• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোক সংস্কৃতিৰ সাধক বিনোদ খনালক আছুৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 27, 2018 6:30 pm
27-12-18 Guwahati- Pratima Baruah Pandey Memorial award (2)

লোক সংস্কৃতিৰ সাধক বিনোদ খনালক সদৌ অসম ছাত্ৰ সন্থাই প্ৰদান কৰে ২০১৮ বৰ্ষৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা। ফটো : ইউ বি

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ লোক সংস্কতিৰ ক্ষেত্ৰখনলৈ বৰঙণি আগবঢ়াই অহা মূলতঃ গোৰ্খা সংস্কৃতিৰ সাধক বিনোদ খনালক সদৌ অসম ছাত্ৰ সন্থাই আজি ২০১৮ বৰ্ষৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান কৰে।

আজি গুৱাহাটীৰ চানমাৰিৰ চহিদ উদ্যানত থকা প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিৰ কাষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ছাত্ৰ সন্থাই শিল্পী গৰাকীক এই বঁটা প্ৰদান কৰে।

Apply Now

বিনোদ খনালে বিশ্বনাথ জিলাৰ বিহালীৰ বটিয়ামাৰি নামৰ এক ভিতৰুৱা অঞ্চলত বসবাস কৰি দীৰ্ঘদিন ধৰি থলুৱা কলা-কৃষ্টি সমুহৰ চৰ্চাৰ উপৰিও নাটকৰ লগত  জড়িত হৈ আহিছে। তেওঁ প্ৰধানকৈ গোৰ্খা সকলৰ গীত-মাত আদিৰ চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত নিৰৱে কাম কৰি আহিছে।

উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ লোক সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াই অহা একোগৰাকী ব্যক্তিক প্ৰতিবছৰে এই বঁটা প্ৰদান কৰে।

বঁটা গ্ৰহণ কৰি দিয়া ভাষণত বিনোদ খনালে কয়, ‘’সদৌ অসম ছাত্ৰ সন্থাৰ দৰে এক বৃহৎ সংগঠনে মাটিৰ গোন্ধ থকা মহান শিল্পীগৰাকীৰ নামত স্মাৰক বঁটা প্ৰদানৰ বাবে মোক বাচনি কৰাত মই আচৰিত হৈছো। ছাত্ৰ সন্থাক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছো।‘’

ইপিনে, এই অনুষ্ঠানতে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিমা বৰুৱা পাণ্ডে বৰুৱাৰ গৌৰীপুৰৰ মাটিয়াবাগৰ বাসভৱন সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা নকৰাত আক্ষেপ প্ৰকাশ কৰে।

এই সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ‘’মাটিয়াবাগৰ যিটো ঘৰৰ পৰা গোৱালপৰীয়া সংস্কৃতিৰ সৃষ্টি হৈছিল, য’ত ইয়াৰ সাধনা হৈছিল সেই ঘৰটো সংৰক্ষণৰ বাবে আমি বাৰে বাৰে চৰকাৰক দাবী জনাই আহিছো। ৰজাঘৰীয়াই যদি নোৱাৰে হাত দাঙি দিয়ক আমি ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত আগভাগ ল’ম।‘’

বিগত পোন্ধৰ বছৰ অসমত শাসন কৰা কংগ্ৰেছ চৰকাৰে এই ঘৰটো সংৰক্ষণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নকৰাৰ লগতে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনেও কোনো ব্যৱস্থা লোৱা নাই বুলি ছাত্ৰ সন্থাই ক্ষোভ উজাৰে।

ছাত্ৰ সন্থাই লগতে প্ৰতিমা বৰুৱা পাণ্ডেৰ নামত এটা লোক সংস্কৃতিৰ গৱেষণা কেন্দ্ৰ স্থাপনৰো দাবী জনায়।

আনহাতে, আজি গৌৰীপুৰ আঞ্চলিক ছাত্ৰ সন্থাইও লোক সংগীতৰ গৱেষক প্ৰতিমা নিয়োগীক এই বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰদান কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd