• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মঙলদৈ আৰক্ষী থানাৰ সমীপৰ শিক্ষা প্ৰতিষ্ঠানত নিশা চোৰে চলালে লুটপাট

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
December 9, 2018 10:19 pm
Police at the time of investigation

ফটো নর্থ-ইষ্ট নাও

301
VIEWS
Share on FacebookShare on Twitter

মঙলদৈ আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি শনিবাৰে নিশা এটা অচিনাক্ত দুৰ্বৃত্তৰ দলে মঙলদৈ চহৰৰ এখন আগশাৰীৰ প্ৰাথমিক শিক্ষা প্ৰতিষ্ঠানত প্রৱেশ কৰি চুৰি কাৰ্য সংঘটিত কৰে। এই ঘটনাক কেন্দ্ৰ কৰি চহৰখনত সম্প্ৰতি এক চেপা উত্তেজনাময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে।

ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত তথা মঙলদৈ আৰক্ষী থানাৰ পৰা মাত্ৰ কেইখোজমান নিলগত অৱস্থিত বিদ্যালয়খনত নিশা চোৰৰ দলটোৱে প্ৰৱেশ কৰি বিদ্যালয়খনৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ চুৰি কৰাৰ লগতে সা-সম্পত্তি ভাঙি-চিঙি লণ্ড-ভণ্ড কৰে।

মঙলদৈ বেবাৰঘাট এম ই স্কুলৰ প্ৰধান শিক্ষক খগেন বৰুৱাই ঘটনা সন্দৰ্ভত জানিবলৈ দি কয় যে চোৰৰ দলটোৱে বিদ্যালয়খনৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ চোৰ কৰাৰ লগতে বিদ্যালয়খনৰ কেইবাটাও ষ্টীল আলমিৰা ভাঙি চিঙি লণ্ড-ভণ্ড কৰিছে। আজি ৰাতিপুৱা কিছু ছাত্ৰ-ছাত্ৰী বিদ্যালয়খনত উপস্থিত হোৱাৰ পিছতহে এই সমগ্ৰ ঘটনাটো গম পোৱা বুলি প্ৰধান শিক্ষকগৰাকীয়ে জনায়।

ইফালে বিদ্যালয়খনৰ প্ৰধান শিক্ষকে মঙলদৈ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে এজাহাৰ লাভ কৰাৰ পাছতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত কোনো দুৰ্বৃত্তকে আটক বা চিনাক্ত কৰিব পৰা নাই।

উল্লেখ্য যে কি কাৰণত দুৰ্বৃত্তৰ দলে বিদ্যালয়খনত প্ৰৱেশ কৰি নথিপত্ৰ চুৰ কৰি নিয়ে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই। আনহাতে চহৰৰ মাজ মজিয়া তথা আৰক্ষী থানাৰ নিচেই সমীপতে থকা বিদ্যালয়ত এইদৰে চোৰে লুটপাট চলোৱা কাৰ্যক মঙলদৈৰ সচেতন সমাজে ধিক্কাৰ দিয়াৰ লগতে চহৰখনত আৰক্ষীৰ নিৰাপত্তাৰ ফোপোলা স্বৰূপটোৱে পোহৰলৈ আহিছে।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd