অসমৰ লোক সংস্কতিৰ ক্ষেত্ৰখনলৈ বৰঙণি আগবঢ়াই অহা মূলতঃ গোৰ্খা সংস্কৃতিৰ সাধক বিনোদ খনালক সদৌ অসম ছাত্ৰ সন্থাই আজি ২০১৮ বৰ্ষৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰে।
আজি গুৱাহাটীৰ চানমাৰিৰ চহিদ উদ্যানত থকা প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিৰ কাষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ছাত্ৰ সন্থাই শিল্পী গৰাকীক এই বঁটা প্ৰদান কৰে।
বিনোদ খনালে বিশ্বনাথ জিলাৰ বিহালীৰ বটিয়ামাৰি নামৰ এক ভিতৰুৱা অঞ্চলত বসবাস কৰি দীৰ্ঘদিন ধৰি থলুৱা কলা-কৃষ্টি সমুহৰ চৰ্চাৰ উপৰিও নাটকৰ লগত জড়িত হৈ আহিছে। তেওঁ প্ৰধানকৈ গোৰ্খা সকলৰ গীত-মাত আদিৰ চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত নিৰৱে কাম কৰি আহিছে।
উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ লোক সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াই অহা একোগৰাকী ব্যক্তিক প্ৰতিবছৰে এই বঁটা প্ৰদান কৰে।
বঁটা গ্ৰহণ কৰি দিয়া ভাষণত বিনোদ খনালে কয়, ‘’সদৌ অসম ছাত্ৰ সন্থাৰ দৰে এক বৃহৎ সংগঠনে মাটিৰ গোন্ধ থকা মহান শিল্পীগৰাকীৰ নামত স্মাৰক বঁটা প্ৰদানৰ বাবে মোক বাচনি কৰাত মই আচৰিত হৈছো। ছাত্ৰ সন্থাক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছো।‘’
ইপিনে, এই অনুষ্ঠানতে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিমা বৰুৱা পাণ্ডে বৰুৱাৰ গৌৰীপুৰৰ মাটিয়াবাগৰ বাসভৱন সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা নকৰাত আক্ষেপ প্ৰকাশ কৰে।
এই সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ‘’মাটিয়াবাগৰ যিটো ঘৰৰ পৰা গোৱালপৰীয়া সংস্কৃতিৰ সৃষ্টি হৈছিল, য’ত ইয়াৰ সাধনা হৈছিল সেই ঘৰটো সংৰক্ষণৰ বাবে আমি বাৰে বাৰে চৰকাৰক দাবী জনাই আহিছো। ৰজাঘৰীয়াই যদি নোৱাৰে হাত দাঙি দিয়ক আমি ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত আগভাগ ল’ম।‘’
বিগত পোন্ধৰ বছৰ অসমত শাসন কৰা কংগ্ৰেছ চৰকাৰে এই ঘৰটো সংৰক্ষণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নকৰাৰ লগতে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনেও কোনো ব্যৱস্থা লোৱা নাই বুলি ছাত্ৰ সন্থাই ক্ষোভ উজাৰে।
ছাত্ৰ সন্থাই লগতে প্ৰতিমা বৰুৱা পাণ্ডেৰ নামত এটা লোক সংস্কৃতিৰ গৱেষণা কেন্দ্ৰ স্থাপনৰো দাবী জনায়।
আনহাতে, আজি গৌৰীপুৰ আঞ্চলিক ছাত্ৰ সন্থাইও লোক সংগীতৰ গৱেষক প্ৰতিমা নিয়োগীক এই বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান কৰে।