• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত ব্যাপক অনিয়মৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 14, 2018 2:43 pm
IMG_20181114_121414
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বজালী শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰিচালনাত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ উত্থাপিত কৰিছে মহাবিদ্যালয়খনৰ সৈতে জন্মলগ্নৰে পৰা জড়িত থকা পৰিচালনা সমিতিৰ ৩গৰাকী সদস্যই। এই সদস্যসকলে ইতিমধ্যে মহাবিদ্যালয়খনৰ ভিতৰচৰাত সংঘটিত হৈ থকা অনিয়মসমূহ উল্লেখ কৰি শিক্ষা প্ৰতিষ্ঠানখনৰ শৈক্ষিক বাতাৱৰণ অক্ষুন্ন ৰাখিবলৈ শিক্ষামন্ত্ৰীৰ ওপচৰত এখন আবেদন জনাইছে।

উল্লেখ্য যে বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়খনে ২৫ বছৰ সম্পূৰ্ণ কৰিছে। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীন প্ৰতিষ্ঠান আৰু এনচিইআৰটিৰ (NCERT)দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।

Apply Now

শেহতীয়াভাৱে উল্লেখ্য যে পৰিচালনা সমিতিৰ সভাপতি, পাটাছাৰকুছি বিদ্যাপীঠৰ  অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক (ইংৰাজী) ভাৱিত হালৈৰ কাৰ্যকাল ২০১৯ চনৰ ১৯ আগষ্টলৈকে থকা সত্তেও মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতিজনক ২০১৮ৰ জুন মাহত তেখেতৰ স্থানত স্থানীয় বিধায়ক পবিন্দ্ৰ ডেকাক স্থানাভিভুক্ত কৰা হৈছে।

উল্লেখ্য যে বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ভিতৰচ’ৰাত চলি থকা ব্যাপক অনিয়মৰ প্ৰতিবাদত পৰিচালনা সমিতিৰ ৩গৰাকী সদস্যই এখন সভাৰ পৰা ওলাই গৈছিল। তেখেতসকলে এই বিষয়টো ঊৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰে তেখেতসকলৰ অভিযোগ সম্পৰ্কে অধ্যক্ষৰ ওচৰত এখন আৱেদন জনায়। মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য ৩গৰাকী হৈছে পাটাছাৰকুছি ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক অতুল চন্দ্ৰ শৰ্মা, পাটাছাৰকুছি বিদ্যাপীঠৰ  অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ভাৱিত হালৈ, হাফলং চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধৰণীধৰ ৰয়।

তেওঁলোকে জনাইছে যে এছচিইআৰটিয়ে (SCERT) নীতি বহিৰ্ভুতভাৱে জাৰি কৰা এটা নিৰ্দেশেৰে শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ  সভাপতিগৰাকীক আঁতৰাই সমষ্টিৰ বিধায়কগৰাকীক এই দায়িত্ব প্ৰদান কৰা হৈছিল।   মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিক পৰিৱৰ্তন কৰাৰ প্ৰক্ৰিয়াত সদস্যসকলে আশ্চৰ্য প্ৰকাশ কৰে। তেখেতসকলে এছচিআৰটিৰ (SCERT) সঞ্চালক সাক্ষাৎ কৰি অনুষ্ঠানটোৱে নতুন পভাপতি মনোনীত কৰিব পাৰে নেকি তাক লৈ প্ৰশ্নৰ অৱতাৰণা কৰে। এগৰাকী ৰাজনৈতিক নেতাই কেনেদৰে মহাবিদ্যালয় পৰিচালনা সমিতিক নেতৃত্ব দিব পাৰে তাকে লৈও তেখেতসকলে সঞ্চালকগৰাকীক প্ৰশ্ন কৰে।

উল্লেখ্য যে এছচিআৰটিৰ সঞ্চালকৰ এখন পত্ৰ যোগে পৰিচালনা সমিতিৰ সভাপতিক মনোনীত কৰা হৈছিল। এছচিআৰটিৰ সঞ্চালক ড০ নিৰদা দেৱীয়ে বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হোমেশ্বৰ দাসৰ পত্ৰৰ উত্তৰত SCERT/ACA/NCTE/268/2017/110 নং পত্ৰ যোগে গুৱাহাটীৰ পৰা ২০১৮ৰ ১৮ মে’ত    পৰিচালনা সমিতিৰ সভাপতি মনোনীত কৰিছিল।

এটা বিশেষ সূত্ৰযোগে জানিব পৰা মতে মহাবিদ্যালয়খনত শিক্ষাৰ্থী হিচাপে পৰীক্ষাত অৱতীৰ্ণ হোৱা চন্দনা দেৱী নামৰ এগৰাকী ছাত্ৰীয়ে অসমৎ উপায় অৱলম্বন কৰোঁতে তদানিন্তন সভাপতিগৰাকীয়ে সেই ছাত্ৰীগৰাকীক নিলম্বলন কৰে আৰু বিষয়টো লৈ অধ্যক্ষগৰাকীৰ সৈতে সভাপতিগৰাকীৰ মত বিৰোধ হয়। ইয়াৰ পাছত পৰৱৰ্তী ঘটনা আগবাঢ়ে।

সভাপতি মনোনীত কৰা পত্ৰখনৰ এছচিইআৰটিৰ কাৰ্যালয়ৰ প্ৰতিলিপি আৰু বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰতিলিপিৰ তাৰিখ আৰু নম্বৰ একে যদিও বিষয়বস্তু পৃথক পৃথক। বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰতিলিপিটোত সঞ্চালকগৰাকীয়ে সভাপতি আৰু এগৰাকী সদস্য মনোনীত কৰিছে কিন্তু এনচিআৰটিৰ প্ৰতিলিপিটোত স্পষ্টকৈ উল্লেখ কৰা আছে যে পৰিচালনা সমিতিৰ সভাপতিগৰাকীক নিৰ্বাচন কৰাৰ ক্ষেত্ৰত মহাবিদ্যালয়খন অংশীদাৰ হৈ থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে বিষয়টো উত্থাপন কৰাৰ বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীক অনুৰোধ জনোৱা হৈছে।

পৰিচালনা সমিতিৰ সদস্য সকলে কেনেদৰে পত্ৰখনৰ বক্তব্য বিষয় ভিন্ন হ’ব পাৰে তাৰ ওপৰতো প্ৰশ্নৰ অৱতাৰণা কৰিছে। শিক্ষা মন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰখনত কিয় এছচিআৰটিয়ে অসমৰ ৩৭ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ভিতৰত কেবল বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত কেনেকৈ এগৰাকী ৰাজনৈতিক নেতাক পৰিচালনা সমিতিৰ সভাপতি মনোনীত কৰিব পাৰে প্ৰশ্নৰ অৱতাৰণা কৰা হয়। তাৰোপৰি, ছাত্ৰসকলৰ পৰা জধে-মধে জৰিমণা আদায় কৰা আদিৰ কথাও উৱতাৰণা কৰা হয়। অধ্যক্ষ গৰাকীয়ে শিক্ষক কৰ্মচাৰীক মানসিক নিৰ্যাতন চলাই আহিছে, বিজ্ঞাপন অবিহনে কৰ্মচাৰী মকৰল কৰা, পৰিচালনা সমিতিয়ে এম এড পৰীক্ষাত বহিস্কাৰ কৰা শিক্ষক এজনৰ বহিস্কৰণ প্ৰত্যাহাৰ কৰা, কোনো সঠিত হিচাপ পৰীক্ষণ নোহোৱা ইত্যাদি ভালেমান বিষয়লৈ আঙুলিয়াই দিয়ে।

ইতিমধ্যে নতুন পৰিচালনা সমিতিয়ে পূৰ্বৰ পৰিচালনা সমিতিৰ সদস্যসকললৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। পূৰ্বৰ পৰিচালনা সমিতিৰ সদস্যসকলে ইয়াৰ উত্তৰো ইতিমধ্যে দাখিল কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd