• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিন্দু বাঙালী সংগঠনক হুংকাৰ জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ : ১৫০০ কৰ্মীৰে ঘেৰাও কৰিব খানাপাৰাৰ সমাৱেশস্থলী

অসম আকৌ আন এটা 'অসম আন্দোলন'ৰ দিশত গৈ আছে নেকি?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 14, 2018 10:19 pm
Jatiyatabad Punor Nirman Samitee

জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সংবাদমেল।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়া বিষয়টোক পৃষ্ঠভূমি হিচাপে লৈ অসমত আকৌ অসমীয়া-বাঙালীৰ সংঘাতৰ দুৱাৰ মুকলি কৰা হৈছে নেকি? নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত সমাৱেশ আয়োজন কৰা বাঙালী সংগঠন আৰু বিধেয়কৰ বিৰোধিতা কৰা জাতীয় সংগঠনৰ মুখামুখি সংঘাতে আপাতত তেনে এখন ছবিকে আমাৰ মনলৈ আনি দিছে।

অসমৰ সাম্প্ৰতিক সামাজিক-ৰাজনৈতিক পৰিস্থিতিত প্ৰশ্নটোৱে এতিয়া পুনৰ প্ৰাসংগিকতা লাভ কৰা দেখা গৈছে। বিষয়টোক বেছি গুৰুতৰ কৰি তুলিছে অহা ১৭ নৱেম্বৰত খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত প্ৰায় ২৭টা বাঙালী সংগঠনৰ আহ্বানত  হ’ব লগীয়া বৃহৎ সমাৱেশে।

Apply Now

উল্লেখযোগ্য যে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ দাবীত অহা ১৭ নৱেম্ববৰত সমাৱেশৰ আয়োজন কৰিছে ৰাজ্যখনত সক্ৰিয় হৈ উঠা প্ৰায় ২৭টা বাঙালী সংগঠনৰ যৌথ মঞ্চ Citizenship Rights Protection Forum চমুকৈ চিআৰপিএফে।

আনহাতে বাঙালী সংগঠন কেইটাই যেনেকৈ তেওঁলোকৰ সগোত্ৰীয় লোকসকলৰ স্বাৰ্থক লৈ প্ৰকাশ্যে আৰু দাবী-হুমকিৰে আগ বাঢ়ি আহিছে, একেদৰে জাঙুৰ খাই উঠিছে ৰাজ্যৰ জাতীয় সংগঠনবোৰো।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত সমাৱেশ আয়োজন কৰিব খোজা বাঙালী সংগঠনকেইটাক বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি অহা ৰাজ্যৰ জাতীয়তাবাদী সংগঠনবোৰে এক প্ৰকাৰৰ হুংকাৰ দিয়া দেখা গৈছে। ফলত এক যুদ্ধংদেহি পৰিস্থিতিয়ে গা কৰি উঠিছে।

মন কৰিব লগীয়া যে বাঙালী সংগঠনকেইটাই সমাৱেশ আয়োজনৰ যো-জা চলাই থকাৰ সময়তে আজি এই সমাবেশ ৰোধ কৰাৰ হুংকাৰ দিছে জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, অসমে।

সমাৱেশখনক ‘হিন্দু বঙালীৰ সমাৱেশ’ আখ্যা দি সংগঠনটোৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰি কয় যে এচাম হিন্দু বঙালী লোকৰ সংগঠনে অসমত ‘গৃহযুদ্ধ’ৰ সূচনা কৰিবৰ উদ্দেশ্যে অহা ১৭ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ লোৱা সমাৱেশ যিকোনো মূল্যৰ বিনিময়ত বাধা দিয়া হ’ব।

উক্ত দিনটোত সমিতিৰ ১৫০০ সদস্য আৰু সমৰ্থকে ‘খানাপাৰলৈ ব’লক’ কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ লগতে সমাৱেশস্থলী ঘেৰাও কৰি অৱস্থান ধৰ্মঘট কৰাৰ কথা ঘোষণা কৰে বৈশ্যই।

আনহাতে, জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ তৰফৰ পৰা তেওঁলোকৰ উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত সমৰ্থন জনাবৰ বাবে সকলো ৰাইজলৈ আহ্বান জনায়।

ইয়াৰোপৰি সেই একেখন সংবাদমেলতে তেওঁ কয় “যদি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হয় তেতিয়া ২০১৪ চনেই নালাগে সেইখন আপগ্ৰেইড হৈ হৈ ২০১৮-২০১৯ চনলৈকে অহা বাংলাদেশীয়ে অসম তথা ভাৰতত বসবাস কৰাৰ সুবিধা পাব।”

“যদি তেনেকুৱা হয়, তেন্তে খিলঞ্জীয়া লোকৰ সংখ্যা ১০ শতাংশ তললৈ নামি যাব। তেতিয়া এনে পৰিস্থিত হ’ব যে আমি অসমীয়া ভাষাত কথা পাতিব নোৱাৰিম, প্ৰতিবাদ কৰিলে মাৰধৰ কৰিব।” এইদৰে ৰাজকুমাৰ বৈশ্যই কয়।

তদুপৰি উক্ত সংবাদমেলত তেওঁ দাবী কৰি কয়, “দৰকাৰ হ’লে আত্মজাহ দিয়া হ’ব, কিন্তু আমি পিছুৱাই নাহো।”

তেওঁ লগতে কয়, “বীৰ লাচিতৰ নাম লৈ আমি আকৌ শৰাইঘাটৰ ৰণৰ বাবে সাজু হৈছো।”

আনহাতে, বিজেপি দলটোৱে স্ব-ইচ্ছাৰে ৰাইজৰ মনৰ কথা নুবুজি কাম  কৰে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, “আমি লক্ষ্য কৰিছো, কিছুমান কাম হিটলাৰৰ নাজি বাহিনীয়ে কৰা নাছিল, যিটো কাম বিজেপিয়ে কৰি আছে।”

তেওঁ লগতে সৰ্বানন্দ সোণোৱালক কটাক্ষ কৰি কয়, “সৰ্বানন্দ সোণোৱালে জাতীয় নায়ক হিচাপে গামোচা পিন্ধাৰ পাছত যদি তেওঁৰ জাতিৰ প্ৰতি অলপ হ’লেও আনুগত্য আছিল, সিদিনা মাজুলীত অনুষ্ঠিত হোৱা কাৰ্য্যনিৰ্বাহকতে তেওঁ পদত্যাগ কৰিব লাগিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd