• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বড়োৰ পিছত অসমক বিভাজনৰ দিশে চুতীয়া ছাত্ৰ সন্থা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 27, 2018 7:36 pm
Divide Assam 50-50: After Bodo it's now Sutiya's turn

সদৌ চুতীয়া ছাত্ৰ সন্থাৰ সংবাদমেল।

1.7k
VIEWS
Share on FacebookShare on Twitter

বড়োসকলৰ দীৰ্ঘদিনীয়া “দিভাইদ আছাম ৫০:৫০” দাবীৰ পিছত এইবাৰ অসমক বিভাজনৰ দিশে আগবাঢ়িছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থা।

সুকীয়া ৰাজ্য দাবীৰ পথত বড়োসকলৰ আন্দোলনৰ লগত যোগ দিয়াৰ বাবেও প্ৰস্তুতি চলাইছে চুতীয়া ছাত্ৰ সংগঠনটোৱে।

“আমি বড়োসকলৰ লগত লগ হ’ম আৰু পৃথক ৰাজ্যৰ বাবে তেওঁলোকৰ লগত একেলগে সংগ্ৰাম কৰাৰ চিন্তা চৰ্চা কৰি আছো। বড়োলেণ্ডৰ দাবী শদিয়ালৈকে আছে, আমি তাত চুতীয়া অধ্যুষিত গোলাঘাট আৰু যোৰহাট জিলা সুমুৱাই ল’ম,” চুতীয়াসকল “বড়োমূলীয়” বুলি দাবী কৰি নৰ্থ ইষ্ট নাও-ত শুকুৰবাৰে এই মন্তব্য সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰাৰ।

বৰাই লগতে জনাই যে “দিভাইদ আছাম ৫০: ৫০” শ্ল’গানত ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তোলা সন্দৰ্ভত নতুন বছৰৰ প্ৰথম মাহতে বড়ো সংগঠন এবছুৰ সৈতে বৈঠকত মিলিত হ’ব চুতীয়া ছাত্ৰ সন্থা।

আনহাতে জনজাতিকৰণৰ দাবী জনাই অহা অসমৰ ছয় জনগোষ্ঠীৰ জনগোষ্ঠীয় ঐক্যমঞ্চ আৰু নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে সংগ্ৰামৰত ৭০টা সংগঠনৰ উমৈহতীয়া মঞ্চৰ পৰাও আঁতৰি অহাৰ সিদ্ধান্ত লৈছে সংগঠনটোৱে।

আৰু খাণ্ডৱ দাহৰ দৰে অসমক অগ্নিকুণ্ড কৰি তুলিব পৰা এই সিদ্ধান্তৰ নেপথ্যৰ “ফিৰিঙতি” বগীবিল দলঙৰ নামকৰণ। চুতীয়া সংগঠনসমূহে দলংখন বীৰাংগণা সাধনী সেতুৰূপে নামকৰণৰ দাবী জনাই অহাৰ বিপৰীতে জনজাতিকৰণৰ দাবীত ঐক্যবদ্ধ সংগ্ৰাম চলাই অহা আন কিছুমান সংগঠনে নিজা নিজা বীৰ-বীৰাংগণাৰ নামৰ এই দলং বিচৰাক লৈ খৰ্গহস্ত হৈয়ে বোলে এই সিদ্ধান্ত লৈছে সংগঠনটোৱে।

“জনজাতিকৰণৰ বাবে একেলগে সংগ্ৰাম কৰি থকা জনগোষ্ঠীয়ে বাধা প্ৰদান কৰি থকা বাবে দুখ পাই এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছো,” বৰাৰ মন্তব্য।

Recent News

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd