• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদেশী সন্দৰ্ভত তথ্যকোষ : ৰাজ্য চৰকাৰক ৩১ জানুৱাৰি সময়সীমা বান্ধি দিলে উচ্চ ন্যায়ালয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 7, 2018 11:55 am
hc-759
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰৰ হাতত বিদেশী, বিদেশী ন্যায়াধিকৰণত চলি থকা গোচৰ আৰু ডি ভোটাৰ আদিৰ তথ্য তৎকালীনভাৱে পাবলৈ ‘তথ্যকোষ’ নথকাৰ বাবে ৰাজ্য চৰকাৰ আৰু ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৈফিয়ৎ তলৱৰ সন্মুখীন হ’বলগীয়া হয়।

বৃহস্পতিবাৰে আদালতত হাজিৰ হৈ মুখ্য সচিব আলোক কুমাৰ, অতিৰিক্ত মুখ্য সচিব, গৃহ বিভাগৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব আৰু প্ৰধান সচিব, সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান আৰু ৰাজ্যিক নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী বিষয়াই তথ্য কোষ প্ৰস্তুত কৰিব নোৱৰা সন্দৰ্ভত ব্যাখ্যা আগবঢ়াবলৈ বাধ্য হয়। ন্যায়ালয়ে অহা ৩১ জানুৱাৰিৰ ভিতৰত তথ্য কোষ সাজু কৰাৰ সময়সীমাও বান্ধি দিয়ে।

Apply Now

উল্লেখযোগ্য যে আলী আহমেদ নামৰ এজন সন্দেহজনক নগৰিকৰ বিৰুদ্ধে উজনি অসমৰ এখন বিদেশী ন্যায়াধিকৰণত চলা গোচৰত তেওঁক বিদেশী ঘোষণা কৰি বহিষ্কাৰৰ নিৰ্দেশ দিয়া হৈছিল। কিন্তু তেওঁ তাৰ পৰা পলায়ন কৰি মধ্য অসমত আত্মগোপন কৰি থাকি এন আৰ চিৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে আলী আহমেদে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু তেওঁৰ নাম যিহেতু এন আৰ চিত অন্তৰ্ভুক্ত হৈছে সেয়েহে পূৰ্বৰ গোচৰটোৰ পৰা তেওঁৰ নাম খাৰিজ কৰাৰ বাবে আৱেদন জনায়।

এই আৱেদন লাভ কৰাৰ পাছতে ন্যায়ালয়ে এন আৰ চি কৰ্তৃপক্ষক কৈফিয়ৎ তলৱ কৰে। এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে ন্যায়ালয়ক জনায় যে ৰাজ্য চৰকাৰৰ বিদেশী সম্পৰ্কীয় তথ্য তাৎক্ষণিকভাৱে লাভ কৰিব পৰা কোনো তথ্য কোষ নাই। যাৰ বাবে এনে বিসংগতি ৰৈ গৈছে।

ন্যায়ালয়ে ৰাজ্য চৰকাৰ আৰু নিৰ্বাচন আয়োগক তথ্য কোষ নথকাৰ বাবে সমালোচনা কৰি ৩ মাহৰ ভিতৰত তথ্য কোষ প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। কিন্তু এই নিৰ্দেশৰ আঠ মাহ উকলি যোৱাৰ পাছতো আদালতত এই সন্দৰ্ভত কোনো তথ্য দিবলৈ সক্ষম নোহোৱাৰ বাবে বৃহস্পতিবাৰে ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু নেলছন ফাইল’ৰ আদালতত আটাইকেইজন চৰকাৰী বিষয়াই হাজিৰ হৈ তথ্য কোষ প্ৰস্তুত কৰিব নোৱাৰাৰ কাৰণ দৰ্শাবলৈ বাধ্য হয়।

আনহাতে, আগন্তুক গণতন্ত্ৰ দিৱসৰ প্ৰস্তুতি চলাই থকাৰ বাবে তথ্য কোষ প্ৰস্তুত কৰিব পৰা নাই বুলি কাৰণ দৰ্শাই তেওঁলোকে গণতন্ত্ৰ দিৱসৰ পাছতে তথ্যকোষ প্ৰস্তুত কৰিবলৈ সক্ষম হ’ব বুলি আদালতক জনায়।

আনহাতে, আদালতে অহা ৩১ জানুৱাৰিৰ ভিতৰত তথ্যকোষ সম্পূৰ্ণ কৰিবলৈ ৰাজ্য চৰকাৰক সময়সীমা বান্ধি দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd