• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অবৈধ বিদেশীয়ে অসম এৰি যাব লাগিবই : মন্দিয়াৰ জনসভাত অখিল গগৈ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
November 19, 2018 8:48 pm
7c577914-bd19-4e00-8dae-e231f625ea3b

বৰপেটাৰ মন্দিয়াত জনসভাত ভাষণ দিছে অখিল গগৈয়ে। ফটো : নৰ্থইষ্ট নাও

250
VIEWS
Share on FacebookShare on Twitter

“অবৈধ বিদেশীয়ে অসম এৰি যাব লাগিবই”-এই হুংকাৰ কৃষক নেতা অখিল গগৈৰ। বৰপেটাৰ মন্দিয়াত কেইবা সহস্ৰাধিক ৰাইজৰ লগত সমস্বৰে ধ্বনি দি কৃষক নেতাগৰাকীয়ে এই হুংকাৰ দিয়ে ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল, ভূমিহীন লোকক ভূমি প্ৰদানৰ লগতে কৃষকৰ সমস্যা সমাধানৰ দাবীত বৰপেটা জিলাৰ মন্দিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিৰ আহ্বানত অনুষ্ঠিত বিশাল জনসভাত কৃষক নেতা অখিল গগৈ, গান্ধীবাদী নেতা সন্দ্বীপ পাণ্ডেকে আদি কৰি প্ৰায় কুৰি জনীয়া সংবিধান সন্মান যাত্ৰাৰ দল এটাই অংশ গ্ৰহণ কৰে।

কেইবা সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অখিল গগৈয়ে ভাষণ প্ৰসংগত  কয় যে, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰালৈকে বিধেয়ক বিৰোধী আন্দোলন অব্যাহত থাকিব ৷

উল্লেখ্য যে, গান্ধী জয়ন্তীৰ দিনা দেশৰ ৰাজধানী চহৰ দিল্লীৰ পৰা নেচনেল এলায়েঞ্চ ফৰ পিপুলছ ম’ভমেন্টৰ উদ্যোগত আৰম্ভ কৰা সংবিধান সন্মান যাত্ৰাৰ দলে আহি আজি অংশ লয় এইখন সভাত।

ভাৰতৰ বিভিন্ন প্ৰদেশৰ পৰা ২০ জনীয়া দলেৰে গঠিত যাত্ৰাৰ দলটোক নেতৃত্ব প্ৰদান কৰিছে নৰ্মদা বাচাও আন্দোলনৰ নেত্ৰী মেধা পাটকাৰ, গান্ধীবাদী নেতা সন্দ্বীপ পাণ্ডেই।

মন্দিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি বিয়লি অনুষ্ঠিত বিশাল জনসভাত অংশ গ্ৰহণ কৰি ভাষণ প্ৰসংগত গান্ধীবাদী নেতা সন্দ্বীপ পাণ্ডেই কয় যে, সকলো ধৰ্মাৱলম্বী লোকে মিলিজুলি এই দেশত বসবাস কৰিছিল যদিও বিজেপিয়ে ধৰ্ম আৰু জাত-পাতৰ ৰাজনীতি কৰি সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিছে।

তামিলনাডুৰ পৰা অহা প্ৰফেছৰ গেভৰিয়েলে এই সভাত অংশ গ্ৰহণ কৰি ভাষণ প্ৰসংগত দক্ষিণ ভাৰতৰ কৃষক সকলে দিল্লীত অনুষ্ঠিত কৰা বিশাল প্ৰতিবাদী কাৰ্যসূচীক সোঁৱৰাই দিয়ে।

দিল্লীৰ পৰা অহা জন আন্দোলনৰ নেতা ভূপেন্দ্ৰ সিং ৰাৱাটেও এই বিশাল জন সভাত ভাষণ প্ৰদান কৰে। অৱশ্যে আজিৰ এই সভাত নৰ্মদা বাচাও আন্দোলনৰ নেত্ৰী মেধা পাটকাৰ অহাৰ কথা আছিল যদিও তেওঁ উপস্থিত নহ’ল।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd