• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচনৰ শিক্ষা : বিজেপিৰ প্ৰতি মৰমিয়াল হৈ পৰিল অগপৰ নেতাসকল

মিত্ৰতা ভংগৰ হুমকি পাহৰিলে; সংবাদমেলত মোলায়েম হৈ পৰিল আঞ্চলিক দলটোৰ নেতাসকলৰ সুৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 18, 2018 6:56 pm
AGP

আমবাৰীস্থিত দলীয় কাৰ্য্যালয়ত সংবাদমেলত অগপৰ কেইজনমান আগ শাৰীৰ নেতা। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ ফলে সুৰ সলাবলৈ বাধ্য কৰিলে ৰাজ্যখনৰ আঞ্চলিকতাবাদী দল অগপৰ নেতাসকলৰ। গপ নোহোৱা অ(গপ), ভেম নোহোৱা দলত পৰিণত হৈ পৰিল দলটো। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰা দলটোৰ আঞ্চলিকতাবাদী, জাতীয়তাবাদী নেতাসকল এতিয়া হৈ পৰিছে বিজেপিৰ প্ৰতি কৃতজ্ঞ, ধন্য একোজন। ফলত পঞ্চায়ত নিৰ্বাচনত দলটোৱে বিজেপিৰ সৈতে এই এৰিম এই এৰিম কৰি থকা মিত্ৰতা নেৰাটো এক প্ৰকাৰৰ স্পষ্ট হৈ পৰিছে।

পঞ্চায়ত নিৰ্বাচনৰ ফল লাভৰ পিছতে দলটোৰ নেতাসকলৰ এই পৰিৱৰ্তন অসমৰ জনগণৰ চকুত নপৰাকৈ থকা নাই।

Apply Now

আজি দলটোৰ নেতৃবৰ্গই আমবাৰীস্থিত কেন্দ্ৰীয় কাৰ্য্যালয়ত দিয়া এখন সংবাদমেলতো একেই ইংগিত দিলে। আঞ্চলিক দলটোৰ জ্যেষ্ঠ নেতা কমলা কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু মনোজ শইকীয়াই এই সংবাদমেল সম্বোধন কৰে। দলটোৰ নেতাকেইজনে বিজেপি দলৰ পঞ্চায়তৰ সফলতাৰ বাবে ধনবাদহে জ্ঞাপন কৰে। তাৰ বাহিৰে বিজেপিৰ বিৰুদ্ধে কোনো এক টু-বাক্য উচ্চাৰণ নকৰিলে।

উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনত অগপ দলে নাগৰিকত্ব সংশোধনী বিধেয়কক এটা মূল ইচ্ছ্যু হিচাপে লৈছিল আৰু মিত্ৰ হ’লেও বিজেপিৰ সৈতে এই বিষয়ত নিজৰ বিপৰীত মেৰুৰ অৱস্থান দাঙি ধৰিছিল। আনহাতে জাতীয়তাবাদী শিবিৰৰ সমৰ্থন পোৱাৰ আশাত পঞ্চায়ত নিৰ্বাচনত মিত্ৰ বিজেপিৰ সৈতে লগ নালাগি অকলেই নিৰ্বাচন খেলিছিল। নিৰ্বাচনী প্ৰচাৰৰ সময়ত দলটোক ‘মিত্ৰ’ বিজেপিয়ে কঠোৰ সমালোচনা কৰাৰ সমান্তৰালভাৱে অগপয়ো বিজেপিক কঠোৰ সমালোচনা কৰিছিল। লগতে ‘যিকোনো মুহূৰ্ততে মিত্ৰতাৰ পৰা ওলাই আহিব পাৰো’ এনে মন্তব্যও দিছিল। “মিত্ৰতা ভংগ কৰিবলৈ এক মিনিটো নালাগে।” অতুল বৰাই সংবাদ মাধ্যমৰ আগত কৈছিল।

কিন্তু নিৰ্বাচনৰ ফল অতি শোচনীয় হোৱাৰ পিছতে সেই কঠোৰতা প্ৰত্যাহাৰ কৰিবলৈ তৎপৰ হৈ পৰিল আঞ্চলিক দলটোৰ নেতৃবৰ্গ। আজি সংবাদমেলত বিজেপিৰ গুণহে গায় দলটোৰ নেতৃবৰ্গই।

“পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে সফলতা লাভ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো।” এইদৰে সংবাদমেলত কয় অগপৰ সাধাৰণ সম্পাদক কমলা কলিতাই।

হাস্যকৰভাৱে, পঞ্চায়ত নিৰ্বাচনৰ হতাশাজনক ফলাফলৰ পাছতো ‘১০২টা বিধানসভা সমষ্টিতে ভেটি সুদৃঢ় কৰিবলৈ সক্ষম হৈছো।‘ বুলিহে দাবী কৰে কলিতাই।

অৱশ্যে, পঞ্চায়ত নিৰ্বাচনত আশাপ্ৰদ ফলাফল লাভ কৰিব পৰা নাই বুলি উক্ত সংবাদমেলতে অকপট স্বীকাৰোক্তি দিয়ে অগপ নেতাজনে।

মন কৰিব লগীয়া যে অগপৰ হতাশাজনক ফলাফলক লৈ ১৬ ডিচেম্বৰত এক আলোচনাচক্ৰত মিলিত হৈছিল অগপ নেতৃবৃন্দ। উক্ত আলোচনাচক্ৰতে নিজৰ মাজত পৰ্য্যালোচনা কৰে নেতাসকলে। এই কথা সংবাদমেলত জানিবলৈ দিয়ে কলিতাই।

প্ৰণিধাণযোগ্য যে, ২০০১ চনৰ পৰা ২০১৬ চনলৈকে প্ৰত্যেক নিৰ্বাচনত হতাশাজনক ফলাফলৰ পাছতেই নিজৰ মাজত পৰ্য্যালোচনা সভাৰ আয়োজন কৰি আহিছে দলটোৱে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কংগ্ৰেছৰ কাৰ্য্যকালত বিৰোধী পক্ষত থকাৰ সময়ত লাভ কৰা আসনতকৈ প্ৰায় আধা সংখ্যক কম আসন পায় এইবাৰ অগপই।

ইপিনে সংবাদমেলত জানিবলৈ দিয়ে যে অগপ নেতৃত্বই দলটোৰ জিলা কমিটীসমূহলৈ দলৰ কাম-কাজ তথা পঞ্চায়ত নিৰ্বাচনত জয়ী প্ৰাৰ্থী আৰু পৰাজিত প্ৰাৰ্থীৰ বিতং প্ৰতিবেদন বিচাৰি ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে। অহা ২৭ ডিচেম্বৰৰ ভিতৰত জিলা কমিটীসমূহে এই প্ৰতিবেদন জমা দিব লাগিব বুলি কয় কলিতাই।

ইপিনে, অগপ দলটোৱে আশা কৰা ধৰণে ফল পোৱা নাই বুলি মন্তব্য কৰি কলিতাই লগতে কয় “পৰ্য্যালোচনাআৰম্ভ হৈছে অগপৰ মাজত।”

আনহাতে, অগপৰ হতাশজনক ফলাফলক “নতশিৰে মানি লৈছো” বুলি মন্তব্য কৰে সংবাদমেলত উপস্থিত থকা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

“ক্ষমতাত যি দল থাকে তাৰ ফলাফল ভাল হৈছে। বিজেপিয়ে ভালকৈ কাম কৰিব বুলি আশা কৰি ভোট দিছে জনসাধাৰণে।” বিজেপিক সমৰ্থন কৰি এই মন্তব্য ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ।

ইপিনে সাংবাদিকে লোকসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব নেকি বুলি সোধাত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ‘লোকসভা নিৰ্বাচনলৈ সময় আছে। দলে আলোচনা কৰি আছে।‘ বুলি গা এৰা মন্তব্য কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd