৱে  দেউতাকৰ মৃত্যুৰ পাছতো আশাৰে বাট চাই আছে।

কণমাণিটোৱে মাতৃৰ আগত ‘দেউতা আহিব, আমি পুজা চাবলৈ যাম’ বুলি বাৰেপতি কৈ থাকে যদিও মাতৃ আৰিফা বেগম ওৰফে ৰঞ্জিতা দেবীয়ে কণমাণিটোক বুজাব পৰা নাই যে, তাৰ পিতৃ কোনোদিন আৰু এই পৃথিবীলৈ ঘুৰি নাহে। একমাত্ৰ ৬ বছৰীয়া সন্তানটিকে বুকুত লৈ জীৱন সংগ্ৰামত ব্ৰতী আছে ৰঞ্জিতা।

উল্লেখযোগ্য যে, মৃত আনোৱাৰ আলি পেচাত এগৰাকী টেম্প’চালক আছিল। টেম্প’ চলাই ৰঞ্জিতা আৰু তেওঁৰ ৬ বছৰীয়া সন্তানটোক পোহপাল দি আছিল যদিও তেওঁৰ মৃত্যুৰ পাছত এতিয়া আলৈ আথনি নোহোৱা হৈছে পৰিয়ালটোৰ।

ইফালে বন বিভাগে দুৰ্ভগীয়া ৰঞ্জিতাক ৪ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল যদিও আজিও সেয়া মাথো ফাইলৰ মাজতে আৱদ্ধ হৈ আছে।

ৰঞ্জিতাই এই সম্পৰ্কত আমাক কয়, ‘’বন বিভাগৰ তৰফৰ পৰা ৪ লাখ টকা এককালীন সাহায্য লাভ কৰিব বুলি ঘৰত আহি কৈ গৈছিলহি। চৰকাৰৰ তৰফৰ পৰা সাহায্য লাভৰ বাবে প্ৰয়োজনীয় নথিসমূহ এমাহৰ ভিতৰত ফটাশিল-আমবাৰীস্থিত বন-বিভাগৰ কাৰ্য্যলয়ত জমা দি আহিছিল। টকাখিনি অতি সোনকালে পাব বুলি কৈছিল।‘’

কিন্তু দুৰ্ভগীয়া ৰঞ্জিতাই বন বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই উক্ত ধনৰাশি বৰ্তমানলৈকে পোৱা নাই।

আনহাতে, মহিলাগৰাকীৰ নাম প্ৰকৃততে ৰঞ্জিতা দেবী আছিল যদিও মূছলমান সম্প্ৰদায়ৰ লোকলৈ বিয়া হোৱাত তেওঁৰ নাম কৰ্ট এফিডেফিট কৰি আৰিফা বেগমলৈ পৰিৱৰ্তিত কৰা হ’ল। ব্ৰাহ্মণ পৰিয়ালৰ জীয়ৰী হৈয়ো মুছলমান সম্প্ৰদায়ৰ লোকৰ সৈতে বিবাশপাশত আৱদ্ধ হোৱাৰ বাবে ৰঞ্জিতাক ঘৰৰ মানুহেও এলাগী কৰা বুলি ৰঞ্জিতাই আমাক জনায়।

উল্লেখযোগ্য যে, বৰ্তমান দুৰ্ভগীয়া আৰিফা ওৰফে ৰঞ্জিতা দেবী একমাত্ৰ সন্তানৰ কথা চিন্তা কৰি লোকৰ ঘৰে ঘৰে কাম-বন কৰি যেনে-তেনে চলি আছে।

তেওঁ কয়, ‘’মই নিজে নাখাই হ’লেও ল’ৰাটোক খুৱাব লাগিব, ল’ৰাটোৱে ভোক সহ্য কৰিব নোৱাৰে। স্বামীৰ পৰিয়ালৰ মানুহেও মোক চোৱা-চিতা নকৰে, কাৰণ তেওঁলোকৰ নিজৰে ঘৰৰ অৱস্থা বেয়া। সেয়ে মই মানুহৰ ঘৰে-ঘৰে কাম কৰি ল’ৰাটোক পোহপাল দি আছো।‘’

আনহাতে, নাহৰফুটুকীয়ে আক্ৰমণ কৰা ঘটনা বিবৰণী জানিব বিচৰাত তেওঁ আমাৰ সাংবাদিকৰ আগত কয়, ‘’সেই দিনটোতো তেওঁ টেম্প’ চলাই ঘৰলৈ দুপৰীয়া ১ মান বজাত ঘৰলৈ আহিছিল। তেনেতে কাষৰে বিদ্যালয়খনৰ পাছফালৰ হাবিত বাঘ ওলাইছে বুলি গম পোৱাত তেওঁ দৌৰি ঘটনাস্থলীত উপস্থিত হয়গৈ। নাহৰফুটুকীটো আৱিৰ্ভাব হোৱা স্কুলখনৰ কোঠাত এটা সৰু ল’ৰা আৱদ্ধ হৈ থকা বুলি আনোৱাৰে জানি মানবীয়তাৰ খাতিৰত বাঘটোৰ সন্মুখৰ পৰা ল’ৰাটোক উদ্ধাৰ কৰে যদিও নাহৰফুটুকীৰ আক্ৰমণত আনোৱাৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। তেওঁক ততাতৈয়াকৈ জিএমচিএইছলৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ অভাৱত চাৰিদিন পাছতেই অৰ্থ্যাৎ ১৬ নবেম্বৰত তেওঁ মৃত্যুক সাবটি লয়।‘’

ধীৰেনপাৰাৰ চম্পাৱতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাষৰে দুৰ্ভগীয়া ৰঞ্জিতাই নৰ্থ ইষ্ট নাওৰ জৰিয়তে বন বিভাগে প্ৰদান কৰিম বুলি ঘোষণা কৰা ৪ লাখ টকা দিবৰ বাবে কাতৰ আহ্বান জনায়।

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd