• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি মানৱ অধিকাৰ দিৱস : অসমত বৃদ্ধি পাইছে মানৱ অধিকাৰ উলংঘনৰ ঘটনা

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
December 10, 2018 11:39 am
05-10-18-Guwahati-Pratibandhi-Suraksha-Sangstha-protest-14-750x375

যোৱা ৫ অক্টোবৰত দিচপুৰ লাষ্টগেইটত প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ কৰ্মীৰ ওপৰত আৰক্ষীৰ নিৰ্মম প্ৰহাৰৰ ঘটনা। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিবছৰে গোটেই বিশ্বতে ১০ ডিচেম্বৰৰ দিনটো মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰি অহা হৈছে। ১৯৪৮ চনৰ ১০ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰতিবছৰে এই দিনটো মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰা হৈছিল। আনহাতে, ১৯৫০ চনৰ ৪ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰম পৰিষদৰ এখন সভাত মানৱ অধিকাৰ দিৱস পালনৰ দিনটোক আনুষ্ঠানিকতা প্ৰদান কৰা হয়।

চলিত বৰ্ষৰ মানৱ অধিকাৰ দিৱস আজি বিশ্বজুৰি পালন কৰা হৈছে। এই বৰ্ষটো মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাৰ ৭০ সংখ্যক বাৰ্ষিকীও। এই বছৰৰ মানৱ অধিকাৰ দিৱসৰ বিষয়বস্তু হৈছে ‘’মানৱ অধিকাৰৰ বাবে আগবাঢ়ি আহক’’(Stand Up For Human Rights)। বিভিন্ন দেশে আজি এই দিৱসটোৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিব।

ভাৰতবৰ্ষতো বিভিন্ন ৰাজ্যত আজি মানৱ অধিকাৰ দিৱস পালন কৰা হ’ব। অসমত বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ দ্বাৰা মানৱ অধিকাৰ দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ৰাজ্যখনত মানৱ অধিকাৰ উলংঘনৰ ঘটনা যথেষ্ট বৃদ্ধি পোৱাৰ বাবে মানৱ অধিকাৰ কৰ্মীকে ধৰি সচেতন মহলে উদ্বিগ্নতা প্ৰকাশ কৰিছে।

অসমত ডাইনীৰ নামত হত্যাকে ধৰি সমাজৰ অৱহেলিত শ্ৰেণীৰ প্ৰতি অন্যায়-অত্যাচাৰ, আৰক্ষীৰ দ্বাৰা মানৱ অধিকাৰ লংঘনৰ বিভিন্ন ঘটনা আৰু সাধাৰণ ৰাইজৰ আইনৰ ন্য্যায়ৰ পৰা বঞ্চিত হোৱাৰ ঘটনা বৃদ্ধি পাইছে।

ডাইনীৰ নামৰ হত্যা তথা অন্ধবিশ্বাসৰ বলি হৈ মৃত্যুক সাৱটি ল’বলগীয়া হোৱা ঘটনাৰ ক্ষেত্ৰত চৰকাৰে যথোপযুক্ত ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হৈছে। এনে ডাইনী সন্দেহত নিৰ্যাতিত হৈ বহুতেই এতিয়াও স্বাভাৱিকভাৱে সামাজিক জীৱনলৈ উভতি যাব পৰা নাই। চৰকাৰে এইক্ষেত্ৰত যথেষ্ট ধন ব্যয় কৰিলেও তাৰ কোনো সুফল দেখা যোৱা নাই। বৰঞ্চ এনে ঘটনা দিনক দিনে বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে।

আনহাতে, যোৱা ৫ অক্টোবৰত দিচপুৰ লাষ্টগেইটত প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে ন্যায্য প্ৰাপ্তিৰ দাবীত তীব্ৰ আন্দোলন গঢ়ি তুলিছিল যদিও আৰক্ষীয়ে মানৱ অধিকাৰ ভংগ কৰি বৰ্বৰভাৱে দিব্যাংগসকলক লাঠীচালনা কৰি হাত ভঙাৰ লগতে কেইগৰাকীমান প্ৰতিবাদকাৰীৰ মূৰো ফালে।

এগৰাকী অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত অমিতাভ বসুমতাৰীৰ নিৰ্দেশতে আৰক্ষী বাহিনীয়ে বৰ্বৰভাৱে প্ৰতিবাদকাৰীসকলৰ ওপৰত জঁপিয়াই পৰিছিল বুলি প্ৰতিবন্ধী সংস্থাই অভিযোগ কৰিছিল। কিন্তু এইক্ষেত্ৰতো চৰকাৰে তদন্ত কৰি দোষী বিষয়াক শাস্তি বিহাত ব্যৰ্থ হৈছে।

ইপিনে, যোৱা ৫ ডিচেম্বৰত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ সময়তে খুমটাই সমষ্টিৰ হাবিয়ালত আৰক্ষীৰ দ্বাৰা জ্ঞানেন্দ্ৰ ৰাজখোৱা নামৰ যুৱকজনক আৰক্ষীয়ে গুলীয়াই হত্যা কৰে। এই সন্দৰ্ভত গোলাঘাটৰ উপ আৰক্ষী অধীক্ষক পার্থ প্ৰতিম শইকীয়াৰ বিৰুদ্ধে হত্যাকাণ্ডৰ অভিযোগত গোলাঘাট আৰক্ষী থানাত ১০৫৪/১৮ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৩০২ধাৰাত এক গোচৰো পঞ্জীয়ন হৈছে। কিন্তু এতিয়ালৈকে চৰকাৰে ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদান কৰাত ব্যৰ্থ হৈছে।

আৰক্ষীৰ দ্বাৰা এনেধৰণে বাৰে বাৰে মানৱ অধিকাৰ লংঘনৰ ঘটনাই সমাজৰ বাবে এক নেতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। এই সন্দৰ্ভত মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই কয়, ‘’দিচপুৰ লাষ্টগেইটত সংঘটিত ঘটনা আৰু গোলাঘাটৰ জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ হত্যাৰ ঘটনা দুটাত আৰক্ষীয়ে মানৱ অধিকাৰ লংঘন কৰিছে। এনেকুৱা পৰিস্থিতিত সু-প্ৰশিক্ষত আৰক্ষী বিষয়া নিয়োজিত হ’ব লাগে আৰু কোনো কাৰণতে যাতে মানৱ অধিকাৰ উলংঘন নহয় তাৰ বাবে দৃষ্টি ৰাখিব লাগে।‘’

আনহাতে, শইকীয়াই লগতে কয়, ‘’সমাজৰ সাধাৰণ লোকসকলে ৰাজ্যৰ স্বাস্থ্যবিভাগৰ  স্বাস্থ্য আঁচনিসমূহৰ পৰা বঞ্চিত হৈছে। বিশেষকৈ মাতৃ আৰু শিশুসকল চৰকাৰী স্বাস্থ্য আঁচনিৰ পৰা বঞ্চিত হৈ আছে। এইবোৰো মানৱ অধিকাৰ উলংঘনৰ ঘটনা।‘’

আজি মানৱ অধিকাৰ দিৱস পালনৰ দিনটোত চৰকাৰে অন্তত: মানৱ অধিকাৰ উলংঘনৰ ঘটনাসমূহৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণৰ সংকল্প লোৱা উচিত।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

August 27, 2025 6:31 am
নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

August 26, 2025 9:27 pm
ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

August 26, 2025 8:23 pm
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

August 26, 2025 7:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

এতিয়াও পুৰণি প্ৰেচাৰ কুকাৰত ৰন্ধা-বঢ়া কৰি আছে নেকি? চিকিৎসকে দিছে সকীয়নি

August 27, 2025 6:31 am
নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

August 26, 2025 9:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd