কংগ্ৰেছৰ প্ৰাক্তন সমাজকল্যাণ বিভাগৰ মন্ত্ৰী তথা দিচপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক অকন বৰাই কংগ্ৰেছৰ শাসনকালতেই বেলতলাত সাজিছিল বিল্ডিং। কিন্তু প্ৰশ্ন হৈছে উক্ত অট্টালিকাত পৰিব নেকি প্ৰশাসনৰ এক্সকেভেটৰৰ হাতোৰাৰ আঁচোৰ? কিয়নো অকন বৰাই সেই অট্টালিকাটো নিৰ্মাণ কৰিছিল চৰকাৰী ভূমিত।
লক্ষণীয় কথা যে কামৰূপ মহানগৰ জিলাৰ বেলতলা মৌজাৰ ১ নং মৈদাম গাঁৱৰ ২৫৭৩ নং দাগৰ ৬৩৬ আৰ জমীৰ মাটিখিনি চৰকাৰী মাটি। সেই মাটিখিনিতে অকন বৰাই বিল্ডিং সাজি কেইবাবছৰো ধৰি বসবাস কৰি আহিছে।
আনহাতে ৩১ অক্টোবৰত প্ৰাক্তন মন্ত্ৰীগৰাকীলৈ দিচপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ স্বাক্ষৰ সম্বলিত এখন জাননী প্ৰেৰণ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীলৈ। লগতে মন্ত্ৰীগৰাকীক অসম ভূমি ৰাজহ আইন ১৮৮৬ অধিনিয়মৰ ১৮(৩)(ক) অনুসৰি অহা ১৫ দিনৰ ভিতৰত উক্ত চৰকাৰী মাটিখিনি বেদখলমুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে উক্ত জাননীৰ জৰিয়তে।
অনথ্যা উক্ত আইনৰ নিয়মানুসৰি যদি উক্ত চৰকাৰী ভূমি বেদখলমুক্ত নকৰে তেন্তে প্ৰশাসনৰ ফালৰ পৰা উচ্ছেদ কাৰ্য্য সম্পন্ন কৰি চৰকাৰী নিয়মমতে কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উচ্ছেদৰ জাননীখনত উল্লেখ আছে।
উল্লেখযোগ্য যে উক্ত দাগৰ চৰকাৰী মাটিখিনি বেদখল কৰি থকা অকন বৰাৰ এই তথ্য পোহৰলৈ আনিছিল আৰ টি আই কৰ্মী দুলাল বৰাই। তদুপৰি বৰাই ২৫৭৩ নম্বৰৰ চৰকাৰী দাগত অৱস্থিত বেলতলা বাথৌ মন্দিৰৰ পূব দিশে পানী অহা-যোৱা কৰা নলাটো আৰু বাথৌ মন্দিৰৰ মাটি দখল কৰি আছিল বুলি চলিত বৰ্ষৰ জুন মাহত মহানগৰ জিলা উপায়ুক্তক অভিযোগ দাখিল কৰিছিল। অভিযোগ দাখিল কৰাৰ পাছতো প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁ যোৱা ১০ জুলাইত মুখ্য মন্ত্ৰীলৈ উক্ত মাটি বেদখল মুক্ত কৰিবলৈ আবেদন জনাই পত্ৰ প্ৰেৰণ কৰিছিল।
তাৰ পাছতেই কালি দিচপুৰ ৰাজহ চক্ৰ বিষয়াৰ তৰফৰ পৰা এই জাননী প্ৰেৰণ কৰা হৈছে যদিও অহা ১৫ দিনৰ পাছত সঁচাকৈয়ে এক্সকেভেটৰৰ হাতোৰা পৰিবনে সেইক্ষেত্ৰত এক প্ৰশ্ন উত্থাপন হৈছে।