• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুদখোৰৰ অত্যাচাৰত সাজি থকা ঘৰত থকা আৰু নহ’ল নগাঁৱৰ শিক্ষকৰ

মিণ্টু দাস by মিণ্টু দাস
December 16, 2018 9:04 pm
nagaon

প্ৰতীকী ছবি। ইণ্টাৰনে’টৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজ কন্যাৰ চিকিৎসাত ব্যয়ৰ বাবে ধন লৈ সুদখোৰৰ “অত্যাচাৰ”ত নিৰঞ্জন হাজৰিকা নামৰ এজন শিক্ষকে আত্মহত্যা কৰাৰ এটা মৰ্মান্তিক ঘটনাই নগাঁৱত শোকৰ ছাঁ পেলাইছে।

উৰিয়াগাওঁ অঞ্চলৰ চুতীয়া গাঁৱত নিৰ্মীয়মান বাসগৃহতে চিপ লৈ মৰি থকা অৱস্থাত শিক্ষকজনক দেখি আৰক্ষীক খবৰ দিয়ে ওচৰ চুবুৰীয়াই। শনিবাৰে ৰাতি শিক্ষকজনে আত্মহত্যা কৰা বুলি ধাৰণা কৰিছে স্থানীয় লোকে।

Apply Now

মৃতদেহৰ পৰা উদ্ধাৰ কৰাৰ এটা চুইচাইড ন’টত শিক্ষকজনে সুদখোৰৰ অত্যাচাৰত আত্মহত্যা কৰাৰ কথা লিখাৰ লগতে ক’ক আৰু ফাগুনী নামৰ ২জন সুদখোৰৰ নাম লিখি গৈছে, জনাইছে আৰক্ষী সূত্ৰই।

জানিব পৰা মতে কেইদিনমান আগতে সুদখোৰে আহি ঘৰতে শিক্ষকজনক টকা বিচাৰি ভাবুকি প্ৰদান কৰা লগতে টকা আদায় নিদিলে পৰিয়ালৰ আটাইকেইজন সদস্যকে ঘৰৰ পৰা চোঁচৰাই নিয়াৰ ভাবুকি দিছিল।

অলেখ ধন ভৰি চিকিৎসা কৰোৱা সত্ত্বেও নিজ সন্তানক মৃত্যুৰ পৰা বচাব নোৱাৰাৰ শোকৰ সমান্তৰালকৈ সুদখোৰৰ আচৰণত অস্থিৰ হৈ শনিবাৰে তেওঁ এই চৰম পন্থা গ্ৰহণ কৰিবলৈ বাধ্য হয়। দুয়োটা বৃক্ক বিকল হোৱা নিজৰ জীয়েকৰ চিকিৎসা কৰাবলৈ সুদলৈ টকা লৈছিল কৰৈয়নী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হাজৰিকাই।

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে, কিন্তু পৰিয়ালৰ লোকে এতিয়ালৈকে অভিযোগ দাখিল কৰা নাই বুলি জানিব পৰা গৈছে।

পত্নী আৰু এটি পুত্ৰ সন্তানক এৰি গৈছে হাজৰিকাই।

ৰাইজে সুদখোৰসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীক দাবী জনাইছে। ইফালে এই সুদৰ ব্যৱসায়ৰ লগত একাংশ চৰকাৰী কৰ্মচাৰীৰ লগতে খোদ আৰক্ষীৰ দুজনমান কনিষ্টবল জড়িত হৈ থকা বুলিও অভিযোগ উঠিছে।

জিলাখনত সুদখোৰৰ উপদ্ৰৱত ইয়াৰ পূৰ্বেও কেইবাজনো লোকে আত্মহত্যা কৰাৰ ঘটনা ঘটিছে। ৰাইজৰ অভিজ্ঞতা মতে সুদ পৰিশোধ কৰিব নোৱাৰিলে গুণ্ডা লগাই ভাবুকি দিয়া এই ব্যৱসায়ীসকলে ধন দিয়াৰ বাবদ মাটিৰ দলিল, আ-অলংকাৰৰ লগতে আনকি এ টি এম কাৰ্ডো ৰাখি থয়। তেওঁলোকে আনকি ধৰুৱাসকলৰ এ টি এমৰ পাছৱৰ্দো ৰাখি থয় আৰু নিজেই একাউণ্টৰ পৰা ধন উলিয়াই লয়।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd