• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতিক গ্রেপ্তাৰ : আজি ৩৬ ঘণ্টীয়া কাৰ্বি আংলং জিলা বন্ধ

নংগী টেৰণ by নংগী টেৰণ
December 16, 2018 12:02 pm
press-conference-of-social-organisations-calling-a-36-hour-bandh-on-Saturday-evening-1140x570

শনিবাৰে সামাজিক সংগঠনে সংবাদমেলৰ জৰিয়তে ৩৬ ঘন্টীয়া কাৰ্বি আংলং বন্ধ ঘোষণা কৰে। ফটো : নৰ্থইষ্ট নাও

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছিমিউন ৰংফাৰক শনিবাৰে ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ৰংফাৰে ৰাজহুৱা সভাত অসাংবিধানিক শব্দ ব্যৱহাৰ কৰাৰ অভিযোগ আনি তুলিৰাম ৰংহাঙৰ ভাতৃ ৰবিৰাম ৰংহাঙে দিয়া এজাহাৰৰ ভিত্তিত শনিবাৰে ডিফু আৰক্ষীয়ে ৰংফাৰক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত যোৱা ৮ ডিচেম্বৰৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা লংমাৰ্ছ কৰি ডিফুলৈ আহি ১১ ডিচেম্বৰত ডিফুত সমবেত হৈ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ জৰিয়তে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল।

১১ ডিচেম্বৰত পৰিষদত মুখ্য কাৰ্যবাহী সদস্যকে ধৰি এগৰাকীও কাৰ্যবাহী সদস্য উপস্থিত নথকাত ছাত্ৰ সন্থাটোৰ উদ্যোগত আন সহযোগী দলসমূহে তীব্ৰ ক্ষোভ উজাৰি পাছত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে। এই ৰাজহুৱা সভাত বিজেপিয়ে স্বায়ত্তশাসন প্ৰদান কৰা সন্দৰ্ভত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা নকৰাকে ধৰি বিভিন্ন বিষয়ত  বক্তাসকলে ভাষণ দিয়ে।

উক্ত সভাত কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছিমিউন ৰংফাৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে অসাংবিধানিক শব্দ প্ৰয়োগৰ অভিযোগ তুলি ৰংহাঙৰ ভাতৃ ৰবিৰাম ৰংহাঙে ডিফু থানাত ইউ/এছ ১৮৯, ১৫৯, ১৫৩,৫০৬, ৫০০, ৫০৪,৫০৫ ধাৰা সন্নিৱিষ্ট কৰি গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিত শনিবাৰে  পুৱা আৰক্ষীয়ে কোনো জাননী অথবা ৱাৰেণ্ট নোহোৱাকৈ ছাত্ৰ নেতাজনক গ্ৰেপ্তাৰ কৰি ডিফু থানালৈ লৈ আনে।

ইপিনে, এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কাৰ্বি ছাত্ৰ সন্থাই শনিবাৰে বিয়লি ৩ বজাত এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত মুঠ ১৬টা সংগঠনৰ সদস্য উপস্থিত থাকে। সংবাদমেলযোগে সংগঠনকেইটাই বিনাচৰ্তে কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতিগৰাকীক শীঘ্ৰেই মুকলি কৰি দিবলৈ দাবী জনায়।

আনহাতে, ছাত্ৰনেতাজনৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত সংগঠনকেইটাই আজি পুৱা ৫ বজাৰ পৰা সোমবাৰে বিয়লি ৫ বজালৈ ৩৬ ঘণ্টীয়া কাৰ্বি আংলং জিলা বন্ধৰ আহ্বান দিয়ে। তদুপৰি, ছাত্ৰনেতাজনক অতিশীঘ্ৰে মুক্তি নিদিলে অনিৰ্দিষ্টকালীন জিলা বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো ভাবুকি দিছে।

নংগী টেৰণ

নংগী টেৰণ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

August 15, 2025 8:15 pm
লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

August 15, 2025 7:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd