উত্তৰ পূব গণতান্ত্ৰিক মৰ্চাৰ আহ্বায়ক তথা অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মিজোৰামৰ সজীৱ আৰু জৈৱিক পদ্ধতিৰে উৎপাদন কৰা ফলমূল আৰু শাক-পাচলিয়ে প্ৰলুব্ধ কৰিছে বুলি জানিব পৰা গৈছে। মিজোৰামত নিৰ্বাচনী প্ৰচাৰৰ বাবে বাহৰ পাতি থকা মন্ত্ৰীগৰাকীয়ে নিৰ্বাচন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে ৰাজ্যখনৰ পৰা উভতি আহিছে।
উল্লেখ্য যে বিজেপিৰ সভাপতি অমিত শ্বাহ গুৱাহাটীত উপস্থিত হৈ এখন বিবাহ অনুষ্ঠানত উপস্থিত থাকে তাৰ পাছত তেওঁ অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ কুমাৰ দাসৰ সৈতে কামাখ্যা মন্দিৰ দৰ্শন কৰে। ড০ হিমন্ত বিশ্ব শৰ্মাই শৰ্মা নিৰ্বাচনী প্ৰচাৰৰ বাবে আইজল ভ্ৰমণলৈ অহা বিজেপিৰ কেন্দ্ৰীয় সভাপতিগৰাকীৰ সৈতে আইজল ভ্ৰমণত আহিছে।
গুৱাহাটীলৈ অহাৰ সময়ত অসমৰ বিত্ত মন্ত্ৰীগৰাকীয়ে আইজলৰ লেংপুই বিমান বন্দৰৰ ওচৰৰ এখন বজাৰত কিছু বজাৰ-সমাৰ কৰাৰ সময়ত প্ৰকাশ কৰে যে মিজোৰামৰ সতেজ আৰু জৈৱিক পদ্ধতিৰে উৎপাদন কৰা ফলমূল আৰু শাক-পাচলিয়ে তেওঁক প্ৰলোভিত কৰি মিজোৰামলৈ লৈ আহিছে।
বৃহস্পতিবাৰে শৰ্মাই টুইট কৰিছিল, ‘‘মিজোৰামে বিমুগ্ধ নকৰি নোৱাৰে (Mizoram doesn’t ever fail to mesmerize!)’’
মিজোৰামৰ প্ৰাকৃতিক সৌন্দৰ্যৰ উপৰিও এই ঠাইখনৰ সতেজ আৰু জৈৱিকভাৱে উৎপাদন কৰা ফলমূল আৰু শাক-পাচলিয়েও প্ৰলোভিত কৰে। মই গুৱাহাটীলৈ উভতি অহাৰ পথত লেংপুই বিমান বন্দৰৰ কাষৰ এখন বজাৰত বস্তু ক্ৰয় কৰাৰ বাবে সোমাইছিলোঁ।