লেফতেনেন্ত জেনেৰেল গুৰপাল সিং চাংহাৰ পৰা দেওবাৰে তেজপুৰস্থিত ভাৰতীয় সেনাৰ গজৰাজ ক’ৰৰ দায়িত্ব গ্ৰহণ কৰিছে লেফতেনেন্ত জেনেৰেল মনোজ পান্দেই।
সেনাৰ সন্মানীয় অতি বিশিষ্ট সেৱা (AVSM) আৰু বিশিষ্ট সেৱা মেদেল (VSM)প্ৰাপ্ত পান্দে ইয়াৰ পূৰ্বে পুনেত চাউদাৰ্ন ক’ৰৰ চ্চিফ অৱ দ স্তাফৰূপে কৰ্মৰত আছিল।
৩টাকৈ মাউন্তেইন দিভিজন থকা ফ’ৰ ক’ৰৰ দায়িত্ব লোৱা নতুন জি অ’ চি পান্দেই পূৰ্বে মাউন্তেইন দিভিজনৰ নেতৃত্ব দিয়াৰ লগতে তেওঁৰ জটিল জম্মু-কাশ্মীৰত কাম কৰাৰ অভিজ্ঞতা আছে।
তেওঁ সেনা মুখ্য কাৰ্য্যালয়ত মিলিতেৰি অপাৰে’চন সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান ৰূপেও দায়িত্ব পালন কৰিছিল।
ইথিঅ’পিয়া আৰু এৰিত্ৰিয়াত ৰাষ্ট্ৰসংঘৰ মিছনত তেওঁ লেফতেনেন্ত কৰ্নেলৰূপে সেৱা আগবঢ়াইছিল।
১৯৮২ চনত তেওঁ ভাৰতীয় সেনাৰ ইঞ্জিনিয়াৰিং ক’ৰ বা বম্বে’ চেপাৰ্ছ (বম্বে’ ইঞ্জিনিয়াৰ গ্ৰুপ)ত সেনা কেৰিয়াৰ আৰম্ভ কৰিছিল।
সেনাবাহিনীত সুদীৰ্ঘ ৩৬ বছৰীয়া কেৰিয়াৰত বহুবিলাক সন্মান পাবলৈ সক্ষম হোৱা নৱনিযুক্ত জি অ’ চি পান্দে ভাৰতৰ নেচনেল দিফেন্স একাদেমিৰ ছাত্ৰ। তেওঁ ইউনাইতে’দ কিংদমৰ কেম্বাৰ্লিৰ স্তাফ কলেজৰ স্নাতক।
ভাৰতীয় সেনাৰ ফ’ৰ ক’ৰৰ অধীনত মিছামাৰীস্থিত ৭১ মাউন্তেইন দিভিজন, ব’মদিলাস্থিত ৫ম মাউন্তেইন দিভিজন আৰু ৰঙিয়াত মুখ্য কাৰ্য্যালয় থকা ২১ মাউন্তেইন দিভিজন (ৰেদ হৰ্ন) পৰিচালিত হয়।