• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জ্ঞানেন্দ্ৰ হত্যাক লৈ উত্তাল গোলাঘাট : ৰাইজৰ পথ অৱৰোধ, মানৱ অধিকাৰ আয়োগত গোচৰ

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
December 6, 2018 8:52 pm
Photo of Roadd Blockade

জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ হত্যাৰ প্ৰতিবাদত বৃহস্পতিবাৰে গোলাঘাটত ৰাইজৰ পথ অৱৰোধ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি পুৱাৰ ভাগত ভোটগ্ৰহণ চলি থকাৰ সময়তে খুমটাই সমষ্টিৰ হাবিয়ালত আৰক্ষীৰদ্বাৰা জ্ঞানেন্দ্ৰ ৰাজখোৱা নামৰ যুৱকজনক গুলীবিদ্ধ কৰা ঘটনাকলৈ সমগ্র জিলাখনতে তীব্র প্ৰতিক্ৰিয়া অব্যাহত আছে। নিহত যুৱকজনৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে গোলাঘাটৰ উপ আৰক্ষী অধীক্ষক পার্থ প্ৰতিম শইকীয়াৰ বিৰুদ্ধে হত্যাকাণ্ডৰ অভিযোগত গোলাঘাট আৰক্ষী থানাত ১০৫৪/১৮ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৩০২ধাৰাত এক গোচৰ পঞ্জীয়ন হৈছে।

ইয়াৰ লগে লগে জিলাবাসীৰ মনত পুনৰ সজীৱ হৈ উঠিছে ১৯৯৫ চনত আৰক্ষীয়ে নৃশংস আৰু বৰ্বৰভাবে হত্যা কৰা জ্যোতি লোহাৰৰ হত্যাকাণ্ডৰ ঘটনা। যিটো ঘটনাৰ বাবে আৰক্ষী বিষয়া ৰাঘবেন্দ্ৰ অৱস্থিসহ বহুকেইজন আৰক্ষীৰ লোক এতিয়াও বিচাৰ প্ৰক্ৰিয়াৰ আওতাত সোমাই আছে।

Apply Now

ইযাকে লৈ আজি জনসাধাৰণৰ মাজত ব্যাপক চৰ্চা চলি থকা সময়তে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক চৈয়দ মনোৱাৰ হুছেইনে কয় যে জ্ঞানেন্দ্ৰ হত্যা অসম আৰক্ষীৰদ্বাৰা নিৰীহ জনতাৰ ওপৰত চলা নৃশংসতাৰ প্ৰমাণ।

তেওঁ বিজেপি চৰকাৰৰ ছত্ৰছায়াত এতিয়া অসম আৰক্ষীৰ মুক্ত হত্যা তেনেই সাধাৰণ ঘটনা হৈ পৰিছে বুলি উল্লেখ কৰি শীঘ্ৰে দোষী আৰক্ষীক গ্ৰেপ্তাৰ আৰু শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে। লগতে পৰিয়ালটোক সংস্থাপন আৰু ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে।

একেদৰে জীপাল কৃষক -শ্ৰমিক সংঘই প্ৰতিক্ৰিয়া ব্যক্ত কৰি ‘সাধাৰণ জনতাক ভয় খুৱাই চাপত ৰখাৰ স্বাৰ্থতেই কালি অতি নৃশংসভাৱে চৰকাৰী নিৰ্দেশত মানসিক ভাৰসাম্য হেৰুওৱা যুৱকজনক গোলাঘাট আৰক্ষীয়ে গুলিয়াই হত্যা কৰিলে বুলি মন্তব্য কৰিছে। সংগঠনটোৰ উপদেষ্টা সোণেশ্বৰ নৰহ আৰু প্ৰণৱ দলেই এক বিজ্ঞপ্তিৰ জৰিয়তে উক্ত ঘটনা কেতিয়াও বিক্ষিপ্ত ঘটনা হ’ব নোৱাৰে বুলি উল্লেখ কৰে।

তেওঁলোকে এয়া চৰকাৰী নিৰ্দেশত চলা সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰি এগৰাকী সাধাৰণ লোকক ৰক্ষণাবেক্ষণ দিব নোৱাৰা বৰ্তমানৰ বিজেপি নেতৃত্বৰ মিত্ৰজোঁট চৰকাৰখনৰ শাসনত থকাৰ কোনো নৈতিক অধিকাৰ নাই বুলি অভিযোগ কৰে। তেওঁলোকে শীঘ্ৰে ঘটনাৰ নেতৃত্ব দিয়া আৰক্ষী বিষয়া পার্থপ্ৰতিম শইকীয়া আৰু গুলীচালনা কৰা জোৱানগৰাকীক গ্ৰেপ্তাৰ আৰু উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী কৰিছে।

তেওঁলোকে এইক্ষেত্ৰত বিষয়েটো গুৰুত্ব সহকাৰে লৈ খুমটাইৰ বিধায়ক মৃণাল শইকীয়া আৰু সৰ্বানন্দ সোণোৱালক ৰাইজৰ পক্ষত থিয় দিয়াৰো দাবী জনাইছে। সংগঠনটোৱে জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ পৰিয়ালৰ লোকক ২০ লাখ টকাৰ এককালীন সাহায্য. কণমানি পুত্ৰৰ অন্ততঃ স্নাতক পৰ্যায়লৈকে উন্নত মানৰ বিদ্যালয়ত অধ্যয়নৰ দায়িত্ব,পৰিবাৰক এটা স্থায়ী চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰাৰো দাবী জনাইছে।

ইপিনে উক্ত ঘটনা সম্পর্কত আজি গোলাঘাট আৰক্ষীৰ বিৰুদ্ধে দেৱব্ৰত শইকীয়া নামৰ এজন যুৱকে অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগত এক গোচৰ দিয়া কথা জানিব পৰা গৈছে। গোলাঘাট জিলাৰ আঠগাঁৱৰ নিবাসী তথা ছাত্র মুক্তি সগ্ৰাম সমিতিৰ বিষয়ববীয়াগৰাকীয়ে হাবিয়ালৰ ঘটনাক আৰক্ষীৰ বৰ্বৰতা আখ্যা দি আয়োগৰ পৰা সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে।

মনকৰিবলগীয়া যে উক্ত ঘটনাৰে সাঙোৰ খাই পৰা গোলাঘাটৰ উপ আৰক্ষী অধীক্ষক গৰাকীৰ বিৰুদ্ধে ইতিমধ্যে দুটাকৈ গোচৰ অসম আৰক্ষী দায়বদ্ধতা আয়োগত বিচৰাধীন হৈ আছে আৰু ইয়াৰে এটা গোচৰ ছাত্ৰ মুক্তিয়ে দিছিল। ইফালে কালিৰ ঘটনা সন্দৰ্ভত গোলাঘাট প্ৰশাসনেও ৰাজ্যিক মানৱ অধিকাৰ আয়োগক অৱগত কৰা বুলি অতিৰিক্ত উপায়ুক্ত উৎপল দলেই আজি ৰাজহুৱাভাবে অৱগত কৰে।

উল্লেখযোগ্য যে জ্ঞানেন্দ্ৰ ৰাজখোৱা নামৰ প্ৰাক্তন বি এছ এফ জোৱানজনক আৰক্ষীয়ে গুলীয়াই হত্যা কৰা কাৰ্যক কেন্দ্ৰ কৰি আজি স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে গণক পুখুৰী তিনিআলিত গোলাঘাট-দেৰগাঁও সংযোগী পথছোৱা বহু সময় ধৰি অৱৰোধ কৰি ৰাখে। আনহাতে, জিলা প্ৰশাসনে দোষী আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে যদিও বৰ্তমানলৈকে কেনে ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া জানিব পৰা হোৱা নাই।

ৰিতুপল্লৱ শইকীয়া

ৰিতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm
পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

June 30, 2026 1:10 pm
‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

June 30, 2026 12:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm
পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd