• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা অনুষ্ঠিত ‘জোনাকী’ চলচ্চিত্ৰ মহোৎসৱৰ সফল সামৰণি

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 1, 2018 10:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে সামৰণি পৰিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত প্ৰথমবাৰ অনুষ্ঠিত হোৱা জোনাকী চলচ্চিত্ৰ মহোৎসৱৰ। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই চলচ্চিত্ৰ মহোৎসৱত উত্তৰ-পূবৰ ১৩ খন ছবি প্ৰদৰ্শিত হয়।

২৯ নৱেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকাই শুভাৰম্ভ কৰা জোনাকী চলচ্চিত্ৰ মহোৎসৱত অসমীয়াৰ উপৰিও মণিপুৰী, নাগামিজ, অৰুনাচলী, বড়ো, মিচিং ভাষাৰ ছবি প্ৰদৰ্শিত হয়। এইবাৰৰ এই মহোৎসৱৰ থীম আছিল ‘Inspiring the Roots।’ চলচ্চিত্ৰ মহোৎসৱখনত দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী আৰু ছবি অনুৰাগীয়ে অংশ গ্ৰহণ কৰে।

Apply Now

কালিৰ সামৰণি অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে ‘আলিফা’ ছবিৰে খ্যাতি অৰ্জন কৰা যুৱ ছবি নিৰ্মাতা দ্বীপ চৌধুৰী। অনুষ্ঠানত ভাষণ প্ৰদান কৰি দ্বীপ চৌধুৰীয়ে কয়, ‘জোনাকী’ চলচ্চিত্ৰ মহোৎসৱত বৃহৎ সংখ্যক যুৱ ছবি অনুৰাগীৰ অংশ গ্ৰহণ দেখা গৈছে আৰু তেওঁলোকে নতুন অসমীয়া ছবিসমুহ চাবলৈ আহিছে। ই অসমীয়া চলচ্চিত্ৰখনৰ বাবে এক আশাৰ বতৰা।’

লগতে এই কাৰ্যসূচীত কেনি বসুমতাৰী, মঞ্জুল বৰুৱা, ধ্ৰুৱ বৰদলৈ, ঝুলন কৃষ্ণ মহন্ত, জাহানাৰা বেগমকে ধৰি ভালেকেইগৰাকী চলচ্চিত্ৰ পৰিচালক আৰু অভিনয় ক্ষেত্ৰখনৰৰ লগত জড়িত ব্যক্তি উপস্থিত থাকে। কালিৰ সামৰণি অনুষ্ঠানত কেনি বসুমতাৰীৰ নতুনকৈ মুক্তি পাবলগীয়া ছবি ‘চাচপেনডেড ইনস্পেক্টৰ বড়ো’ৰ ট্ৰেইলাৰ প্ৰদৰ্শন কৰে।

সামৰণি অনুষ্ঠানত যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ড০ অংকুৰণ দত্তই ছাত্ৰ-ছাত্ৰীৰ প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ এই অনুষ্ঠানক ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ছাত্ৰ-ছাত্ৰীৰ অনুষ্ঠান বুলি অভিহিত কৰে।

ইয়াৰ উপৰিও ড০ দত্তই অহা ১৯ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ বিভাগটোৰ উদ্যোগত এক ‘Quantitative Research Program’ অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে। লগতে ফেব্ৰুৱাৰী মাহত এখন আন্তঃৰাষ্ট্ৰীয় লোকমাধ্যম উৎসৱৰ আয়োজন কৰা বুলি ঘোষণা কৰে।

উল্লেখযোগ্য যে তেজপুৰৰ ঐতিহ্যমণ্ডিত ছবিগৃহ ‘জোনাকী’ৰ নামেৰে এই চলচ্চিত্ৰ মহোৎসৱৰ নামাকৰণ কৰা হৈছিল। মহোৎসৱৰ মুখ্য সমন্বয়ক সুব্ৰত দত্তই কয়, ‘আমি এই নামেৰে ছবিগৃহ থকাৰ লগতে ছবিৰ ভাল দৰ্শকৰ প্ৰয়োজনীয়তাৰ বিষয়টো দাঙি ধৰিব বিচাৰিছো। এই বিষয়টো ছবিৰ ক্ষেত্ৰখনক আগুৱাই নিবলৈ যথেষ্ট গুৰুত্বপূৰ্ণ।’

তেওঁ লগতে এই মহোৎসৱে ছাত্ৰ-ছাত্ৰীৰ মাজত উত্তৰ-পূৰ্বাঞ্চলৰ ভাষাৰ ছবিৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিব আৰু তেওঁলোকক এক মাৰ্গ দৰ্শন কৰাব বুলিও আশা কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd