• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সময়সীমা এসপ্তাহ : নিযুক্তি নিদিলে সোণোৱালৰ বিৰুদ্ধে জংগী হোৱাৰ হুংকাৰ দিব্যাংগৰ!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 23, 2018 11:01 pm
Dibyanga VS Sonowal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিব্যাংগসকল প্ৰতাৰণাৰ সন্মুখীন হৈ অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। কংগ্ৰেছৰ শাসনতো দিব্যাংগসকল প্ৰতাৰণাৰ সন্মুখীন হৈছিল যদিও মাহে ৫০০ টকাকৈ বছৰে ৬০০০ টকা লাভ কৰি আহিছিল। কিন্তু বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা বঞ্চিত হৈ পৰিল উক্ত ধনৰাশিৰ পৰা। এই অভিযোগ প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰৰ।

তদুপৰি, এইখন চৰকাৰৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে  বাৰেপতি আশা দি দি আশাত বন্দী কৰি ৰাখিছে, আৰু প্ৰতিশ্ৰুতিতে সীমাবদ্ধ সোণোৱাল চৰকাৰে দিব্যাংগসকলক দীৰ্ঘদিন আভুৱা ভাৰি আহিছে।

Apply Now

সোণোৱাল চৰকাৰৰ আশ্বাসৰ ভিতৰত অন্যতম হৈছে ৰাজ্যৰ ৫৪ টা বিভাগত শিক্ষিত দিব্যাংগসকলক নিযুক্তি দিয়া। এই আশ্বাসৰ ‘সীমা চেৰাই’ যোৱাৰ বাবে এতিয়া ‘প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসম’, ‘দৃষ্টিহীন পৰিষদ, অসম’ৰ লগতে অন্যান্য সংগঠনসমূহে এসপ্তাহৰ পাছতেই সোণোৱাল চৰকাৰৰ বিৰুদ্ধে ‘জংগী’ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ‘প্ৰতিবন্ধী সুৰক্ষা সংস্থা’ অসমৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে।

উল্লেখ্য যে, ৰাজ্যৰ মুঠ ৫৪ টা বিভাগত ২০১৭ চনৰ ১ চেপ্টেম্বৰলৈকে তৃতীয় আৰু চতুৰ্থ বৰ্গত কাম কৰি অহা চাকৰিয়ালৰ সংখ্যা হৈছে মুঠ ১,৮১,৭৮৫ গৰাকী। এইসকলৰ ভিতৰত দিব্যাংগসকলৰ বাবে সংৰক্ষিত ৩ শতাংশ হিচাপত ধৰিলে ৫৩৩১ জন দিব্যাংগই বৰ্তমান ৰাজ্যখনৰ সংশ্লিষ্ট বিভাগত কাম কৰি থাকিব লাগিছিল। তাৰ বিপৰীতে উক্ত দিনলৈকে ৰাজ্যখনত মুঠ ১২৩৩ জন দিব্যাংগইহে সংশ্লিষ্ট বিভাগসমূহত কৰ্মৰত আছিল।

মন কৰিবলগীয়া যে, উপৰোক্ত হিচাপৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় যে উক্ত দিনটোলৈকে ৪২৯৮ টা পদ দিব্যাংগসকলৰ বাবে খালী হৈ আছিল।

ইপিনে, শিক্ষা বিভাগে সমগ্ৰ ৰাজ্যতে সহযোগী শিক্ষকৰ সংখ্যা দেখুৱাইছিল ৮৮৬ গৰাকী। তাৰ বিপৰীতে শিক্ষা বিভাগে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰৰ আৰ টি আই উত্তৰত প্ৰদান কৰিছিল অন্য এক তথ্য। উক্ত আৰ টি আই তথ্যৰ পৰাই ফাদিল হৈছিল শিক্ষা বিভাগৰ মিথ্যাচাৰ।

আৰ টি আই তথ্য মতে কেৱল ৬ খন জিলা ক্ৰমে কাৰ্বি আংলং, ডিমা হাচাও, নলবাৰী, দৰং, কৰিমগঞ্জ আৰু লখিমপুৰ জিলাতে সহযোগী শিক্ষকৰ সংখ্যা দেখুৱাইছিল ১০,২০৮ জন। এই সংখ্যাৰ পৰা দিব্যাংগসকলৰ বাবে সংৰক্ষিত আসন ৩ শতাংশ হ’লে ৪২৬ জন শিক্ষকে নিযুক্তি পাব লাগিছিল।

তাৎপৰ্য্যপূৰ্ণ কথা যে, আৰ টি আই তথ্য অনুসৰি কেৱল ৬ খন জিলাতে যদি ১০,২০৮ গৰাকী সহযোগী শিক্ষক কৰ্মৰত হৈ আছে, তেন্তে সমগ্ৰ ৰাজ্যতে ইয়াৰ সংখ্যা প্ৰায় ১ লাখ ৫০ হাজাৰ হ’বগৈ।

এই সন্দৰ্ভত চৰকাৰৰ শিক্ষা বিভাগে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ বাবে ক্ষুব্ধ হৈ পৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সাধাৰণ সম্পাদকগৰাকী। শিক্ষা বিভাগৰ এই কাণ্ডক ‘অতি হাস্যকৰ’ বুলি নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত আখ্যা দিয়ে।

ইপিনে, শিক্ষা বিভাগে অহা ৭ দিনৰ ভিতৰত এক সঠিক তথ্য নিদিলে তথা থলুৱাভিত্তিক যোগ্যতা থকা দিব্যাংগসকলক নিযুক্তি নিদিলে ‘সোণোৱাল’ আৰু শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ বিৰুদ্ধে জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে প্ৰতিবন্ধীসকলে।

‘জংগী আন্দোলনৰ সময়ত কোনো আইন শৃংখলা জনিত পৰিস্থিতিৰ উদ্ভৱ হ’লে তাৰ বাবে দায়ী হ’ব চৰকাৰ।‘ এই হুংকাৰ নৃপেন মালাকাৰৰ।

তদুপৰি, মালাকাৰে অহা এমাহৰ ভিতৰত ৰাজ্যৰ ৫৪ টা বিভাগত দিব্যাংগসকলৰ বাবে খালী থকা সকলো পদতে থলুৱাভিত্তিক যোগ্যতাসম্পন্ন দিব্যাংগক নিযুক্তি দিয়াৰ বাবে দাবী জনোৱাৰ উপৰিও নিযুক্তি প্ৰক্ৰিয়া ‘অনলাইন’ নকৰি ‘অফলাইন’ কৰাৰ বাবে দাবী জনায়।

আনহাতে, দিব্যাংগসকলক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি অহা এমাহৰ মাহেকীয়া হিচাপত এহাজাৰ টকাৰ সলনি দৈনিক ১০০ টকাৰ হিচাপত মাহে ৩ হাজাৰ টকাকৈ মাননি প্ৰদান কৰিবৰ বাবে সোণোৱাল চৰকাৰক আহ্বান জনায়।

উল্লেখ্য যে, দিব্যাংগসকলে ওপৰোক্ত দাবীসমূহৰ উপৰিও যোৱা ২১ ডিচেম্বৰৰ দিনা মুখ্য মন্ত্ৰী সোণোৱালৰ সৈতে অসম প্ৰশাসনীয় পদাধিকাৰী আইন মহাবিদ্যালয়ত হোৱা এখন বৈঠকত  গুৱাহাটীত দিব্যাংগসকলৰ বাবে এক জিৰণি গৃহ, শিক্ষক নিযুক্তিৰ বাবে এমাহৰ ভিতৰত প্ৰতিবন্ধীসকলৰ মাজত বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰা, অহা বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত ৰাজ্যত উচ্চশিক্ষাৰ বাবে দৃষ্টিহীন মহাবিদ্যালয় গঠন কৰাৰ বাবে দাবী জনাইছিল।

অন্যথা আগন্তুক লোকসভা নিৰ্বাচনত সোণোৱাল চৰকাৰে হেৰুৱাবলগীয়া হ’ব পাৰে ৪০ লাখ দিব্যাংগৰ সমৰ্থন তথা এমাহৰ পাছতে সোণোৱালৰ বিৰুদ্ধে গঢ়ি তুলিব জংগী আন্দোলন।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd