• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ পূৰ্বাঞ্চলত নিৰ্মীয়মান ১৩০০ কোটি টকা ব্যয়সাপেক্ষ ১৫টা পৰ্যটন প্ৰকল্প

উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটনৰ সম্ভাৱনাক বিকশিত কৰাৰ অভিলাসী লক্ষ্য কেন্দ্ৰৰ

পিনাকী দাস by পিনাকী দাস
November 24, 2018 8:17 am
vlcsnap-2018-11-24-00h25m06s160
405
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলক বছৰৰ সকলো সময়তে পৰ্যটনৰ বাবে উপযোগী কৰি গঢ়ি তোলা হ’ব।  কেন্দ্ৰীয় পৰ্যটন সচিব ৰশ্মি ভাৰ্মাই ২৩ নৱেম্বৰ শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে। তেওঁ আৰু জনাইছে যে সেই দিশত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় পৰ্যটন সচিবগৰাকীৰ মতে  উত্তৰ পূৰ্বাঞ্চললৈ অহা পৰ্যাটকৰ বিদেশী পৰ্যটক পূৰ্বৰ বছৰৰ তুলনাত ১৬.৭ শতাংশ বৃদ্ধি পাইছে। আনহাতে এই অঞ্চললৈ পৰ্যটন কৰিবলৈ অহা ঘৰুৱা পৰ্যটক ২২.৮ শতাংশ বৃদ্ধি পাইছে।

উল্লেখ্য যে,  শ্ৰীমতী ভাৰ্মাই ত্ৰিপুৰাত অনুষ্ঠিত সপ্তম আন্তৰ্জাতিক পৰ্যটন মাৰ্টত অংশগ্ৰহণ কৰাৰ সময়ত এখন সংবাদমেলত অংশগ্ৰহণ কৰি এই কথা সদৰি কৰিছে। এই মাৰ্টত ১৮খন দেশৰ ৫২গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে।

তেওঁ আৰু কৈছে যে বিশ্বত পৰ্যটন ক্ষেত্ৰখনত এটা পৰিৱৰ্তন আহিছে। বৰ্তমানৰ পৰ্যটকে কেবল প্ৰাকৃতিক দৃশ্য চোৱাৰ সলনি পৰীক্ষা-নিৰীক্ষা কৰিব বিচাৰে। উত্তৰ পূৰ্বাঞ্চলত পৰীক্ষামূলক পৰ্যটনৰ যথেষ্ট সুযোগ আছে, সেয়েহে উত্তৰ পূৰ্বাঞ্চল পৰ্যটকৰ বাবে আকৰ্ষণীয় হৈ পৰিছে।

ভাৰত চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক বছৰব্যাপি পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাত মনোযোগ দিছে বুলি পৰ্যটন সচিবগৰাকীয়ে প্ৰকাশ কৰিছে।  তেওঁ আৰু কৈছে যে পৰৱৰ্তী ৩বছৰত ভাৰত চৰকাৰে উত্তৰ পূৰ্বাঞ্চললৈ ভ্ৰমণ কৰা পৰ্যটকৰ সংখ্যা দুগুণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ আৰু জনাইছে যে বিগত বছৰত উত্তৰ পূৰ্বাঞ্চলত পৰ্যটনৰ পৰা ১০.২ মিলিয়ন টকা উপাৰ্জন হৈছে আৰু এয়া প্ৰথম বাৰৰ বাবে হৈছে।

তেওঁ আৰু কৈছে যে, উত্তৰ পূৰ্বাঞ্চলৰ বিস্তীৰ্ণ অৰণ্যানি, ঐতিহাসিক ক্ষেত্ৰ আৰু বাৰে ৰহণীয়া সংস্কৃতিৰ উপৰিও পৰিবহণৰ উন্নীত সা-সুবিধাই এই অঞ্চলক পৰ্যটনৰ আকৰ্ষণস্থলীলৈ ৰূপান্তৰিত কৰি তুলিছে। তেওঁ আৰু জনাইছে যে বিগত বৰ্ষত উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যৰ তুলনাত ত্ৰিপুৰালৈ অধিক সংখ্যক বিদেশী পৰ্যটক আহিছিল। ঘৰুৱা পৰ্যটকৰ ক্ষেত্ৰত ৰাজ্যখনৰ স্থান চতুৰ্থ।

পৰ্যটন সচিবগৰাকীয়ে আৰু জনাইছে যে বিগত বৰ্ষত ছিকিমলৈ ১৩ লাখ পৰ্যটক আহিছিল আৰু সেই সংখ্যা ৰাজ্যকনৰ জনসংখ্যাতকৈ ৩গুণ অধিক। সেয়েহে ভাৰত চৰকাৰ আৰু ছিকিমে পৰ্যটকৰ বাবে নতুন পৰ্যটনস্থলী মুকলি কৰিবলৈ প্ৰচেষ্টা কৰি আছে।

তেওঁ আৰু কৈছে যে ৫৬০০ কোটি টকা ব্যয়সাপেক্ষ ভাৰতৰ  ৬৭টা পৰ্যটন প্ৰকল্পৰ ভিতৰত ১৩০০ কোটি টকা ব্যয়সাপেক্ষ ১৫টা পৰ্যটন প্ৰকল্প উত্তৰ পূৰ্বাঞ্চলত আছে।

উল্লেখ্য যে ভাৰত চৰকাৰে সময়ে সময়ে বিদেশী পৰ্যটকসকলৰ বাবে ‘প্ৰৱেশ সীমাবদ্ধ এলেকা’ৰ অনুমতি আৰু ইনাৰ-লাইন-পাৰ্মিটৰ নিয়ম শিথল কৰি আহিছে। তেওঁ আৰু কৈছে যে ভাৰত চৰকাৰে দেশখনৰ পৰ্যটন সম্ভাৱনাক পৰ্যটকৰ ওচৰত তুলি ধৰাৰ বাবে বিভিম্ন ছচিয়েল আৰু ডিজিটেল মেডিয়াক ব্যৱহাৰ কৰি আহিছে।

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd