• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গ্ৰন্থপ্ৰেমীৰ সঁহাৰি নাই গ্ৰন্থমেলাত : বিপনীত মূৰে কপালে হাত দিছে বিক্ৰেতাই

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 30, 2018 9:33 pm
18b0ff9e-7fbc-4f9a-9a78-99ced614e2b1

গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ সেৰেঙা উপস্থিতি। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইংৰাজী নৱবৰ্ষ সমাগত। নতুন বছৰটোৰ আৰম্ভণিৰ প্ৰাক্ক্ষণত সাধাৰণতে সকলোৰে মনত ৰং-ৰইচ দেখিবলৈ পোৱা যায়। কিন্তু এইবেলি মনত ৰং নাই গুৱাহাটী গ্ৰন্থমেলাৰ বিপনী সমুহত বহি থকা গ্ৰন্থ বিক্ৰেতা সকলৰ মনত।

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত এই গ্ৰন্থমেলাত এইবাৰ এখনো কিতাপ বিক্ৰী নোহোৱাকৈয়ে দিনটো পাৰ কৰিবলগীয়া হৈছে বহু বিপনীৰ বিক্ৰেতাই। যিসকলৰ দুই এখন কিতাপ বিক্ৰী হৈছে সেয়াও লাভজনক বুলিব নোৱাৰি। আশানুৰূপ বিক্ৰী নোহোৱাৰ বাবে কেইবাখনো বিপনীৰ ভাড়াৰ বাবদ আদায় দিবলগীয়া টকাখিনিও উভতি নাহিব বুলি বিক্ৰেতাই প্ৰকাশ কৰিছে।

Apply Now

যোৱা ২২ ডিচেম্বৰৰ পৰাই গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত ৩২ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা চলি আছে। বিগত বছৰবোৰৰ দৰে এইবাৰো গ্ৰন্থমেলাখনত দেশ বিদেশৰ প্ৰকাশন গোষ্ঠী আৰু গ্ৰন্থ বিক্ৰেতাই ভাগ লৈছে।

গুৱাহাটী গ্ৰন্থমেলাৰ উদ্যোক্তাই প্ৰকাশ কৰা তথ্য অনুসৰি এইবাৰৰ গ্ৰন্থমেলাত ১২২ খন গ্ৰন্থ বিপনী আছে। ইয়াৰে ৯২ খন অসমৰ, দিল্লীৰ ৯ খন, কলকাতাৰ ১০ খন, ঝাৰখণ্ডৰ ১ খন আৰু বাংলাদেশৰ ১০খন বিপনীয়ে অংশগ্ৰহণ কৰিছে।

কিন্তু বিপনী অনুপাতে গ্ৰাহকৰ উপস্থিতি তেনেই সেৰেঙা পৰিলক্ষিত হৈছে। যাৰ বাবে গ্ৰন্থমেলাৰ বাকৰিত হতাশ হ’বলগীয়া হৈছে বেছিভাগ বিক্ৰেতাই। দেওবাৰে আমাৰ সাংবাদিকে কেইবাখনো বিপনীৰ বিক্ৰেতাৰ সৈতে কথা পতাত এই দুখ লগা ছবিখন পোহৰলৈ আহে।

দিক্ষা এজেঞ্চি নামৰ প্ৰতিষ্ঠানটোৰ বিক্ৰেতা শৰ্মাৰাম বড়োই আমাক কয়, ‘’২২ তাৰিখৰ পৰা এতিয়ালৈ যোৱা আঠ দিনত মই মাত্ৰ ১৫০০ মান টকাৰহে কিতাপ বিক্ৰী কৰিছো। আজি এতিয়ালৈ এখনো কিতাপ বিক্ৰী হোৱা নাই।‘’ তেওঁ লগতে আগৰ গ্ৰন্থমেলা সমুহত ইমান বেয়া ব্যৱসায় হোৱা নাছিল বুলিও মন্তব্য কৰে।

দিল্লীৰ পৰা অহা হেপ্পী বুক চাৰ্ভিচ নামৰ প্ৰকাশন গোষ্ঠীটোৱেও আমাৰ সাংবাদিকৰ আগত আক্ষেপ প্ৰকাশ কৰি কয়, ‘’আমি প্ৰতিবছৰেই গুৱাহাটী গ্ৰন্থমেলালৈ আহো। কিন্তু ইমান বেয়া অৱস্থা আগতে কেতিয়াও হোৱা নাছিল। আমাৰ অহা-যোৱাত প্ৰায় এক লাখ টকা খৰচ হ’ব, ইয়াৰ উপৰি বিপনীৰ ভাড়া আছেই। আমি সাংঘাতিক ধৰণে লোকচানৰ সন্মুখীন হৈছো।‘’

প্ৰকাশন গোষ্ঠীটোৰ হৈ বিক্ৰেতা বিৰেন্দৰ কুমাৰ জৈনে এতিয়ালৈ মাত্ৰ দহ হাজাৰ মান টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি আমাৰ আগত প্ৰকাশ কৰে।

‘’প্ৰকাশন পৰিষদে অনুষ্ঠিত কৰা এই গ্ৰন্থমেলাখনক লৈ বহু আশা কৰো, যথেষ্ট ভাল হয় আৰু গাম্ভীৰ্য থাকে। কিন্তু এইবাৰ অভূতপূৰ্বভাৱে গ্ৰাহকৰ সঁহাৰি নাই, আমাৰ ব্যৱসায় একেবাৰেই বেয়া’’, -এই মন্তব্য সাতভনী প্ৰকাশনৰ বিক্ৰেতা সুশান্ত মাধৱ বৰুৱাৰ।

একেদৰে ‘’এইবাৰৰ বিক্ৰীৰ অৱস্থা ক’বলৈ লাজলগা। ব্যৱসায় ইমান বেয়া হ’ব বুলি জনা হ’লে নাহিলোৱেহেঁতেন’’ বুলি কয় কল্পতৰু প্ৰকাশনৰ বিক্ৰেতা গোবিন্দ বৈশ্যই।

ইপিনে, গ্ৰন্থমেলাৰ আৰম্ভণিৰ দিনাৰ পৰাই বিপনী খুলি বহি থাকি আজি ৯ দিন হোৱালৈ দুখন মাত্ৰ পাঁচশটকীয়া কিতাপ বিক্ৰী কৰিবলৈ সক্ষম হোৱা পেলিকান বুক ডিষ্ট্ৰিবিউটৰৰ বিক্ৰেতা কুশল শৰ্মাই ‘’চৰকাৰী সাহায্য নহ’লে আমি ক্ষুদ্ৰ গ্ৰন্থ বিক্ৰেতা বা প্ৰকাশক জীয়াই থকাটোৱে সমস্যা হ’ব’’ বুলি দুখেৰে কয়।

কেইবাজনো বিক্ৰেতাৰ মতে মাত্ৰ এমাহৰ আগত উত্তৰ-পূব গ্ৰন্থমেলা অনুষ্ঠিত হৈ যোৱা বাবে এইখন গ্ৰন্থমেলাত গ্ৰাহকৰ ভিৰ কম হৈছে আৰু ব্যৱসায়ীয়েও মন্দাৱস্থাৰ সন্মুখীন হ’বলগীয়া হৈছে। আনহাতে, প্ৰয়োজনত কৈ বিপনীৰ সংখ্য বহু বেছি হোৱা বাবেও ব্যৱসায় অত্যন্ত দুখলগা হোৱা বুলিও কেইবাগৰাকীও বিক্ৰেতাই মন্তব্য কৰে।

উল্লেখ্য যে, গ্ৰন্থমেলাখনৰ একোখন বিপনীৰ বাবদ ভাড়া দিব লাগে দহ হাজাৰ টকা। বহু বিক্ৰেতাই ভাড়াৰ বাবদ খৰচ হোৱা ধন ঘুৰাই নোপোৱাটোও খাটাং।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd