• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অখিল গগৈৰ নেতৃত্বত গঢ়ি উঠা প্ৰতিবাদত শংকিত বিজেপি? সংবাদমেলৰ বিষয় হ’ল কৃষক মুক্তিৰ নেতাজন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 30, 2018 8:45 pm
Akhil-Awal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অখিল গগৈৰ নেতৃত্বত গঢ়ি উঠা প্ৰতিবাদৰ ব্যাপকতা আৰু প্ৰৱলতা দেখি শংকিত হৈছে নেকি ৰাজ্যিক বিজেপি? আজি দলটোৱে এখন সংবাদমেল দি তাৰেই ইংগিত দিলে।

আজি দলটোৱে হেঙেৰাবাৰীস্থিত দলৰ মুখ্য কাৰ্য্যালয়ত এখন সংবাদ মেল দিয়ে, যাৰ মূল বিষয় হ’ল কৃষক মুক্তিৰ নেতা অখিল গগৈ। সংবাদমেলত দলটোৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালে অখিল গগৈ সন্দৰ্ভত কেইবাটাও আক্ৰমণাত্মক মন্তব্য কৰে। তেওঁ অখিলক কেতিয়াবা জাতীয়তাবাদী, কেতিয়াবা মাওবাদী আৰু সকলো সময়তে সুবিধাবাদী বুলি অভিহিত কৰে।

Apply Now

“অখিল গগৈ এজন বহুৰূপী ব্যক্তি, অসমৰ সমাজ জীৱনত অখিল গগৈৰ ভিন্নৰঙী অৱস্থান অসমৰ ৰাইজে দেখিবলৈ পাইছে। কেতিয়াবা তেওঁ জাতীয়তাবাদী, কেতিয়াবা তেওঁ মাওবাদী আৰু সকলো সময়তে সুবিধাবাদী।” এইদৰে কয় মুমিনুল আৱালে।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি এক বৃহৎ আন্দোলনৰ সৃষ্টি তথা ৰাইজৰ মাজত বিধেয়কখনৰ বিৰুদ্ধে প্ৰৱল জনমত গঠন কৰিবলৈ অহৰহ চেষ্টা কৰি আছে কৃষক নেতা অখিল গগৈয়ে। আনহাতে ৰাজ্যিক বিজেপিয়ে এই বিধেয়কখন যেনে-তেনে হোৱাটো বিচাৰি আছে।

নিজৰ ৰাজনৈতিক অভিসন্ধি আৰু ভোটৰ ৰাজনীতিত অখিলৰ আন্দোলনে আনিব পৰা বাধাক লৈ শংকিত হোৱাটোকে প্ৰমাণ কৰিলে ৰাজ্যিক বিজেপিৰ আজিৰ সংবাদমেলে। কাৰণ এটা প্ৰধান ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক নেতৃত্বই এজন আন্দোলনকাৰী নেতাক মূল বিষয় হিচাপে লৈ সংবাদমেল দিয়াটোৰ অন্য তাৎপৰ্য্য নিঃসন্দেহে কম গুৰুত্বপূৰ্ণ।

আন এটা মন কৰিব লগীয়া কথা হ’ল আজিৰ সংবাদমেলত দলটোৰ মুখপাত্ৰ মুমিনুল আৱালে শিলাদিত্যৰ সুৰতে কথা কয়। “অসম চুক্তিৰ সুযোগত ভাৰতীয় নাগৰিকত্ব লাভ কৰা একাংশ মানুহৰ বোকোচাত উঠি আন্দোলন কৰে অখিল গগৈয়ে।” আৱালৰ মন্তব্য।

আনহাতে তেওঁ কেৱল অখিল গগৈৰ বিৰুদ্ধে ক’বলৈ গৈয়ে শেহতীয়াকৈ ৰাজ্যৰ অৰ্ধ শতাধিক সংগঠনে কৰি থকা আন্দোলনটোক এক প্ৰকাৰৰ উপলুঙা কৰে। “বে-দখলকাৰীৰ পক্ষত থিয় হৈ কৰা আন্দোলনক ‘জাতীয় আন্দোলন’ নাম দিয়ে। কিন্তু অসমীয়া কৃষ্টি-সংস্কৃতিৰ মূল পীঠ সত্ৰসমূহৰ মাটি বে-দখল সন্দৰ্ভত তেওঁ নিমাত।” এয়া আছিল মুমিনুলৰ আন এটা মন্তব্য।

তেওঁ ‘নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে ১ কোটি ৯০ লাখ হিন্দু বাংলাদেশী অসমত থিতাপি ল’ব বুলি কৈ অখিল গগৈয়ে অসমৰ ৰাইজৰ মাজত অখিল গগৈয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰা’ বুলি কয়।

মুমিনুল অভিযোগ কৰে, “অখিল গগৈয়ে বাংলাদেশী মূলৰ মূছলমানৰ স্বাৰ্থ বিঘ্নিত হোৱা একো কামেই নকৰে।”

ইয়াৰোপৰি বিজেপিৰ মুখপাত্ৰগৰাকীয়ে সংবাদমেলতে  অখিল গগৈৰ আহোম পৰিচয়ক লৈও ইতিকিং কৰে। বিতৰ্কিত মন্তব্যৰে তেওঁ কয়, “অখিলে ‘অসমৰ বাবে নহয়, ‘অহম’ (আহোম)ৰ বাবেহে কাম কৰিছে। ‘অসমীয়া’ৰ বাবে চিন্তা কৰাতকৈ ‘অহমীঞা’ৰ বাবেহে অখিল গগৈয়ে চিন্তা কৰে।”

‘অসমক ত্ৰিপুৰা, কাশ্মীৰ হ’বলৈ নিদিওঁ’ বুলি অখিল গগৈয়ে যি হুংকাৰ দি আছে, তাত সু-পৰিকল্পিত ষড়যন্ত্ৰ লুকাই থকা বুলিও সংবাদমেলত দাবী কৰে আৱালে।

উল্লেখযোগ্য যে সংবাদমেলত বিজেপিৰ নেতাজনে দিয়া ভাষ্যৰ অনুৰূপ কথা আজি একাংশ ছপা সংবাদ মাধ্যমেও প্ৰকাশ কৰা দেখা গৈছে। হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বিজেপিৰ অভিপ্ৰায়ৰ সৈতে তাল মিলোৱা এই সংবাদগোষ্ঠীয়ে অখিলৰ নেতৃত্বত চলা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চলা আন্দোলনত আমছু জড়িত হোৱা বাবেই অখিলক বাংলাদেশী মুছলমানৰ পৃষ্ঠপোষক সজাব খোজা দেখা গৈছে।

প্ৰশ্ন হয়, অখিল গগৈক ব্যক্তিগত আক্ৰমণেৰে তেওঁৰ নেতৃত্বত চলা নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনক ব্যৰ্থ কৰাৰ ষড়যন্ত্ৰত নামিছে নেকি অসমৰে কিছুমান শক্তিশালী পক্ষ, যিসকলে বিলখনৰ সমৰ্থন কৰে বা হিন্দু বাংলাদেশীৰ নাগৰিকত্বক সমৰ্থন কৰে?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd