• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভোটৰ কাৰণেই ৰৈ গ’ল নেকি বগীবিল দলঙৰ নামকৰণ?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 26, 2018 2:44 pm
modi-dedicating-Bogibeel-Road-cum-Road-Bridge--750x375

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দেশৰ আটাইতকৈ দীৰ্ঘতম ৰে’ল আৰু স্থলপথ সংযোগী দলংখন আনুষ্ঠানিকভাৱে ফিটা কাটি উদ্বোধন কৰে। ফটো : জনসংযোগৰ সৌজন্যত

677
VIEWS
Share on FacebookShare on Twitter

যোৱা বছৰ মে’ মাহত প্ৰধান মন্ত্ৰী মোদীয়ে দেশৰ দীৰ্ঘতম ঢলা-শদিয়া দলংখন উদ্বোধন কৰিয়েই ইয়াক ড০ ভূপেন হাজৰিকাৰ নামত নামকৰণ কৰিছিল। মোদীৰ সৌভাগ্য যে এবছৰ মানৰ ব্যৱধানতে, এই বছৰৰ ২৫ ডিচেম্বৰত ৰাজ্যখনৰ আন এখন গুৰুত্বপূৰ্ণ বগীবিল দলঙো উদ্বোধন কৰাৰ সৌভাগ্য ঘটিল।

কিন্তু তাৎপৰ্য্যপূৰ্ণভাৱে এইবাৰ দলংখন নামকৰণৰ পৰা বিৰত থাকিল প্ৰধান মন্ত্ৰী মোদী বা চৰকাৰ। অথচ পূৰ্বৰ অভিজ্ঞতাৰ পৰা অসমৰ মানুহে আশা কৰি আছিল যে ২৫ ডিচেম্বৰত দলংখন উদ্বোধন কৰাৰ লগতে নামকৰণো কৰা হ’ব। সেই আশাতে বিভিন্ন দল-সংগঠনে দলংখনৰ নাম তেওঁলোকৰ ঐতিহাসিক ব্যক্তিত্বৰ নামত নামকৰণৰ দাবী তুলি আহিছিল।

আনকি মাজতে এই খবৰ ওলাইছিল যে বগীবিল দলঙৰ নাম চুতীয়াসকলৰ বীৰাংগনা সতী সাধনীৰ নামেৰে সতী সাধনী সেতু কৰাৰ আহ্বান জনাই ৰাজ্যৰ পৰিবহণ বিভাগে ৰে’ল বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছে। পৰিবহণ বিভাগৰ উপ সচিব ৰাহুল চন্দ্ৰ দাসে উত্তৰ-পূব ৰে’লৱেৰ মহাপ্ৰৱন্ধকলৈ এই পত্ৰ প্ৰেৰণ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।

কিন্তু তাৰ পিছতে বিভিন্ন পক্ষৰ বাদ-প্ৰতিবাদ, দাবীৰ মাজেৰে দলংখনৰ নামটোক লৈ এক অবাঞ্ছিত বিতৰ্কৰ সূত্ৰপাত ঘটে। আহোম, মিচিং, দেউৰীসকলেও তেওঁলোকৰ ইতিহাসৰ শ্ৰদ্ধেয় নেতা-নেত্ৰীৰ নামেৰে দলংখন নামকৰণ দাবী তুলিলে। লগতে এটা ৰাজনৈতিক শক্তিয়ে দলংখনৰ নাম অটল সেতু কৰিব লাগে বুলিও দাবী উত্থাপন কৰিলে।

কিন্তু তাৰ পিছতো প্ৰধান মন্ত্ৰী অথবা চৰকাৰ দলংখনৰ নামকৰণৰ পৰা বিৰত থাকিল। ইয়াৰ অন্তৰালত ভোটৰ অংক নে ৰাজনীতি নে আন কিবা, সেই কথাটোৱে ভিন্নজনৰ মনত প্ৰশ্ন হৈ খুন্দিয়াই আছে। কাৰণ নাম এটাৰ প্ৰস্তাৱ ইতিমধ্যে ৰে’ল বিভাগলৈ প্ৰেৰণ কৰা হৈছে বুলি চৰকাৰৰ সূত্ৰৰ পৰাই জানিব পৰা গৈছিল।

মন কৰিব লগীয়া যে দলংখনৰ নাম অসম চৰকাৰে বীৰাংগনা সতী সাধনী সেতু হিচাপে নামকৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰস্তাৱ অনুসৰি ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে ২৫ ডিচেম্বৰত উদ্বোধনৰ সময়ত নাম ঘোষণা নকৰিলে চৰকাৰৰ চৰম প্ৰতাৰণাৰ প্ৰতিবাদত সংগঠনটোৰ ২২জন নেতাই আত্মজাহ কৰিব বুলি ভাবিকু দিছিল।

কিন্তু তাৰ পিছতো দলংখনৰ নামকৰণৰ পৰা বিৰত থাকিল প্ৰধান মন্ত্ৰী মোদী। সকলোকে ভবাই তোলা কথাটো হ’ল- নিৰ্বাচনৰ আগ মুহূৰ্তত কোনো জনাংশ, তথা দল-সংগঠনক বিতুষ্ট কৰাৰ পৰা বিৰত থকাৰ কৌশল নেকি এয়া? নে নিৰ্বাচন যোৱাৰ পিছত লাহেকৈ অটল হেতু বা ৰাজীৱ হেতু কৰাৰ বাট খোলা ৰখাৰ কৌশল?

নে এইখন দলঙো শৰাইঘাট দলঙৰ দৰে ইয়াৰ মূল নামেৰেই থাকি যাব? বহুতেই অৱশ্যে বগীবিল দলঙৰ নাম বগীবিল দলং থকাৰ সপক্ষেই মত দাঙি ধৰিছে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd