• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধেয়কৰ সপক্ষে জে পি চিৰ প্ৰতিবেদন : জাঙুৰ খাই উঠিছে অসমৰ দল-সংগঠন; কৃষক মুক্তিৰ আন্দোলন ঘোষণা

বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ অসম চৰকাৰক সাহস দেখুৱাবলৈ আহ্বান আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 1, 2019 9:21 am
Akhil-Gogoi-680x365

অখিল গগৈ। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ জনগণৰ সামূহিক শংকাৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নকৰি আৰু সমগ্ৰ উত্তৰ-পূবৰ বিভিন্ন দল-সংগঠনৰ তীব্ৰ বিৰোধিতাক সমূলি আওকাণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে গঠিত যুটীয়া সংসদীয় কমিটীয়ে ইয়াৰ প্ৰতিবেদন বিধেয়কখনৰ সপক্ষেই প্ৰস্তুত কৰাৰ পিছত জাঙুৰ খাই উঠিছে অসমৰ দল-সংগঠন। বিধেয়কখনৰ বিৰোধিতাত পুনৰ তীব্ৰ আন্দোলন কৰিবলৈ সংকল্প প্ৰকাশ কৰিছে বহুকেইটা দল-সংগঠনে।

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিধেয়কখনৰ বিৰোধিতাত আন্দোলন কৰাৰ কথা ঘোষণা কৰিছে। আজিৰ পৰা সংগঠনটোৰ মুখ্য উপদেষ্টা অখিল গগৈয়ে গুৱাহাটীত আমৰণ অনশনত বহিব বুলি জানিব পৰা গৈছে। আনহাতে বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ পৰৱৰ্তী কাৰ্য্যসূচী ল’বৰ বাবে আজি পুৱা ১০ বজাত কাজিৰঙাত ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ বৈঠক অনুষ্ঠিত হ’ব।

Apply Now

অখিল গগৈয়ে জে পি চিয়ে বিধেয়কখনৰ সপক্ষে প্ৰতিবেদন দিয়াটোক চূড়ান্ত বিশ্বাসঘাতকতা আখ্যা দিয়ে। গগৈয়ে আছুক জাতিৰ এই জ্বলন্ত সমস্যাৰ সময়ত ঐক্যবদ্ধ আন্দোলনৰ বাবে আহ্বান জনায়। লগতে তেওঁ অগপকো মিত্ৰজোঁটৰ পৰা ওলাই আহিবলৈ আহ্বান জনায়।

আনহাতে আছুৰ নেতৃত্বয়ো জে পি চিৰ এই সিদ্ধান্তক গৰিহণা দিছে। ছাত্ৰ সংগঠনটোৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যই কয় যে এয়া বিজেপি দল আৰু চৰকাৰৰ এটা ৰাজনৈতিক অবিচাৰ। ইয়াৰ বিৰুদ্ধে আন্দোলন চলিছিল আৰু চলি থাকিব। ভট্টাচাৰ্য্যই জে পি চিৰ প্ৰতিবেদনক অসম্পূৰ্ণ আখ্যা দিয়ে। সকলো অংশৰ ৰাইজৰ মতামত নোলোৱাকৈ দাখিল কৰা অসম্পূৰ্ণ হ’বলৈ বাধ্য। ‘জে পি চিয়ে জনতাৰ মত সম্পূৰ্ণকৈ নল’লে। উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ মতামত লোৱাৰ কথা আছিল। কিন্তু নোলোৱাকৈয়ে প্ৰতিবেদন দিলে।‘ ভট্টাচাৰ্য্যই কয়। ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বলপূৰ্বক জাপি দিব বিচৰা হৈছে’ বুলি মন্তব্য কৰাৰ লগতে অসম চৰকাৰক ইয়াৰ বিৰোধিতা কৰিবলৈ সাহস দেখুৱাবলৈ আহ্বান জনায়।

ইফালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়েও এই জে পি চিৰ প্ৰতিবেদন দাখিলৰ কুচকাৱাজক পূৰ্বপৰিকল্পিত আখ্যা দিয়ে। ‘যুটীয়া সংসদীয় সমিতিৰ সিদ্ধান্ত নিৰপেক্ষ নহ’ব বুলি আমি পূৰ্বেই আশংকা কৰিছিলো। সেয়াই প্ৰমাণ হ’ল।‘ পলাশ চাংমায়ে কয়। মোদীয়ে অসমৰ ৰাইজক বিশ্বাসঘাতকতা উপহাৰ দিয়া বুলিও তেওঁ মন্তব্যকৰে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অচিৰেই ইয়াৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্য্যসূচী ল’ব বুলি জানিবলৈ দিছে সভাপতিজনে।

উল্লেখযোগ্য যে যুটীয়া সংসদীয় কমিটীয়ে বছৰৰ অন্তিম দিনটোত ইয়াৰ অন্তমি বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে প্ৰতিবেদন গ্ৰহণ কৰে। এই প্ৰতিবেদন সংসদৰ চলিত অধিৱেশনত অহা ৭ জানুৱাৰিত দাখিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

৩১ ডিচেম্বৰৰ জে পি চিৰ অন্তিমখন বৈঠকত বিৰোধী দলবোৰৰ সদস্যসকলে প্ৰতিবেদনখনৰ বিৰোধিতা আৰু সংশোধনৰ প্ৰস্তাৱ আগ বঢ়াইছিল যদিও সেয়া নৰজিল। কমিটীৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই বিৰোধী দলসমূহৰ এই বিৰোধিতা তথা সংশোধনৰ প্ৰস্তাৱ ক্ষেত্ৰত ভোটিঙৰ আশ্ৰয় লোৱাত আৰু বিৰোধী সদস্যসকলৰ সংখ্যা কম হোৱাত সেয়া অগ্ৰাহ্য হয়। মন কৰিব লগীয়া যে কমিটীখনৰ শাসকীয় দলৰ সদস্যৰ সংখ্যাই সৰ্বাধিক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd