• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ শাসনত প্ৰতিবন্ধীৰ দিনো পৰিণত “প্ৰতাৰণা”ৰ দিৱসত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 1, 2018 11:30 pm
Police lathi charge during Pratibandhi Suraksha Sangstha protest their demand at Dispur Last Gate in Guwahati on 05-10-18. Pix BY UB Photos

দিচপুৰত আৰক্ষীৰ মাৰত বাগৰি পৰা এজন প্ৰতিবাদকাৰী প্ৰতিবন্ধী। ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ “প্ৰতাৰণা”ৰ প্ৰতিবাদত প্ৰতিবন্ধীৰ বিশেষ দিনটোকে ‘‘প্ৰতাৰণা দিৱস’’ৰূপে পতাৰ সিদ্ধান্ত লৈছে অসমৰ প্ৰতিবন্ধীসকলে।

অসম চৰকাৰে অহা ৩ ডিচেম্বৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা ‘‘প্ৰতিবন্ধী দিৱস’’ বৰ্জন কৰিব অসমৰ প্ৰতিবন্ধীসকলৰ একমাত্ৰ ৰাজ্যিক সংগঠন প্ৰতিবন্ধী সুৰক্ষা সংস্থাই। চৰকাৰী আয়োজনলৈ নগৈ দীঘলীপুখুৰীৰ পাৰত মুখত ক’লা কাপোৰ বান্ধি মৌন প্ৰতিবাদ কৰিব প্ৰতিবন্ধীসকলে।

Apply Now

সংস্থাটোৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে নৰ্থ ইষ্ট নাও-ক জনোৱা মতে দৃষ্টিহীন পৰিষদ অসম, সদৌ অসম দৃষ্টিহীন ছাত্ৰ সন্থা, পূবালী প্ৰতিবন্ধী সংস্থা, সদৌ বড়োলেণ্ড প্ৰতিবন্ধী সুৰক্ষা সংস্থাকে ধৰি প্ৰতিবন্ধীসকলৰ আন সংগঠনসমূহেও তেওঁলোকৰ এই সিদ্ধান্তত সমৰ্থন জনাইছে।

প্ৰতিবন্ধীসকলে তেওঁলোকৰ দাবীসমূহ সমাধানৰ বাবে আজি ১ ডিচেম্বৰলৈকে সময় দিছিল অসম চৰকাৰক। কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰখনে সমাধান বাদ, বিবেচনাই নকৰিলে তেওঁলোকৰ দাবী।

“আমি আমাৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ কৰিবৰ বাবে ১ ডিচেম্বৰলৈকে চৰকাৰক সময়সীমা দিছিলো। কিন্তু ধৈৰ্য্যৰ বান্ধ চিঙি যোৱা বাবে এই সিদ্ধান্ত ল’বলৈ আমি বাধ্য হ’লো,” নৰ্থ ইষ্ট নাও-ক জনালে মালাকাৰে।

বিজেপি চৰকাৰখনে “মিথ্যাচাৰ”ৰ আশ্ৰয় লোৱাৰ অভিযোগ কৰিছে মালাকাৰে। অসম চৰকাৰে যোৱা বৰ্ষৰ ৭ ফেব্ৰুৱাৰিত ঘোষণা কৰা তথা যোৱা ‘‘প্ৰতিবন্ধী দিৱস’’ত কাৰ্য্যকৰী কৰা ৫ হাজাৰ টকাৰ এককালীন সাহায্যৰ পৰা আজিও বঞ্চিত হৈ আছে প্ৰায় ৩ লাখ প্ৰতিবন্ধী।

“প্ৰথম পৰ্য্যায়ত চৰকাৰে চাৰে চাৰি লাখ প্ৰতিবন্ধীৰ ১ লাখ ৩০ হাজাৰ গৰাকীক নিৰ্বাচিত কৰি লৈ ৫০০০ টকাৰ এককালীন সাহায্য দিয়াৰ কথা আছিল,” মালাকাৰৰ অভিযোগ।

‘‘বাৰম্বাৰ চৰকাৰৰ সমাজ কল্যাণ বিভাগে আলোচনাৰ কালত ৪৪১৯ টা পদত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতেই কেনেকৈ কেৱল ৬৪০ টা পদত নিযুক্তি দিয়াৰ কথা আহি পৰিল? ১০০০ টকাকৈ প্ৰত্যেকগৰাকী প্ৰতিবন্ধীক মাহেকীয়া হিচাপত দিয়াৰ প্ৰতিশ্ৰুতি ক’ত গ’ল?” প্ৰশ্ন মালাকাৰৰ।

হাতত লোৱা প্ৰতিবাদী কাৰ্য্যসূচীৰ পাছতেই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৭ দিনৰ সময়সীমা দিব বুলি জানিবলৈ দিয়ে সংস্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে। ভৱিষ্যতে ধাৰাবহিকভাৱে আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিব পৰা আন্দোলন কৰিব বুলিও হুংকাৰ দিয়ে তেওঁ।

এই চৰকাৰৰ দিনতে যোৱা ৫ অক্টোবৰত দিচপুৰত প্ৰতিবাদ কৰিবলৈ আহি আৰক্ষীৰ বৰ্বৰ আক্ৰমণৰ বলি হৈছিল প্ৰতিবন্ধীসকল। তেওঁলোকৰ দাবী সত্ত্বেও উক্ত বৰ্বৰ আক্ৰমণৰ কোনোধৰণৰ তদন্ত নকৰিলে সোণোৱাল চৰকাৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd