• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্গা পূজাত গুৱাহাটীত দৰ্শন নাপাব ছাগলী মাংসৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 14, 2018 8:44 pm
mutton-750x375

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে মহা ষষ্ঠী। পূজাৰ আনন্দ উল্লাসত আপুনি জেলেপি বা অন্যান্য মিঠাইৰ সোৱাদ ল’বলৈ পালেও নাপাব ছাগলী মাংসৰ সোৱাদ।

সোমবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ গুৱাহাটীৰ ১৫৬ খন ছাগলী মাংসৰ দোকান বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে গ্ৰে’টাৰ গুৱাহাটী কুৰেশ্বি মীট এচ’ছিয়েশ্বনে।

Apply Now

গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে প্ৰতিবাদত বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে মাংসৰ দোকানসমূহ।

ছাগলী ব্যৱসায়ীৰ সমস্যাৰ বিষয়ে জানিবলৈ পঢ়ক– দুৰ্গা পূজাত দৰ্শন নাপাব ছাগলী মাংসৰ!

যোৱা ৯ অক্টোবৰত গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই নুনমাটিৰ নবাব আনচাৰিৰ ‘আনচাৰি মিট শ্বপ’, আব্দুল ৰাজ্জাকৰ ‘ৰাজ্জাক মিট শ্বপ’ আৰু কায়াম আলিৰ ‘কায়াম মিট শ্বপ’ আগতীয়াকৈ জাননী নিদিয়াকৈ ছীল কৰি দিয়া বাবে সন্থাই এই অনিৰ্দিষ্টকালীন বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সন্থাৰ সাধাৰণ সম্পাদক মকবুল আহমেদে আমাক জানিবলৈ দিয়ে।

পৌৰ নিগমে পৰিচ্ছন্নতা বজাই ৰখাৰ স্বাৰ্থত আদালতৰ নিৰ্দেশ অনুসৰি ছাগলী মাংসৰ দোকানত এই অভিযান চলাই উক্ত দোকান তিনিখন ছীল কৰি দিয়া বুলি জানিব পৰা গৈছে যদিও এই কথা মানি ল’ব নোখোজে গ্ৰেটাৰ গুৱাহাটী কুৰেশ্বি মীট এছ’চিয়েশ্বনে।

সোমবাৰে ভূতনাথৰ ছাগলী বজাৰত গ্ৰেটাৰ গুৱাহাটী কুৰেশ্বি মীট এছ’চিয়েশ্বনে পুৱা ১০ বজাৰ পৰা গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব।

এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, ‘উচ্চ ন্যায়ালয়ে আমাক চৰকাৰী কচাইখানাত গৈ ছাগলী কটাৰ বাবে যি নিৰ্দেশনা দিছে, সেয়া মানি ল’বলৈ আমি প্ৰস্তুত।‘

আনহাতে, জিএমচি কৰ্তৃপক্ষই কচাইখানাত ১২ ঘন্টা তেওঁলোকৰ নিৰীক্ষণত ৰাখি পশু চিকিৎসকৰ হতুৱাই মাংস পৰীক্ষা-নিৰীক্ষা কৰি খোৱাৰ বাবে উপযুক্ত হ’লে চীল-মোহৰ মাৰি বিক্ৰীৰ বাবে  অনুমতি দিয়া প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে। এইক্ষেত্ৰত জিএমচিৰ এই সিদ্ধান্ত মানি ল’ব খোজা নাই কুৰেশ্বি মীট এছ’চিয়েশ্বনে।

এই সন্দৰ্ভত তেওঁ কয়, ‘আমাক মাংসখিনি লগে লগে বা কমেও ডেৰ ঘন্টাৰ ভিতৰত দিব লাগে।এনেকুৱা নিয়ম যদি জি.এম.ছিয়ে কৰে, তেন্তে তেওঁলোকে নিজাকৈ দোকান খোলক, আমাক বাহিৰ কৰি দিয়ক।‘

তদুপৰি দেশৰ কেইবাখনো চহৰ যেনে হাইদৰাবাদ, আহমেদাবাদ, চুৰাট আনকি অসমৰ তেজপুৰত চৰকাৰী কচাইখানাত নিয়ম অনুসৰি ছাগলী কাটি ব্যৱসায়ীসকলে বিক্ৰী কৰি আহিছে বুলি জানিবলৈ দিয়ে মকবুলে।

তেওঁ লগতে কয় যে উল্লেখিত চহৰ কেইখনত চৰকাৰী নিৰ্দেশনা অনুসৰি চিকিৎসকে পৰীক্ষা কৰি ছাগলীটো কটাৰ অনুমতি দিয়ে আৰু কটাৰ পাছতো চিকিৎসকে পৰীক্ষা কৰি মাংস পৰীক্ষা কৰি চৰকাৰী ছীল-মোহৰ মাৰি স্বাস্থ্যসন্মত মাংস হিচাপে বিক্ৰীৰ অনুমতি দিয়ে।

সেয়েহে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই এই নিয়ম গুৱাহাটীতো প্ৰযোজ্য কৰিব লাগে বুলি দাবী জনায় মকবুল আহমেদে।

কিন্তু দুৰ্গা পূজাত বলি দিবলে অনা ছাগলীৰ ক্ষেত্ৰত বজাৰত কোনো অসুবিধাৰ সন্মুখীন হ’ব লগা নহয় ভক্তসকল।

“আমাৰ কুৰেশ্বি বোৰে মাংস নাকাটেও, নেবেচেও। কিন্তু বলিৰ বাবে যিটো ক’লা পাঠা আছে, সেইটো বজাৰত বেপাৰীবোৰে বেছিব পাৰে, তাত বাধা নাই। কিন্তু আমাৰ মানুহখিনিয়ে যদি ঘৰত খাবৰ বাবেও কোনো গ্ৰাহকে কটা মাংস বা গোটা ছাগলীও বিচাৰে তেন্তে সেই ছাগলী নাপায় আমাৰ ওচৰত। আমাৰ এছ’ চিয়েশ্বনৰ সকলো ব্যৱসায়ী এক হৈ আছে। বলিৰ ক’লা পাঠাৰ বাদে খাবলৈ গ্ৰাহকসকলে ছাগলী সমগ্ৰ গুৱাহাটীতে নাপায়। কোনোবাই খালেও গুৱাহাটীৰ বাহিৰৰ পৰা খাব লাগিব,” জনালে আহমেদে।

আনহাতে, গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই গুৱাহাটীৰ ছাগলী ব্যৱসায়ীসকলক শোষণ কৰাৰ গুৰুতৰ অভিযোগ তুলি তেওঁ কয় যে ওপৰত উল্লেখ কৰা চহৰকেইখনৰ কচাইখানাত প্ৰতিটো ছাগলী কটাৰ বিপৰীতে ৪০ টকাকৈ আদায় লয়। ইয়াৰ বিপৰীতে গুৱাহাটী পৌৰ নিগমে প্ৰতিটো ছাগলীৰ বিপৰীতে ১২০ টকাকৈ আদায় লয় বুলি তেওঁ কয়।

উক্ত চহৰকেইখনত প্ৰযোজ্য ধনেই গুৱাহাটী পৌৰ নিগমেও প্ৰযোজ্য কৰিবৰ বাবে নিগমক আহ্বান জনাই গ্ৰেটাৰ গুৱাহাটী কুৰেশ্বি মীট এছ’চিয়েশ্বনে।

অন্য যিয়েই নহওক কিয়, গ্ৰেটাৰ গুৱাহাটী কুৰেশ্বি মিট এছচিয়েশ্বনৰ এই সিদ্ধান্তই ছাগলী মাংসৰ সোৱাদ লৈ ভাল পোৱাসকলক বাৰুকৈয়ে বিমোৰত পেলাইছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

June 3, 2026 8:35 pm
ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

June 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd