অসমৰ জনগণৰ সামূহিক শংকাৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নকৰি আৰু সমগ্ৰ উত্তৰ-পূবৰ বিভিন্ন দল-সংগঠনৰ তীব্ৰ বিৰোধিতাক সমূলি আওকাণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে গঠিত যুটীয়া সংসদীয় কমিটীয়ে ইয়াৰ প্ৰতিবেদন বিধেয়কখনৰ সপক্ষেই প্ৰস্তুত কৰাৰ পিছত জাঙুৰ খাই উঠিছে অসমৰ দল-সংগঠন। বিধেয়কখনৰ বিৰোধিতাত পুনৰ তীব্ৰ আন্দোলন কৰিবলৈ সংকল্প প্ৰকাশ কৰিছে বহুকেইটা দল-সংগঠনে।
কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিধেয়কখনৰ বিৰোধিতাত আন্দোলন কৰাৰ কথা ঘোষণা কৰিছে। আজিৰ পৰা সংগঠনটোৰ মুখ্য উপদেষ্টা অখিল গগৈয়ে গুৱাহাটীত আমৰণ অনশনত বহিব বুলি জানিব পৰা গৈছে। আনহাতে বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ পৰৱৰ্তী কাৰ্য্যসূচী ল’বৰ বাবে আজি পুৱা ১০ বজাত কাজিৰঙাত ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ বৈঠক অনুষ্ঠিত হ’ব।
অখিল গগৈয়ে জে পি চিয়ে বিধেয়কখনৰ সপক্ষে প্ৰতিবেদন দিয়াটোক চূড়ান্ত বিশ্বাসঘাতকতা আখ্যা দিয়ে। গগৈয়ে আছুক জাতিৰ এই জ্বলন্ত সমস্যাৰ সময়ত ঐক্যবদ্ধ আন্দোলনৰ বাবে আহ্বান জনায়। লগতে তেওঁ অগপকো মিত্ৰজোঁটৰ পৰা ওলাই আহিবলৈ আহ্বান জনায়।
আনহাতে আছুৰ নেতৃত্বয়ো জে পি চিৰ এই সিদ্ধান্তক গৰিহণা দিছে। ছাত্ৰ সংগঠনটোৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যই কয় যে এয়া বিজেপি দল আৰু চৰকাৰৰ এটা ৰাজনৈতিক অবিচাৰ। ইয়াৰ বিৰুদ্ধে আন্দোলন চলিছিল আৰু চলি থাকিব। ভট্টাচাৰ্য্যই জে পি চিৰ প্ৰতিবেদনক অসম্পূৰ্ণ আখ্যা দিয়ে। সকলো অংশৰ ৰাইজৰ মতামত নোলোৱাকৈ দাখিল কৰা অসম্পূৰ্ণ হ’বলৈ বাধ্য। ‘জে পি চিয়ে জনতাৰ মত সম্পূৰ্ণকৈ নল’লে। উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ মতামত লোৱাৰ কথা আছিল। কিন্তু নোলোৱাকৈয়ে প্ৰতিবেদন দিলে।‘ ভট্টাচাৰ্য্যই কয়। ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বলপূৰ্বক জাপি দিব বিচৰা হৈছে’ বুলি মন্তব্য কৰাৰ লগতে অসম চৰকাৰক ইয়াৰ বিৰোধিতা কৰিবলৈ সাহস দেখুৱাবলৈ আহ্বান জনায়।
ইফালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়েও এই জে পি চিৰ প্ৰতিবেদন দাখিলৰ কুচকাৱাজক পূৰ্বপৰিকল্পিত আখ্যা দিয়ে। ‘যুটীয়া সংসদীয় সমিতিৰ সিদ্ধান্ত নিৰপেক্ষ নহ’ব বুলি আমি পূৰ্বেই আশংকা কৰিছিলো। সেয়াই প্ৰমাণ হ’ল।‘ পলাশ চাংমায়ে কয়। মোদীয়ে অসমৰ ৰাইজক বিশ্বাসঘাতকতা উপহাৰ দিয়া বুলিও তেওঁ মন্তব্যকৰে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অচিৰেই ইয়াৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্য্যসূচী ল’ব বুলি জানিবলৈ দিছে সভাপতিজনে।
উল্লেখযোগ্য যে যুটীয়া সংসদীয় কমিটীয়ে বছৰৰ অন্তিম দিনটোত ইয়াৰ অন্তমি বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে প্ৰতিবেদন গ্ৰহণ কৰে। এই প্ৰতিবেদন সংসদৰ চলিত অধিৱেশনত অহা ৭ জানুৱাৰিত দাখিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
৩১ ডিচেম্বৰৰ জে পি চিৰ অন্তিমখন বৈঠকত বিৰোধী দলবোৰৰ সদস্যসকলে প্ৰতিবেদনখনৰ বিৰোধিতা আৰু সংশোধনৰ প্ৰস্তাৱ আগ বঢ়াইছিল যদিও সেয়া নৰজিল। কমিটীৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই বিৰোধী দলসমূহৰ এই বিৰোধিতা তথা সংশোধনৰ প্ৰস্তাৱ ক্ষেত্ৰত ভোটিঙৰ আশ্ৰয় লোৱাত আৰু বিৰোধী সদস্যসকলৰ সংখ্যা কম হোৱাত সেয়া অগ্ৰাহ্য হয়। মন কৰিব লগীয়া যে কমিটীখনৰ শাসকীয় দলৰ সদস্যৰ সংখ্যাই সৰ্বাধিক।