• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এপ ভিত্তিক ৩ টকীয়া বাইক টেক্সি সেৱা ৰেপিড’ত সংযোজন ঘটিল মহিলা বাইক ৰাইডাৰ্ছৰ

মাত্ৰ ৩ টকা প্ৰতি কিলোমিটাৰত মহিলা ৰাইডাৰে নিজৰ বাইকত আপোনাক লৈ যাব গন্তব্য স্থানলৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 22, 2018 7:02 pm
Female Bike Rider

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ মহিলাৰ বাবে সুখবৰ কঢ়িয়াই মহানগৰীত যোৱা ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এপ ভিত্তিক ৩ টকীয়া বাইক টেক্সি সেৱা (যাক জনপ্ৰিয়ভাৱে বেক্সি (bike taxi) বুলি কোৱা হয়) ৰেপিড’ত আজিৰ পৰা সংযোজন ঘটিল মহিলা বাইক ৰাইডাৰ্ছ।

প্ৰথম অৱস্থাত কেৱল পুৰুষ ৰাইডাৰ্ছৰ বাবে পঞ্জীয়নৰ ব্যৱস্থা আছিল যদিও মহিলা যাত্ৰীসকলৰ সুবিধাৰ বাবে মহিলা ৰাইডাৰ্ছ ৰখাৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়ে ৰেপিড’ৰ গুৱাহাটী চিটি হেড আচাৰ্য্যই। তেওঁ কয় যে ইচ্ছুক মহিলা ৰাইডাৰছসকলে ‘ৰেপিড’ এপত গৈ নিজৰ নামটো পঞ্জীয়ন কৰিব পাৰে।

Apply Now

উল্লেখযোগ্য যে বাংগালুৰুৰ এটা প্ৰতিষ্ঠান ৰেপিড’ই যোৱা ১৭ ডিচেম্বৰৰ পৰা গুৱাহাটী মহানগৰীত আৰম্ভ কৰিছিল ওলা-উবেৰৰ দৰেই কম মূল্যত যাত্ৰী কঢ়িওৱা বাইক সেৱা।

ইপিনে, যোৱা ৫ দিনত মহানগৰৰ যাত্ৰীসকলৰ পৰা বহু ভাল সঁহাৰি লাভ কৰি থকা বুলি জানিবলৈ দি সুমন আচাৰ্য্যই আমাৰ সাংবাদিকক কয়, “প্ৰথম দিনাই প্ৰায় ১০০ জনে বুকিং কৰিছিল, তাৰ পাছৰ দিনা  ২০০ জনে বুক কৰিছিল।”

তদুপৰি ২১ ডিচেম্বৰৰ দিনটোত বুকিং কৰা যাত্ৰীৰ সংখ্যা ৫০০ ৰো অধিক বুলি আচাৰ্য্যই আমাক জনায়।

তেওঁ জনোৱা মতে বিগত ৫ দিনত মুঠ ১৪০০-ৰো অধিক যাত্ৰীয়ে ৰেপিড’ৰ বাইক সেৱাৰ জৰিয়তে এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰিছে।

আনহাতে,  ৰেপিড’ৰ সৈতে জড়িত ৰাইডাৰছসকলৰ পৰা একো একোটা ট্ৰিপৰ বিনিময়ত ৪ টকাকৈ ৰেপিড’ কৰ্তৃপক্ষই লয় বুলি সুমন আচাৰ্য্যই জানিবলৈ দিয়ে ৰেপিড’ কতৃপক্ষই।

এই সন্দৰ্ভত আচাৰ্য্যই কয়, “ধৰা হওক ৰেপিড’ সেৱাৰ এজন ৰাইডাৰ্ছে ১৫০০ টকা আৰ্জন কৰিলে, তেওঁ দিনটোত ১৫ টা ট্ৰিপ মাৰিলে। তেওঁৰ পৰা ৰেপিড’ই ১৫x৪ = ৬০ টকা ৰেপিড’ কৰ্তৃপক্ষই পাব। বাকী অংশখিনি তেওঁৰ হাততে থাকিব।”

বাইকৰ বাবে প্ৰয়োজনী পেট্ৰ’ল ৰাইডাৰ্ছে নিজৰ ধনেৰেই ভৰাব লগীয়া হয় বুলি আচাৰ্য্যই আমাৰ আগত কয়।

তেওঁ জনোৱামতে বৰ্তমানলৈকে ২৫০ জন ৰাইডাৰ্ছ জৰিত হৈ আছে এই ৰেপিড’ সেৱাৰ সৈতে। লগতে পুৰুষ-মহিলা  ৰাইডাৰ্ছৰ নাম পঞ্জীয়নৰ সুবিধাটো বৰ্তমানো চলি আছে।

ইপিনে, নাম পঞ্জীয়নৰ ক্ষেত্ৰত ইচ্ছ্যুক ৰাইডাৰ্ছসকলে তেওঁলোকৰ বাহনৰ পঞ্জীয়ন পত্ৰ, অনুজ্ঞাপত্ৰ আৰু ইন্স্যুৰেন্স ৰেপিড’ এপত গৈ ভেৰিফাই কৰাব লাগিব তথা তাৰ পাছতেই ৰাইডাৰগৰাকীক ৰেপিড’ৰ গুৱাহাটীৰ কাৰ্য্যালয়লৈ মাতি তেওঁৰ বাহনৰ নথি-পত্ৰ পৰীক্ষা কৰা হ’ব বুলি আচাৰ্য্যই আমাক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে বাইক ৰাইডাৰ্ছে হেলমেট ব্যৱহাৰ নকৰিলে তথা বাইকত যাত্ৰা কৰা যাত্ৰীক যদি হেলমেট যোগান ধৰিব নোৱাৰিলে ৰাইডাৰ্ছৰ পঞ্জীয়ন বাতিল কৰা হ’ব বুলি জানিবলৈ দিয়ে প্ৰতিষ্ঠানটোৱে।

‘’আমাৰ ৰাইডাৰ্ছসকলে যাত্ৰীসকলক হেলমেট যোগান ধৰি আছে যদিও কিছুসংখ্যক যাত্ৰীয়ে উক্ত হেলমেট ব্যৱহাৰ কৰিবলৈ আপচোচ কৰে। তথাপি ৭০ শতাংশ যাত্ৰীয়ে হেলমেটটো ব্যৱহাৰ কৰিবলৈ মান্তি হৈছে।” সুমন আচাৰ্য্যই কয়।

আচাৰ্য্যই নৰ্থ-ইষ্ট নাওক জনোৱামতে, যোৱা প্ৰায় ৫ দিনত এতিয়ালৈকে গুৱাহাটীবাসীৰ দ্বাৰা প্ৰায় চাৰি হাজাৰ পাঁচশ ম’বাইল এপ ডাউনল’ড হৈছে।

প্ৰসংগ ক্ৰমে উল্লেখ কৰিব পাৰি যে ৰেপিড’ বাইক টেক্সি সেৱা প্ৰচলন থকা গোৱা, মুম্বাই, বাংগালুৰু ইত্যাদি নগৰ সমূহত গ্ৰাহকৰ পৰা ভাল সঁহাৰিৰ মাজেৰে চলি আছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm
কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm
কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd