কোষ্ঠকাঠিন্য দূৰ কৰাৰ লগতে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত পকা কলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পুষ্টিবিদসকলৰ মতে, ভিটামিন, খনিজ পদাৰ্থ আৰু ফাইবাৰেৰে সমৃদ্ধ পকা কল শৰীৰৰ বাবে অত্যন্ত উপকাৰী হোৱাৰ লগতে ইয়াত পৰ্যাপ্ত পৰিমাণৰ শৰ্কৰা আৰু এণ্টি-অক্সিডেণ্ট থাকে। আমেৰিকাৰ নেচনেল ইনষ্টিটিউটছ অৱ হেল্থৰ তথ্য অনুসৰি, এটা মজলীয়া আকাৰৰ কলত প্ৰায় ৪২২ মিলিগ্ৰাম পটাছিয়াম আৰু ০.৪ মিলিগ্ৰাম ভিটামিন বি৬ পোৱা যায়। এই পুষ্টিকৰ উপাদানসমূহে শৰীৰৰ জলীয় ভাৰসাম্য বজাই ৰখা, স্নায়ুৰ কাৰ্যক্ষমতা সক্ৰিয় কৰি ৰখা আৰু প্ৰটিন বিপাকত বিশেষভাৱে সহায় কৰে।
কলত থকা পটাছিয়াম, ফাইবাৰ আৰু এণ্টি-অক্সিডেণ্টে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। এই উপাদানসমূহে শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে, যাৰ ফলত হৃদৰোগৰ আশংকা বহু পৰিমাণে হ্ৰাস পায়। স্বাস্থ্যৰ বাবে ইমান উপকাৰী হোৱাৰ পাছতো কল খোৱাৰ সঠিক সময়ক লৈ সঘনাই প্ৰশ্ন উত্থাপিত হয়। খালী পেটত কল খোৱা অনুচিত নেকি বা শাৰীৰিক শ্ৰমৰ পূৰ্বে ইয়াক গ্ৰহণ কৰিব পাৰিনে নোৱাৰি, তাক লৈ বিশেষজ্ঞসকলে কিছু নিৰ্দিষ্ট মতামত আগবঢ়াইছে।
পুষ্টিবিদসকলৰ মতে, পুৱাৰ জলপানত কল অন্তৰ্ভুক্ত কৰিব পাৰি, কিয়নো ই শৰীৰক দ্ৰুতগতিত শক্তি প্ৰদান কৰে। অৱশ্যে, খালী পেটত কল খালে ইয়াত থকা প্ৰাকৃতিক শৰ্কৰাই তেজত চেনিৰ মাত্ৰা হঠাতে বৃদ্ধি কৰি পুনৰ দ্ৰুতভাৱে হ্ৰাস কৰিব পাৰে। সেয়েহে, পুৱাৰ ভাগত ওটছ, দৈ, বাদাম বা কণীৰ দৰে প্ৰটিন আৰু চৰ্বিযুক্ত খাদ্যৰ সৈতে কল খোৱাটো শ্ৰেয়। আনহাতে, শাৰীৰিক শ্ৰম বা ব্যায়াম কৰাৰ ৩০ ৰ পৰা ৪৫ মিনিট পূৰ্বে কল খোৱাটো বিশেষভাৱে উপকাৰী। ই সহজে হজম হোৱাৰ লগতে ইয়াত থকা কাৰ্বোহাইড্ৰেটে তাৎক্ষণিক শক্তি যোগায় আৰু পটাছিয়ামে পেছীৰ টান প্ৰতিৰোধ কৰে। ব্যায়ামৰ পাছতো পেছীৰ ক্ষয় পূৰণ কৰিবলৈ কল খাব পাৰি।
বিয়লিৰ ভাগত কামৰ মাজত হোৱা ক্লান্তি আঁতৰাবলৈ ভজা-পোৰা খাদ্যৰ পৰিৱৰ্তে কল খোৱাটো স্বাস্থ্যসন্মত। ৰাতি বা টোপনি যোৱাৰ পূৰ্বেও কল খোৱা যায়, কিয়নো ইয়াত থকা মেগনেছিয়াম আৰু ভিটামিন বি৬-এ স্নায়ু শান্ত কৰাৰ লগতে মেলাটনিন হৰম’ন উৎপাদনত সহায় কৰি সুনিদ্ৰা কঢ়িয়াই আনে। পিছে, এচিডিটি, চৰ্দি-কাহ বা হজমৰ সমস্যা থকা লোকসকলে ৰাতি কল খোৱাৰ পৰা বিৰত থকাই মংগলজনক বুলি বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে।
কল গ্ৰহণৰ ক্ষেত্ৰত একাংশ ৰোগীয়ে বিশেষ সতৰ্কতা অৱলম্বন কৰাটো বাঞ্ছনীয়। ডায়েবেটিছ ৰোগীসকলেও পৰিমিত পৰিমাণে কল খাব পাৰে যদিও অতিমাত্ৰা পকা কলৰ পৰিৱৰ্তে সামান্য টান পকা কল খোৱাটো নিৰাপদ। আনহাতে, গুৰুতৰ বৃক্কৰ সমস্যা থকা লোকৰ শৰীৰত অতিৰিক্ত পটাছিয়াম জমা হৈ হাইপাৰকেলেমিয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। সেয়েহে, এনে ৰোগীয়ে কলকে ধৰি অন্যান্য পটাছিয়ামযুক্ত খাদ্য গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি আৱশ্যক বুলি স্বাস্থ্য বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।





