• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধলা কাণ্ডই আইন-শৃংখলাৰ অৱনতি হোৱাটো নুসূচায়, বিজেপিৰ দিনত এনে ঘটনা কমিছে : বিজন মহাজন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 24, 2018 8:20 pm
Bijon Mahajan

সংবাদমেলত বিজেপিৰ মুখপাত্ৰ বিজন মহাজন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ধলা কাণ্ডৰ ঘটনাই আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি হোৱাটো নুসূচায়।” বিজেপিৰ ৰাজ্যিক কাৰ্য্যায়লত আজি এই দাবী কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে। তেওঁ লগতে দাবী কৰি কয় যে বিজেপি চৰকাৰৰ দিনত কংগ্ৰেছৰ কাৰ্য্যকালৰ তুলনাত অপৰাধ, আইন-শৃংখলাজনিত ঘটনাৰ পৰিমাণ বহুত হ্ৰাস পাইছে।

উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ ধলাৰ খেৰবাৰীত ৫জনকৈ নিৰীহ লোকক হত্যা কৰি যোৱাৰ পাছতো আজি পৰ্য্যন্ত দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিব নোৱাৰিলে বিজেপি নেতৃত্বাধীন চৰকাৰখনে। এই কথা পাহৰি নিজৰ দল-চৰকাৰৰ ব্যৰ্থতাক ঢাকিবলৈ উঠি-পৰি চেষ্টা কৰা দেখা গ’ল বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মহাজনক।

Apply Now

বিজেপিৰ মুখপাত্ৰজনে ঘটনাটোক কেৱল ‘দুৰ্ভাগ্যজনক’ আৰু ‘আইন শংখলাজনিত এক সমস্যা’ বুলি আখ্যা দি লঘু কৰিবৰ চেষ্টা কৰে।

তদুপৰি ইতিমধ্যে ‘নিয়া’ই ধলা কাণ্ডৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলিও সংবাদমেলত দাবী জনায় বিজন মহাজনে।

উক্ত সংবাদমেলতে কংগ্ৰেছ চৰকাৰৰ তুলনাত বিজেপি চৰকাৰৰ দিনত আইন-শৃংখলাজনিত পৰিস্থিতিৰ পৰিমাণ হ্ৰাস হৈছে বুলি দাবী জনাই আৰম্ভ কৰে এক প্ৰকাৰৰ বোকা ছটিওৱা ৰাজনীতি। নিজৰ চৰকাৰৰ দিনত আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৰ্থতা ঢাকিবলৈ গৈ কংগ্ৰেছৰ শাসন কালৰ আইন-শৃংখলাজনিত ঘটনাৰ কথা দোহাৰে মহাজনে।

তেওঁ কয়, “কংগ্ৰেছৰ শাসনকালৰ তুলনাত আজিৰ দিনত অসমৰ আইন-শৃংখলাজনিত পৰিস্থিতি উন্নত।”

এই সন্দৰ্ভত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীকো সমালোচনা কৰিবলৈ নেৰিলে মহাজনে। তেওঁ কয়, “প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে সমলৰ ভিত্তিত কথা নকয়, মিথ্যাচাৰৰ আশ্ৰয় লৈছে তেওঁ।”

উল্লেখযোগ্য যে, বিগত দিনসমূহত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ আইন-শৃংখলাজনিত পৰিৱেশৰ চৰম অৱনতি ঘটিছে বুলি বিজেপি চৰকাৰক সমালোচনা কৰি আহিছিল। তাৰ পাছতেই এইদৰে উভতি ধৰিছে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে।

আনহাতে, সেই একেখন সংবাদমেলতে পৰিসংখ্যাৰ ৰাজনীতি আৰম্ভ কৰে বিজন মহাজনে। সংবাদমেলত কংগ্ৰেছৰ শাসনকালত হোৱা সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু বিজেপিৰ শাসনকালত হোৱা অভিযানৰ এক পৰিসংখ্যা দাঙি ধৰে মহাজনে।

তেওঁ দাঙি ধৰা তথ্য অনুসৰি, কংগ্ৰেছৰ প্ৰথম শাসন কালত সৰ্বমুঠ ঘটনা হৈছিল ১৯৭৭টা, উক্ত ঘটনাত সেনা জোৱানৰ মৃত্যু হৈছিল ১৪৯জন, সৰ্বসাধাৰণ লোকৰ মৃত্যু হৈছিল ৯১২জন, অপহৃত লোকৰ সংখ্যা ৯৮৩গৰাকী। দ্বিতীয় পৰ্য্যায়ৰ শাসন কালত ঘটনাৰ সংখ্যা ২২৯৪টা, জোৱানৰ মৃত্যু ১২১জন আৰু ৯২৪গৰাকী সৰ্বসাধাৰণ লোকৰ মৃত্যু হৈছিল। লগতে অপহৃত লোকৰ সংখ্যা আছিল ৪৫৯গৰাকী। কংগ্ৰেছৰ তৃতীয় শাসন কালত ঘটনাৰ সংখ্যা আছিল ১৩৬৬ টা, সেনা জোৱানৰ মৃত্যু হৈছিল ১৪জন, সৰ্বসাধাৰণৰ মৃত্যু হৈছিল ৩১৯গৰাকী আৰু অপহৰণ হৈছিল ৪৪৭গৰাকী।

তাৰ বিপৰীতে যোৱা আঢ়ৈ বছৰত ঘটনাৰ সংখ্যা ২০৬টা, সেনা জোৱানৰ মৃত্যু হৈছে ৮গৰাকী সৰ্ব সাধাৰণ লোকৰ মৃত্যুৰ সংখ্যা ৩৬গৰাকী আৰু ৩৮গৰাকী লোক বৰ্তমালৈকে অপহৃত হৈছে বুলি তেওঁ তথ্য দাঙি ধৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd