• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতীক হাজেলাৰ ‘পাৱাৰ পইণ্ট প্ৰেজেনটেশ্যন’ত সন্তুষ্ট নহয় আমছু

পাঁচ নথিৰ সমৰ্থনত আদালতত দাখিল কৰিব প্ৰতিবেদন

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 29, 2018 10:47 pm
Prateek-Hajela-570x320

এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা। ফাইল ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে পূৰ্বতে গ্ৰহণযোগ্য ১৫ প্ৰকাৰৰ নথিৰ পাঁচ প্ৰকাৰ বাতিল কৰা সন্দৰ্ভত ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই দিয়া ‘পাৱাৰ পইণ্ট প্ৰেজেনটেশ্যন’ত আশ্বস্ত হ’ব পৰা নাই প্ৰতিপক্ষ আমছু। গতিকে বাতিল কৰা পাঁচ প্ৰকাৰৰ নথি পুনৰ প্ৰৱৰ্তনৰ আবেদন জনাই কাইলৈ উচ্চতম ন্যায়ালয়ত সংগঠনটোৱে প্ৰতিবেদন দাখিল কৰিব।

এই সন্দৰ্ভত আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে আজি নৰ্থ-ইষ্ট নাওক কয়, ‘প্ৰতীক হাজেলাই নিজৰ ব্যৰ্থতা ঢাকিবলৈ পাঁচ প্ৰকাৰৰ নথি বাতিল কৰিবলৈ যুক্তি প্ৰদৰ্শন কৰিছে। এই পাঁচ প্ৰকাৰৰ নথি আমাক লাগিবই, এই বিষয়ত আমি উচ্চতম ন্যায়ালয়ক জনাম’।

ৰহমানে জনোৱা অনুসৰি এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই পাৱাৰ পইণ্ট প্ৰেজেন্টেশ্যনত কিছু সংখ্যক লোকে ১৯৫১ চনৰ এন আৰ চি আৰু ১৯৭১ চনৰ আগৰ ভোটাৰ তালিকাত নিজৰ পূৰ্বপুৰুষৰ নাম নথকা স্বত্বেও অন্য লোকৰ লিগেচি ডাটা কোড ব্যৱহাৰ কৰি এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিছে বুলি তথ্য দাঙি ধৰিছে।

কিন্তু ইয়াক প্ৰত্যাহ্বান জনাই ৰহমানে কয় যে যিসকল বিদেশীয়ে ভুৱা নথিৰে ভাৰতীয় নাগৰিক হৈ আছে তেওঁলোকক চিনাক্ত কৰিবলৈহে এন আৰ চি প্ৰস্তুত কৰা হৈছে। ‘গতিকে প্ৰতীক হাজেলাই সেইসকলক চিনাক্ত কৰক’ তদুপৰি ‘কিছু সংখ্যক লোকে অসৎ উপায়েৰে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ চেষ্টা চলালে বুলিয়েই সকলো লোকেই এইদৰে আনৰ লিগেচি ডাটা কোড ব্যৱহাৰ কৰা বুলি ধৰি লোৱাতো উচিত নহ’ব’- তেওঁ কয়।

এন আৰ চিৰ ৮০ শতাংশ কাম শেষ হৈ যোৱাৰ পিছত এতিয়া যিবিলাক কথা কৈ প্ৰতীক হাজেলাই পক্ৰিয়াটোৰ নিয়ম সলনি কৰিব খোজিছে তাৰ দ্বাৰা তেওঁৰ ব্যৰ্থতা হে প্ৰমাণ হৈছে বুলি ৰহমানে লগতে কয়।

উল্লেখযোগ্য যে, যোৱা ২৩ অক্টোবৰত উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাক অসম চৰকাৰৰ বিষয়া তথা অধিবক্তা, কেন্দ্ৰীয় চৰকাৰৰ বিষয়া তথা অধিবক্তা, বিভিন্ন সংগঠনৰ নেতৃত্বক কিয় এই পাঁচটা নথি দাবী-আপত্তি পৰ্যায়ত ব্যৱহাৰ কৰিব নালাগে, সেই সম্পৰ্কে ২৬ অক্টোবৰৰ ভিতৰত বিস্তাৰিতভাৱে জনাবলৈ নিৰ্দেশ দিছিল।

লগতে গোচৰৰ প্ৰতিপক্ষ প্ৰতিটো সংগঠনক প্ৰতীক হাজেলাৰ প্ৰতিবেদন আৰু পাৱাৰ পইণ্ট প্ৰেজেণ্টেইশ্যন চাই ইয়াৰ ওপৰত নিজৰ নিজৰ স্থিতি তথা মত শপতনামা আকাৰে অহা ৩০ অক্টোবৰৰ ভিতৰত উচ্চতম ন্যায়ালয়ত দাখিল কৰিবলৈ আহ্বান জনাইছিল।

এই শপতনামাৰ আধাৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিন্তন ফলি নৰিমানৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠে অহা ১ নৱেম্বৰত পুনৰ শুনানি গ্ৰহণ কৰিব।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd