• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ পাছতো নগাঁৱত সৰ্বানন্দ-হিমন্তৰ যাদু নচলিল

মিণ্টু দাস by মিণ্টু দাস
December 15, 2018 7:31 am
himanta-sarba

মুখ্য মন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনত নগাঁও জিলাৰ ২৯ টা জিলা পৰিষদ সমষ্টিৰ ভিতৰত বিজেপিয়ে ১২ টা জিলা পৰিষদ সমষ্টি দখল কৰি বৃহৎ দল হিচাপে পৰিগণিত হ’লেও মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰে জিলাখনৰ কলিয়াবৰৰ বাদে বাকী ঠাইত চমক দেখুৱাব নোৱাৰিলে।

মুখ্য মন্ত্ৰী সোণোৱালে বটদ্ৰৱা সমষ্টিৰ কপাহেৰাত চাবুকধৰা জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী অঞ্জু দাসৰ লগতে সমষ্টিটোৰ হাতীচোং, টুকটুকী আৰু বটদ্ৰৱাৰ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছিল যদিও একমাত্ৰ হাতীচোং জিলা পৰিষদ সমষ্টিৰ বাহিৰে বাকীকেইটা জিলা পৰিষদ সমষ্টিত বিজেপি প্ৰাৰ্থীয়ে পৰাজয় বৰণ কৰিবলগীয়া হয়।

Apply Now

বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ গৃহ জিলা পৰিষদ চাবুকধৰাত কংগ্ৰেছ প্ৰাৰ্থী মনিষা বৰদলৈৰ হাতত বিজেপি প্ৰাৰ্থী গৰাকীয়ে পৰাজয় বৰণ কৰে। ইয়াৰ বিপৰীতে টুকটুকী আৰু বটদ্ৰৱা জিলা পৰিষদ সমষ্টিত ক্ৰমে এআইয়ুডিএফৰ প্ৰাৰ্থী গোলাম ৰাব্বানী আৰু আছমিনা খাতুন বিজয়ী হয়।একমাত্ৰ হাতীচোং জিলা পৰিষদ সমষ্টিত বিজেপি প্ৰাৰ্থী সীমা ৰেখা ভঁ‌ড়ালী বিজয়ী হয়।

ইপিনে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰৰে জিলাখনৰ কলিয়াবৰ সমষ্টিৰ লগতে বঢ়মপুৰ আৰু নগাঁৱৰ সদৰ বিধান সভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাইছিল যদিও কলিয়াবৰৰ বাহিৰে বঢ়মপুৰ আৰু সদৰ বিধান সভা সমষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ মেজিকে কাম নিদিলে।

মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বঢ়মপুৰ বিধান সভা সমষ্টিৰ কঠিয়াতলী-কামপুৰ জিলা পৰিষদৰ এলেকাত আৰু নগাঁও সদৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত পাখিমৰীয়া জিলা পৰিষদ সমষ্টিৰ এলেকাতো বিজেপিৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল যদিও দুয়োটা জিলা পৰিষদ সমষ্টিতে বিজেপি প্ৰাৰ্থী কেইজনে মুখ থেকেচা খায়।

কঠিয়াতলী-কামপুৰ জিলা পৰিষদত অগপ প্ৰাৰ্থী ঘন বৰদলৈয়ে বিজেপি প্ৰাৰ্থী ৰূপাংকৰ বৰদলৈক পৰাজিত কৰাৰ বিপৰীতে পাখিমৰীয়া জিলা পৰিষদ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী দিপীকা শইকীয়াই বিজেপি প্ৰাৰ্থী সংগীতা ভূঞাক পৰাজিত কৰে।

সকলো ধৰণৰ নিৰ্বাচনতে ষ্টাৰ কেম্পেইনাৰৰ বিশেষ গুৰুত্ব থকা বুলিয়ে প্ৰাৰ্থী সকলে ভোটাৰক আকৰ্ষণৰ বাবে নিজ নিজ এলেকাত ষ্টাৰ কেম্পেইনাৰক বিচাৰে।

কিন্তু বিজেপিক ক্ষমতালৈ অনাত প্ৰচাৰৰ ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰা ড° হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰতিক সময়ত ভোটাৰৰ মাজত প্ৰভাৱ কিমান প্ৰতাপী মন্ত্ৰীজনে নিৰ্বাচনী প্ৰচাৰ চলোৱা নগাঁৱৰ দুটাকৈ জিলা পৰিষদ সমষ্টিৰ এটাতো দলীয় প্ৰাৰ্থী বিজয়ী হ’বলৈ সক্ষম নোহোৱাত প্ৰশ্ন উত্থাপন হৈছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm
এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

August 24, 2026 7:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd