• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছে এৰে, আজমলে নেৰে : সংবাদমেল পাতি স্পষ্ট কৰিলে বিৰোধী দলপতিয়ে

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 1, 2019 6:23 pm
01-12-18 Guwahati- Congress MLA Debabrata Saikia PMT (2)

গুৱাহাটীত সংবাদমেলত বিৰোধী দলপতি দেবব্ৰত শইকীয়া। ফটো : ইউ বি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এ আই য়ু ডি এফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে যিমানেই নিজকে সংযুক্ত প্ৰগতিশীল মৰ্চা (য়ু পি এ)ৰ অংশীদাৰ বুলি চিনাকি নিদিয়ক কিয় অসমৰ কংগ্ৰেছে তেওঁক গ্ৰহণ নকৰে। ২০১৯’ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকাৰ সময়তে এতিয়া সাংসদগৰাকীক দূৰৈতে নমস্কাৰ দি দুৱাৰ মাৰিব বিচাৰিছে বিৰোধী দল কংগ্ৰেছে।

মঙলবাৰে দিচপুৰত অনুষ্ঠিত ৰাজ্যৰ কংগ্ৰেছ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠকৰ পাছতেই অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰিছে বিৰোধী দলপতিয়ে।

Apply Now

বৈঠকত কংগ্ৰেছ বিধায়িনী দলে আগন্তুক লোকসভা নিৰ্বাচনত কোনো কাৰণতেই এ আই য়ু ডি এফৰ সৈতে মিত্ৰতা নকৰাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সম্পৰ্কে বিধায়িনী দলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সৈতে যৌথভাৱে কংগ্ৰেছ হাইকমাণ্ডক এক প্ৰস্তাৱ প্ৰেৰণ কৰিব বুলি বেঠকৰ পাছত অনুষ্ঠিত সংবাদমেলত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰকাশ কৰে।

‘’বদৰুদ্দিন আজমল বতৰ চাই কঠিয়া পৰা মানুহ। দেশত কংগ্ৰেছৰ সপক্ষে বতাহ বলা দেখি আজমলে দিল্লীত কংগ্ৰেছৰ লগত থাকিব বুলি কৈছে। এই কথাত আমি গুৰুত্ব নিদিও আৰু এই কথা আমি হাইকমাণ্ডকো জনাম’’,-দেৱব্ৰত শইকীয়াই সংবাদমেলত কয়।

উল্লখ্য যে, অসমৰ কংগ্ৰেছ নেতৃত্ব আৰু এ আই য়ু ডি এফৰ মাজত দীৰ্ঘদিন ধৰি এক বাকযুদ্ধ আৰু কথাৰ কটাকটি চলিয়েই আছে। প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ পৰা আৰম্ভ কৰি অসম কংগ্ৰেছৰ বহুকেইজন নেতাই এ আই য়ু ডি এফৰ সৈতে কংগ্ৰেছে কোনো কাৰণতে মিত্ৰতা নকৰে বুলি বহুবাৰ মন্তব্য কৰাৰ পাছতো দলটোৱে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ আশা বাদ দিয়া নাছিল।

এ আই য়ু ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে অসমৰ কংগ্ৰেছীয়ে কৰা মন্তব্যক আওকাণ কৰি ‘আমাৰ মিত্ৰতা দিল্লীৰ লগতহে, মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছ হাইকমাণ্ডৰ লগতহে কথা পাতিম’ বুলি কেইবাবাৰো মন্তব্য কৰিছিল।

এতিয়া আজি কংগ্ৰেছ বিধায়িনী দলে লোৱা এই সিদ্ধান্তক কংগ্ৰেছ হাইকমাণ্ডে কেনেদৰে গ্ৰহণ কৰে সেয়া নিশ্চয়কৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ’ব। কাৰণ ৰাষ্ট্ৰীয় পৰ্যায়ত য়ু পি এৰ অংশীদাৰ এ আই য়ু ডি এফ।

আজিৰ সংবাদমেলতেই কংগ্ৰছে এনআৰচিত বাদ পৰা প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভুক্তিৰ বাবে সহায় কৰিব বুলিও বিৰোধী দলপতিগৰাকীয়ে প্ৰকাশ কৰে।

ইপিনে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ সন্দৰ্ভত কালি যুটীয়া সংসদীয় সমিতিয়ে বিৰোধী দলসমুহে অনা আটাইকেইটা সংশোধনী প্ৰস্তাৱ নাকচ কৰাৰ পাছত বিজেপিয়ে অসমৰ জনগণৰ মতক উপেক্ষা কৰা বুলি সংবাদমেলত দেৱব্ৰত শইকীয়াই কয়। লগতে বিধেয়কখন বিপক্ষে কংগ্ৰেছে সৰ্বতোপ্ৰকাৰে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিব বুলিও কংগ্ৰেছ বিধায়িনী দলে জানিবলৈ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd