বেডমিণ্টন খেলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে বৰপেটা চহৰৰ গান্ধীনগৰত কেইগৰাকীমান উদীয়মান যুৱকৰ প্ৰচেষ্টাত স্থাপন হোৱা বৰপেটাৰ শংকৰ আজান ইন্দোৰ হলত কালি সদৌ অসম ভিত্তিত চতুৰ্থ নন ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হয়।
শংকৰ আজান বেডমিণ্টন একাডেমীৰ উদ্যোগত অনুষ্ঠিত নন্ ৰেংকিং পুৰুষ(দ্বৈত) বেডমিণ্টন প্ৰতিযোগিতাখনত ৰাজ্যখনৰ গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আদিকে ধৰি বিভিন্ন জিলাৰ ২৩ টা কৈ দলে অংশগ্ৰহণ কৰে বুলি উদ্যোক্তা সকলৰ পৰা জানিব পৰা গৈছে।
মন কৰিব লগীয়া যে চৰকাৰৰ পৰা কোনো ধৰণৰ অনুদান তথা সাহায্য নাভ নকৰাকৈ বৰপেটা চহৰৰ ২০ জন মান উদীয়মান যুৱকে তেওঁলোকৰ নিজা প্ৰচেষ্টাৰে শংকৰ আজান ইন্দোৰ ষ্টেডিয়ামটো নিৰ্মাণ কৰিছে। আৰু কালি এই ইন্দ’ৰ ষ্টেডিয়ামতে তেওঁলোকে বেডমিণ্টন প্ৰতিযোগিতাখন আয়োজন কৰে।