নতুন বছৰটো গুৱাহাটীৰ সমীপস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰেৰে যাত্ৰা কৰা বিমান যাত্ৰীসকলৰ বাবে সকাহ কঢ়িয়াই আনিব নৱবৰ্ষত মুকলি কৰা দুখন নতুন এৰ’ব্ৰীজে। জানুৱাৰিৰ ১ দিনা উন্মোচন কৰা এই এৰ’ব্ৰীজখনে বিমান বন্দৰটোত ক্ৰমান্বয়ে বাঢ়ি অহা যাত্ৰীৰ ভীৰ নিয়ন্ত্ৰণ কৰাত সহায়ক স’ব বুলি ধাৰণ কৰা হৈছে।
এই নতুন এৰ’ব্ৰীজ দুখনক ০৬ আৰু ০৯ হিচাপে নামকৰণ কৰা হৈছে। উক্ত এৰ‘ব্ৰীজ দুখনৰ এখন এৰ’ব্ৰীজ উন্মোচন কৰিছে এগৰাকী দীব্যংগ শিশু যাত্ৰীয়ে আৰু আনখন কৰিছে উন্মোচন কৰিছে বিমান বন্দৰটোত সেই সময়ত উপস্থিত হোৱা এগৰাকী মহিলা যাত্ৰীয়ে।
উক্ত এৰ’ব্ৰীজ দুখন ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ মাণ্ডলিক কাৰ্যবাহী সঞ্চালক শ্ৰী ডি কে কামৰাৰ পৰস্থিতিত উন্মোচন কৰা হয়। প্ৰণিধানযোগ্য যে বৰ্তমান গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত বিমান যাত্ৰীসকলৰ প্ৰৱেশ আৰু প্ৰস্থানৰ সুবিধাৰ বাবে মুঠ ৪খন কাৰ্যকৰী এৰ’ব্ৰীজ আছে।
গুৱাহাটী বিমান বন্দৰৰ সঞ্চালক শ্ৰী ৰমেশ কুমাৰ, শীৰ্ষস্থানীয় বিষয়াসকল, নিৰাপত্তা বিষয়াসকল, ভাৰতীয় বিমান পৰিবহণ কোম্পানীসমূহৰ প্ৰতিনিধিসকল আৰু কেন্দ্ৰীয় উদ্দ্যোগিক নিৰাপত্তা বাহিনীৰ (CISF) প্ৰতিনিধিসকল উপস্থিত আছিল।