• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোটৰ কাৰণেই ৰৈ গ’ল নেকি বগীবিল দলঙৰ নামকৰণ?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 26, 2018 2:44 pm
modi-dedicating-Bogibeel-Road-cum-Road-Bridge--750x375

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দেশৰ আটাইতকৈ দীৰ্ঘতম ৰে’ল আৰু স্থলপথ সংযোগী দলংখন আনুষ্ঠানিকভাৱে ফিটা কাটি উদ্বোধন কৰে। ফটো : জনসংযোগৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বছৰ মে’ মাহত প্ৰধান মন্ত্ৰী মোদীয়ে দেশৰ দীৰ্ঘতম ঢলা-শদিয়া দলংখন উদ্বোধন কৰিয়েই ইয়াক ড০ ভূপেন হাজৰিকাৰ নামত নামকৰণ কৰিছিল। মোদীৰ সৌভাগ্য যে এবছৰ মানৰ ব্যৱধানতে, এই বছৰৰ ২৫ ডিচেম্বৰত ৰাজ্যখনৰ আন এখন গুৰুত্বপূৰ্ণ বগীবিল দলঙো উদ্বোধন কৰাৰ সৌভাগ্য ঘটিল।

কিন্তু তাৎপৰ্য্যপূৰ্ণভাৱে এইবাৰ দলংখন নামকৰণৰ পৰা বিৰত থাকিল প্ৰধান মন্ত্ৰী মোদী বা চৰকাৰ। অথচ পূৰ্বৰ অভিজ্ঞতাৰ পৰা অসমৰ মানুহে আশা কৰি আছিল যে ২৫ ডিচেম্বৰত দলংখন উদ্বোধন কৰাৰ লগতে নামকৰণো কৰা হ’ব। সেই আশাতে বিভিন্ন দল-সংগঠনে দলংখনৰ নাম তেওঁলোকৰ ঐতিহাসিক ব্যক্তিত্বৰ নামত নামকৰণৰ দাবী তুলি আহিছিল।

Apply Now

আনকি মাজতে এই খবৰ ওলাইছিল যে বগীবিল দলঙৰ নাম চুতীয়াসকলৰ বীৰাংগনা সতী সাধনীৰ নামেৰে সতী সাধনী সেতু কৰাৰ আহ্বান জনাই ৰাজ্যৰ পৰিবহণ বিভাগে ৰে’ল বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছে। পৰিবহণ বিভাগৰ উপ সচিব ৰাহুল চন্দ্ৰ দাসে উত্তৰ-পূব ৰে’লৱেৰ মহাপ্ৰৱন্ধকলৈ এই পত্ৰ প্ৰেৰণ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।

কিন্তু তাৰ পিছতে বিভিন্ন পক্ষৰ বাদ-প্ৰতিবাদ, দাবীৰ মাজেৰে দলংখনৰ নামটোক লৈ এক অবাঞ্ছিত বিতৰ্কৰ সূত্ৰপাত ঘটে। আহোম, মিচিং, দেউৰীসকলেও তেওঁলোকৰ ইতিহাসৰ শ্ৰদ্ধেয় নেতা-নেত্ৰীৰ নামেৰে দলংখন নামকৰণ দাবী তুলিলে। লগতে এটা ৰাজনৈতিক শক্তিয়ে দলংখনৰ নাম অটল সেতু কৰিব লাগে বুলিও দাবী উত্থাপন কৰিলে।

কিন্তু তাৰ পিছতো প্ৰধান মন্ত্ৰী অথবা চৰকাৰ দলংখনৰ নামকৰণৰ পৰা বিৰত থাকিল। ইয়াৰ অন্তৰালত ভোটৰ অংক নে ৰাজনীতি নে আন কিবা, সেই কথাটোৱে ভিন্নজনৰ মনত প্ৰশ্ন হৈ খুন্দিয়াই আছে। কাৰণ নাম এটাৰ প্ৰস্তাৱ ইতিমধ্যে ৰে’ল বিভাগলৈ প্ৰেৰণ কৰা হৈছে বুলি চৰকাৰৰ সূত্ৰৰ পৰাই জানিব পৰা গৈছিল।

মন কৰিব লগীয়া যে দলংখনৰ নাম অসম চৰকাৰে বীৰাংগনা সতী সাধনী সেতু হিচাপে নামকৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰস্তাৱ অনুসৰি ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে ২৫ ডিচেম্বৰত উদ্বোধনৰ সময়ত নাম ঘোষণা নকৰিলে চৰকাৰৰ চৰম প্ৰতাৰণাৰ প্ৰতিবাদত সংগঠনটোৰ ২২জন নেতাই আত্মজাহ কৰিব বুলি ভাবিকু দিছিল।

কিন্তু তাৰ পিছতো দলংখনৰ নামকৰণৰ পৰা বিৰত থাকিল প্ৰধান মন্ত্ৰী মোদী। সকলোকে ভবাই তোলা কথাটো হ’ল- নিৰ্বাচনৰ আগ মুহূৰ্তত কোনো জনাংশ, তথা দল-সংগঠনক বিতুষ্ট কৰাৰ পৰা বিৰত থকাৰ কৌশল নেকি এয়া? নে নিৰ্বাচন যোৱাৰ পিছত লাহেকৈ অটল হেতু বা ৰাজীৱ হেতু কৰাৰ বাট খোলা ৰখাৰ কৌশল?

নে এইখন দলঙো শৰাইঘাট দলঙৰ দৰে ইয়াৰ মূল নামেৰেই থাকি যাব? বহুতেই অৱশ্যে বগীবিল দলঙৰ নাম বগীবিল দলং থকাৰ সপক্ষেই মত দাঙি ধৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm
তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd