• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যলৈ ভাবুকি আনি বিদ্যালয়ৰ সন্মুখতে জাবৰৰ দ’ম; কাণসাৰ নাই জি এম চি কৰ্তৃপক্ষৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 9, 2018 9:23 pm
School Garbage

ড০ ভূপেন হাজৰিকা জাতীয় বিদ্যালয়ৰ সন্মুখতে জাবৰৰ দ'ম।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষা আৰু গুৱাহাটী উন্নয়ন দুয়োটা বিভাগৰে দায়িত্বত থকা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ নিজা সমষ্টিৰে এখন বিদ্যালয়ৰ কাহিনী এয়া। শিলপুখুৰীৰ গান্ধীবস্তিস্থিত এই বিদ্যালয়খনৰ নাম ড০ ভূপেন হাজৰিকা জাতীয় বিদ্যালয়। কিন্তু বিদ্যালয়খনৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলে দৈনিক পাঠ গ্ৰহণ কৰিব লগীয়া হয় বিদ্যালয়খনৰ সন্মুখতে থকা জাবৰৰ এটা দ’মৰ পৰা ভাহি আহি থকা দুৰ্গন্ধ লৈ লৈ।

বিদ্যালয়খনৰ সন্মুখৰ নলাটোত যিকোনো সময়ত জাবৰে দ’ম বান্ধি থাকে। যাৰ ফলত জাবৰৰ পৰা ওলোৱা উৎকট গোন্ধ সহ্য কৰি ছাত্ৰ-ছাত্ৰীসকলে পাঠ গ্ৰহণ কৰিব লগীয়া হয়।

Apply Now

ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি ডাঙৰ ভাবুকি স্বৰূপ এই দিশটোক শিক্ষা আৰু গুৱাহাটী উন্নয়ন, দুয়োটা বিভাগেই চৰম অৱজ্ঞা কৰি অহাৰ অভিযোগ তুলিছে বিদ্যালয় কৰ্তৃপক্ষই।

নলাটোৰ জাবৰৰ দ’মটোৰ উপৰি বিদ্যালয়ৰ সন্মুখেৰে পাৰ হৈ যোৱা উপ-পথটোৰ অৱস্থাও তেনেই জৰাজীৰ্ণ। পথটোৱেও ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ প্ৰতি যিকোনো সময়তে বিপদ নমাই আনিব পাৰে।

বিদ্যালয় কৰ্তৃপক্ষই অভিযোগ কৰা মতে, যোৱা চাৰি বছৰৰ ভিতৰত বাৰম্বাৰ অভিযোগ-আপত্তি, আৱেনদ-নিৱেদন কৰাৰ পিছতো ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কথাটোত গুৱাহাটী পৌৰ নিগম তথা ৰেইলৱে কতৃপক্ষই কোনো কাণসাৰ দিয়া নাই।

মন কৰিব লগীয়া যে সামান্য আঁতৰতে ৰেইলৱে’ কৰ্তৃপক্ষৰো এটা ডাষ্টবিন আছে, যিটোৰ পৰাও উৎকট দুৰ্গন্ধ উৰি আহে।

এই সন্দৰ্ভত নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত গুৱাহাটী পৌৰ নিগম আৰু ৰেইলৱে’ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক মোহিধৰ কাকতীয়ে।

তেওঁ কয়, “চাৰি-পাঁচ বছৰ পূৰ্বেই এই বিষয়ক লৈ ধৰ্ণা-প্ৰতিবাদ কৰা হৈছিল আৰু সংবাদ মাধ্যমতো বাতৰি প্ৰকাশ পাইছিল। নলাটোৰ কাষতে ৰেইলৱে’ কৰ্তৃপক্ষকো তেওঁলোকৰ ডাষ্টবিনটো আঁতৰোৱাৰ ব্যৱস্থা কৰিবৰ বাবে জনোৱা হৈছিল।”

ইয়াৰোপৰি, গণতান্ত্ৰিক আন্দোলন-ধৰ্ণাৰ ভাষা বুজি নোপোৱাৰ ফলত বিদ্যালয় কৰ্তৃপক্ষই গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষ আৰু ৰেইলৱে’ কৰ্তৃপক্ষক বহুবাৰ লিখিত ৰূপতো আৱেদন দিছিল তথা তেওঁলোকৰ দাবী পূৰণৰ বাবে বিভাগীয় দুয়োটো কৰ্তৃপক্ষই আশ্বাস দি আহিছিল।

অৱশেষত প্ৰায় ৫ বছৰ ধৰি উক্ত স্থানৰ জাবৰসমূহ আঁতৰ নোহোৱাত দুয়োটা কৰ্তৃপক্ষৰ ওপৰতে বিদ্যালয় কৰ্তৃপক্ষই আস্থা হেৰুৱাই পেলোৱা বুলিও দুখ প্ৰকাশ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে।

“চৰকাৰৰ প্ৰতি আমাৰ এটাই অনুৰোধ যাতে, দীৰ্ঘদিনীয়া এই সমস্যাৰ পৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰ কৰে যেন।” চৰকাৰৰ প্ৰতি এই কাতৰ আহ্বান বিদ্যালয়খনৰ প্ৰধান শিক্ষক কাকতীৰ।

ইপিনে বিদ্যালয়খনৰ সন্মুখেৰে পাৰ হৈ গৈছে শিলপুখুৰীৰ পৰা লালমাটি সংযোগী য়ু এন বেজবৰুৱা উপপথ। সেই উপপথৰ অৱস্থাও শোচনীয়। সেই পথেদি প্ৰত্যেক দিনাই বিদ্যালয়লৈ আহে শতাধিক ছাত্ৰ-ছাত্ৰী।

উক্ত বিদ্যালখনৰ সন্মুখত থকা ঢালৰ বাবে এটা দিশৰ পৰা আহি থকা বাহনসমূহ আনটো দিশৰ পৰা দেখা নাপায়। যাৰ বাবে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী দুৰ্ঘটনাত পতিত হোৱাৰ শংকা বৃদ্ধি পাইছে। জানিব পৰা মতে পূৰ্বে উক্ত স্থানত সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনা।

নৰ্থ ইষ্ট নাওৰ আগত গান্ধীবস্তি উন্নয়ন সমিতিৰ সভাপতি গোলাম বদৰুল মুবিন আহমেদে কয়, “আমি বহুবাৰ প্ৰতিবাদ কৰি অহাৰ পাছত গড়কপ্তানী বিভাগৰ পৰা বিষয়াসকল আহি পথছোৱা নিৰীক্ষণ কৰি যায়হি আৰু মেৰামতি কৰাৰ আশ্বাস দি যায়। কিন্তু আজি ৪-৫ বছৰে এনেদৰেই পথছোৱা জৰাজীৰ্ণ অৱস্থাতে আছে। যাৰ ফলত বহুকেইটা পথ দুৰ্ঘটনা সংঘটিত হৈছে।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd