নতুন বছৰৰ আনন্দ উল্লাসৰ মাজতেই শিৱসাগৰৰ কেইজনমান উদীয়মান যুৱকৰ প্ৰচেষ্টাত গঠন হোৱা স্বেচ্ছাসেৱী সংগঠন ‘সহায়ে’ এক ব্যতিক্ৰমী ৰূপত পালন কৰে বছৰৰ শেষৰটো দিন। শিৱসাগৰৰ কোঁৱৰপুৰৰ লাহিংগীয়া গাঁৱত থকা সেৱাশ্ৰমৰ ককা আইতাসকলৰ মাজত থাকি তেওঁলোকৰ সুখ-দুখৰ বুজ লোৱাৰ লগতে আনন্দৰে তেওঁলোকৰ লগত এসাঁজ খাই তেওঁলোকৰ মনত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰে।
আনন্দৰে এসাঁজ শীৰ্ষক অনুষ্ঠানটোৰ প্ৰাকমূহুৰ্তত সেৱাশ্ৰমৰ প্ৰাংগণত গছ পুলি ৰোপন কৰে গ্ৰাম্য সাংবাদিক সন্থাৰ সভাপতি ৰজনীৰান্ত পাংগিংয়, সাংবাদিক অৰুন ঠাকুৰ আৰু সেৱাশ্ৰমৰ আৱাসী গোৱালপাৰাৰ দুলেশ্বৰ ৰয় নামৰ ককাগৰাকীয়ে। অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে শিৱসাগৰ জিলা কাৰাগাৰৰ সহকাৰী কাৰাধ্যক্ষ ৰাহুল বৰগোঁহাইয়ে।
এই অনুষ্ঠানৰ পিছতেই ‘সহায়’ৰ সদস্য সকলে ককা আইতাসকলৰ লগত মত বিনিময় কৰি তেওঁলোক কি পৰিস্থিতিত ঘৰবাৰি এৰি সেৱাশ্ৰমত থাকিব লগীয়া হৈছে সেই বিষয়ে জানিবলৈ চেষ্টা কৰে। লগতে সকলোৱে আনন্দৰে এসাঁজ খাই ৰং ধেমালি কৰি বছৰটোক বিদায় জনায়।
‘সহায়’ৰ মুখ্য উপদেষ্টা পংকজ টিপমীয়াই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোৰ আঁত ধৰে তনুজতন্ময় গগৈয়ে। ইফালে চিকিৎসাৰ লগত জড়িত ‘সহায়’ৰ সদস্য পিন্টু ফুকন আৰু ৰাজীৱ বৰাই সেৱাশ্ৰমৰ ককা আইতা সকলৰ স্বাস্থ্যৰো বুজ লয়।
অনুষ্ঠানৰ শেষত কল্যান বুঢ়াগোহাঁইয়ে শলাগৰ শৰাই আগবঢ়ায়। অনুষ্ঠানত ‘সহায়’ৰ সদস্য প্ৰনদ্দীপ বৰগোঁহাই, নৱজ্যোতি গগৈ, হিমাংশু দত্ত, ছায়াশ্ৰী দত্ত, ৰিম্পী শইকীয়া, তৃষ্ণা বৰগোঁহাই আৰু বৰ্ণালী গগৈ উপস্থিত থাকে।