গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা অসম-গোৱাৰ মাজৰ ৰঞ্জি মেচখনত ৭ ৰানত জয়ী হ’বলৈ সক্ষম হয় ঘৰুৱা দল অসম। চতুৰ্থ দিনা অতি ৰোমাঞ্চকৰ হৈ পৰা মেচখনত কোন দলে বিজয়ৰ শেষ হাঁহি মাৰে সেয়া অনুমানৰ বাহিৰত আছিল যদিও অৱশেষত অৰূপ দাসৰ যাদুকৰী বলিঙে মেচখনত অসমক জয়ী কৰাত সহায় কৰে।
অসমৰ বিজয়ত মুখ্য ভূমিকা গ্ৰহণ কৰা পেচবলাৰ অৰূপে দ্বিতীয় ইনিংছত ২৪.২ অভাৰত ৬৭ ৰান খৰছ কৰি ৬টা উইকেট দখল কৰে। অৰূপৰ উপৰি মুখতাৰ হুছেইনে ৩টা আৰু ৰঞ্জিত মালীয়ে ১টা উইকেট লাভ কৰে।
উল্লেখ্য যে ২২ ডিচেম্বৰৰ পৰা চলা মেচখনত ঘৰুৱা দল অসমে প্ৰথমে বেট ধৰি ১৭৫ ৰান কৰাৰ বিপৰীতে গোৱাই সংগ্ৰহ কৰিছিল ১৯৩ ৰান। প্ৰথম ইনিংছত দুয়োটা দলৰে বেটছমেনসকল ব্যৰ্থ হোৱা পৰিলক্ষিত হয় যদিও দ্বিতীয় ইনিংছত বেটছমেনসকলে কিছু সফলতা লাভ কৰে।
১৮ ৰানত পিছ পৰি থকা অসমে দ্বিতীয় ইনিংছত অপেনাৰ ঋষভ দাসৰ ৬৭ আৰু অধিনায়ক অমিত সিনহাৰ ৫১ ৰানৰ সহায়ত ২৩৫ ৰান কৰিবলৈ সক্ষম হয় আৰু আলহী দল গোৱাক ২১৮ ৰানৰ এক প্ৰত্যাহ্বানমূলক লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে।
ইফালে আলহী দলটোৱে ২১৮ ৰানৰ লক্ষ্য আগত লৈ খেলিবলৈ আহি ৭৮ ৰানতে আগশাৰীৰ ৬টাকৈ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই শলঠেকত পৰে আৰু অসমৰ বাবে বিজয় নিশ্চিত হৈ পৰে। কিন্তু অমিত বৰ্মা আৰু আঠ নম্বৰত বেট ধৰিবলৈ অহা লক্ষ্য গাৰ্গে অসমৰ বিজয়ত হেঙাৰ হৈ থিয় দিয়ে আৰু তৃতীয় দিনাৰ অন্তলৈ দুয়ো অৰ্ধশতক অৰ্জন কৰি অপৰাজিত হৈ ৰয়। তৃতীয় দিনাৰ অন্তত আলহী দল গোৱাই ছয় উইকেটৰ বিনিময়ত ১৬৬ ৰান সংগ্ৰহ কৰে।
চতুৰ্থ তথা অন্তিম দিনা বিজয়ৰ বাবে অসমক প্ৰয়োজন আছিল চাৰিটা উইকেট আৰু আলহী দল গোৱাক প্ৰয়োজন ৫২ ৰানৰ। বিজয় নিশ্চিত। কিন্তু কোন দলে বিজয়ৰ শেষ হাঁহি মাৰে সেয়াহে লক্ষ্যণীয় আছিল। কিন্তু মেচ আৰম্ভ হোৱাৰ পাছতে অলপ সময়ৰ বাবে গোৱাই অসমক প্ৰত্যাহ্বান জনাইছিল যদিও অৱশেষত অৰূপৰ মাৰাত্মক স্পেলত অমিত, লক্ষ্যৰ লগতে বাকী বেটছমেন কেইজন দলীয় স্ক’ৰ ২১০ ৰানত ধৰাশায়ী হৈ পৰে। আৰু এইদৰে এখন ৰোমাঞ্চকৰ মেচত অসমে গোৱাক ৭ৰানত পৰাস্ত কৰিবলৈ সক্ষম হয়।