• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাইলৈ যুটীয়া সংসদীয় কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক : প্ৰতিজন সদস্যৰ মত ল’ব অধ্যক্ষ ৰাজেন্দ্ৰ আগ্ৰৱালে

যুটীয়া সংসদীয় কমিটীৰ অধ্যক্ষক সাক্ষাৎ অগপৰ প্ৰতিনিধিৰ

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
November 19, 2018 10:41 pm
কাইলৈ যুটীয়া সংসদীয় কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক : প্ৰতিজন সদস্যৰ মত ল’ব অধ্যক্ষ ৰাজেন্দ্ৰ আগ্ৰৱালে

অগপৰ প্ৰতিনিধিৰ যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ অগ্ৰৱালক সাক্ষাৎ। ফটো : য়ু বি।

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈ হ’ল লগীয়া নাগৰিকত্ব বিধেয়ক সম্পৰ্কীয় যুটীয়া সংসদীয় কমিটীৰ বৈঠকৰ কেইঘণ্টামান পূৰ্বে কমিটীখনৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগ্ৰৱালে ইয়াৰ প্ৰতিজন সদস্যৰ মত লোৱাৰ প্ৰতিশ্ৰুতি বেকত কৰিছে।

আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত কয় যে প্ৰতিবেদন প্ৰস্তুত কৰাৰ পূৰ্বে কমিটীখনৰ ৩০জন সদস্যৰ প্ৰতিজনৰে মত লোৱা হ’ব।

আনহাতে অসমৰ জনগণৰ বিধেয়কখনক লৈ থকা শংকাৰ কথা আৰু তেওঁলোকৰ প্ৰতিবাদৰ কথা প্ৰতিবেদনত সংলগ্ন কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে। আজি তেওঁক সাক্ষাৎ কৰা অগপৰ প্ৰতিনিধিকেইজনৰ আগত এইদৰে প্ৰতিশ্ৰুতি দিয়ে অগ্ৰৱালে। “অসমৰ সকলো জ্বলন্ত সমস্যাক প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰা হ’ব। লগতে আমি বিধেয়কখন সন্দৰ্ভত সকলো সদস্যৰ মতামত ল’ম।” এইদৰে কয় ৰাজেন্দ্ৰ অগ্ৰৱালে।

উল্লেখযোগ্য যে অসমৰ পৰা যোৱা অগপৰ প্ৰতিনিধিকেইজনে আজি অধ্যক্ষজনক সাক্ষাৎ কৰিছিল আৰু বিতৰ্কিত বিধেয়কখন সন্দৰ্ভত তেওঁলোকৰ বিৰোধিতাৰ কথা দোহাৰিছিল। কাইলৈ বিধেয়কখনৰ বিষয়ত কমিটীখনৰ বৈঠক অনুষ্ঠিত হ’ব। কমিটীখন লোকসভাৰ ২০ আৰু ৰাজ্যসভাৰ ১০জন, মুঠ ৩০জন সাংসদেৰে গঠিত।

দলটোৰ সূত্ৰই জনোৱা মতে, ইয়াৰ পূৰ্বে অগপৰ প্ৰতিনিধিকেইজনে যুটীয়া সংসদীয় সমিতিৰ সদস্য স্বপন দাশগুপ্তক সাক্ষাৎ কৰে। প্ৰতিনিধিসকলৰ মাজত আছিল সভাপতি অতুল বৰা, কেশৱ মহন্ত, ফণিভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতা।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি আৰু এইখন বাতিলৰ দাবীত অসমত ধাৰাবাহিকভাৱে প্ৰতিবাদ হৈ আহিছে। ৰাজ্যত মিত্ৰতাৰে চৰকাৰত থকা দল অগপয়ো বিধেয়কখনৰ বিৰোধিতা কৰি আহিছে।

ৰাজীৱ ৰয়

ৰাজীৱ ৰয়

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

August 15, 2025 8:15 pm
লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

August 15, 2025 7:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd