• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিন্দু বাঙালী সংগঠনক হুংকাৰ জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ : ১৫০০ কৰ্মীৰে ঘেৰাও কৰিব খানাপাৰাৰ সমাৱেশস্থলী

অসম আকৌ আন এটা 'অসম আন্দোলন'ৰ দিশত গৈ আছে নেকি?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 14, 2018 10:19 pm
Jatiyatabad Punor Nirman Samitee

জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সংবাদমেল।

485
VIEWS
Share on FacebookShare on Twitter

হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়া বিষয়টোক পৃষ্ঠভূমি হিচাপে লৈ অসমত আকৌ অসমীয়া-বাঙালীৰ সংঘাতৰ দুৱাৰ মুকলি কৰা হৈছে নেকি? নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত সমাৱেশ আয়োজন কৰা বাঙালী সংগঠন আৰু বিধেয়কৰ বিৰোধিতা কৰা জাতীয় সংগঠনৰ মুখামুখি সংঘাতে আপাতত তেনে এখন ছবিকে আমাৰ মনলৈ আনি দিছে।

অসমৰ সাম্প্ৰতিক সামাজিক-ৰাজনৈতিক পৰিস্থিতিত প্ৰশ্নটোৱে এতিয়া পুনৰ প্ৰাসংগিকতা লাভ কৰা দেখা গৈছে। বিষয়টোক বেছি গুৰুতৰ কৰি তুলিছে অহা ১৭ নৱেম্বৰত খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত প্ৰায় ২৭টা বাঙালী সংগঠনৰ আহ্বানত  হ’ব লগীয়া বৃহৎ সমাৱেশে।

উল্লেখযোগ্য যে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ দাবীত অহা ১৭ নৱেম্ববৰত সমাৱেশৰ আয়োজন কৰিছে ৰাজ্যখনত সক্ৰিয় হৈ উঠা প্ৰায় ২৭টা বাঙালী সংগঠনৰ যৌথ মঞ্চ Citizenship Rights Protection Forum চমুকৈ চিআৰপিএফে।

আনহাতে বাঙালী সংগঠন কেইটাই যেনেকৈ তেওঁলোকৰ সগোত্ৰীয় লোকসকলৰ স্বাৰ্থক লৈ প্ৰকাশ্যে আৰু দাবী-হুমকিৰে আগ বাঢ়ি আহিছে, একেদৰে জাঙুৰ খাই উঠিছে ৰাজ্যৰ জাতীয় সংগঠনবোৰো।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত সমাৱেশ আয়োজন কৰিব খোজা বাঙালী সংগঠনকেইটাক বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি অহা ৰাজ্যৰ জাতীয়তাবাদী সংগঠনবোৰে এক প্ৰকাৰৰ হুংকাৰ দিয়া দেখা গৈছে। ফলত এক যুদ্ধংদেহি পৰিস্থিতিয়ে গা কৰি উঠিছে।

মন কৰিব লগীয়া যে বাঙালী সংগঠনকেইটাই সমাৱেশ আয়োজনৰ যো-জা চলাই থকাৰ সময়তে আজি এই সমাবেশ ৰোধ কৰাৰ হুংকাৰ দিছে জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, অসমে।

সমাৱেশখনক ‘হিন্দু বঙালীৰ সমাৱেশ’ আখ্যা দি সংগঠনটোৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰি কয় যে এচাম হিন্দু বঙালী লোকৰ সংগঠনে অসমত ‘গৃহযুদ্ধ’ৰ সূচনা কৰিবৰ উদ্দেশ্যে অহা ১৭ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ লোৱা সমাৱেশ যিকোনো মূল্যৰ বিনিময়ত বাধা দিয়া হ’ব।

উক্ত দিনটোত সমিতিৰ ১৫০০ সদস্য আৰু সমৰ্থকে ‘খানাপাৰলৈ ব’লক’ কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ লগতে সমাৱেশস্থলী ঘেৰাও কৰি অৱস্থান ধৰ্মঘট কৰাৰ কথা ঘোষণা কৰে বৈশ্যই।

আনহাতে, জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ তৰফৰ পৰা তেওঁলোকৰ উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত সমৰ্থন জনাবৰ বাবে সকলো ৰাইজলৈ আহ্বান জনায়।

ইয়াৰোপৰি সেই একেখন সংবাদমেলতে তেওঁ কয় “যদি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হয় তেতিয়া ২০১৪ চনেই নালাগে সেইখন আপগ্ৰেইড হৈ হৈ ২০১৮-২০১৯ চনলৈকে অহা বাংলাদেশীয়ে অসম তথা ভাৰতত বসবাস কৰাৰ সুবিধা পাব।”

“যদি তেনেকুৱা হয়, তেন্তে খিলঞ্জীয়া লোকৰ সংখ্যা ১০ শতাংশ তললৈ নামি যাব। তেতিয়া এনে পৰিস্থিত হ’ব যে আমি অসমীয়া ভাষাত কথা পাতিব নোৱাৰিম, প্ৰতিবাদ কৰিলে মাৰধৰ কৰিব।” এইদৰে ৰাজকুমাৰ বৈশ্যই কয়।

তদুপৰি উক্ত সংবাদমেলত তেওঁ দাবী কৰি কয়, “দৰকাৰ হ’লে আত্মজাহ দিয়া হ’ব, কিন্তু আমি পিছুৱাই নাহো।”

তেওঁ লগতে কয়, “বীৰ লাচিতৰ নাম লৈ আমি আকৌ শৰাইঘাটৰ ৰণৰ বাবে সাজু হৈছো।”

আনহাতে, বিজেপি দলটোৱে স্ব-ইচ্ছাৰে ৰাইজৰ মনৰ কথা নুবুজি কাম  কৰে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, “আমি লক্ষ্য কৰিছো, কিছুমান কাম হিটলাৰৰ নাজি বাহিনীয়ে কৰা নাছিল, যিটো কাম বিজেপিয়ে কৰি আছে।”

তেওঁ লগতে সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰি কয়, “সৰ্বানন্দ সোণোৱালে জাতীয় নায়ক হিচাপে গামোচা পিন্ধাৰ পাছত যদি তেওঁৰ জাতিৰ প্ৰতি অলপ হ’লেও আনুগত্য আছিল, সিদিনা মাজুলীত অনুষ্ঠিত হোৱা কাৰ্য্যনিৰ্বাহকতে তেওঁ পদত্যাগ কৰিব লাগিছিল।

Recent News

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

উৎসৱৰ বতৰত উভতনি যাত্ৰাৰ টিকটত ২০% ৰেহাই ঘোষণা ৰে’লৱেৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিপজ্জনক বুলি ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰীৰ! তীব্ৰ প্ৰতিক্ৰিয়া আম আদমি পাৰ্টীৰ

১৫ আগষ্টত আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাধান হ’বনে?

১৫ আগষ্টত আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমাধান হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd