• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যৌন নিৰ্য্যাতন: ৰাজেন গোহাঁই হাজিৰ হ’ব লাগিব আদালতত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 26, 2018 8:59 pm
Rajen Gohain

কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই। ফাইল ফটো।

341
VIEWS
Share on FacebookShare on Twitter

বহু প্ৰত্যাশিত বগীবিল দলং মুকলি অনুষ্ঠানত ভাষণ প্ৰদানৰ ২৪ ঘণ্টা নৌ হওঁতেই বুধবাৰে যৌন নিৰ্য্যাতনৰ গোচৰত নগাঁৱৰ আদালতৰ চমন জাৰি হৈছে ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ নামত।

গোহাঁইৰ বিৰুদ্ধে পূৰ্বে গোচৰ তৰা মহিলা গৰাকীৰ অভিযোগত অহা ৮ জানুৱাৰিত আদালতত হাজিৰ হোৱাৰ বাবে মন্ত্ৰীজনক চমন দিছে নগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে।

ৰে’ল মন্ত্ৰী গোহাঁইৰ বিৰুদ্ধে নগাঁৱৰ দেউৰী গাঁৱৰ এগৰাকী মহিলাই যোৱা ২ আগষ্টত চাকৰিৰ প্ৰলোভনেৰে ধৰ্ষণ কৰা বুলি অভিযোগ তুলিছিল।

মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে নগাওঁ সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৪১৭, ৩৭৬ আৰু ৫০৬ ধাৰাৰ অধীনত ২৫৯২/ ১৮ নং এক গোচৰ ৰুজু কৰিছিল।

পৰৱৰ্তী সময়ত অভিযোগ তোলা মহিলাগৰাকীৰ গিৰীয়েকৰূপে পৰিচয় দিয়া এজন লোকে ‘ভুল বুজাবুজি’ৰ বাবেহে মন্ত্ৰীজনৰ বিৰুদ্ধে গোচৰটো ৰুজু কৰা হ’ল বুলি ফে’ছবুকত ৰাজহুৱা কৰা এটা ভিডিঅ’ৰ পিছতে ঘটনাটোৱে অন্য মোৰ লৈছিল। কিন্তু “ভয়-ভাবুকি”ৰ বাবেহে তেনে কৰা বুলি পিছত পুনৰ আদালতৰ কাষ চাপিছিল মহিলাগৰাকী।

নগাওঁ আৰক্ষীয়ে আদালতত দাখিল কৰা প্ৰতিবেদন অগ্ৰাহ্য কৰি গোহাঁইৰ বিৰুদ্ধে বিচাৰ চলোৱাৰ বাবে যোৱা ২০ নৱেম্বৰত নিৰ্দেশ দিছিল আদালতে।

প্ৰদেশ কংগ্ৰেছ, এ আই ইউ ডি এফ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল-সংগঠনে মন্ত্ৰীগৰাকীৰ তাৎক্ষণিক পদত্যাগ দাবী কৰিছিল।

মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰাৰ দিনাই গোহাঁইৰ পক্ষৰ পৰাও মহিলাগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছিল। ঘটনাটো “ৰাজনৈতিক ষড়যন্ত্ৰ” বুলি অভিহিত কৰিছিল বিজেপিৰ মন্ত্ৰীজনে।

Recent News

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd