• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জীৱনত সফলতা লাভ কৰিবলৈ লাগে পৰিশ্ৰম শক্তি আৰু প্ৰতিভা : হোমেন বৰগোহাঞি

সাংবাদিক ড০ গীতালি শইকীয়াৰ ‘সাধাৰণ মানুহৰ অসাধাৰণ বীৰত্ব’ উন্মোচন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2019 10:05 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কঠোৰ পৰিশ্ৰম, সাহস আৰু প্ৰতিভাৰে জীৱনৰ বাটত উজলি উঠা সাংবাদিক ড০ গীতালি শইকীয়াৰ ‘সাধাৰণ মানুহৰ অসাধাৰণ বীৰত্ব’ শীৰ্ষক গ্ৰন্থখন নৱবৰ্ষৰ প্ৰথম দিনটোতে গুৱাহাটী গ্ৰন্থমেলাৰ বাকৰিত উন্মোচন কৰা হয়।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰকাশন গোষ্ঠী ষ্টুডেণ্টছ ষ্ট’ৰ্ছে প্ৰকাশ কৰা এই গ্ৰন্থখন প্ৰসিদ্ধ সাহিত্যিক, কথাশিল্পী তথা ‘নিয়মীয়া বাৰ্তা’ৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞিয়ে আনুষ্ঠানিকভাৱে উন্মোচন কৰে।

Apply Now

গ্ৰন্থখন উন্মোচন কৰি ভাষণ প্ৰসংগত বৰগোহাঞিয়ে ড০ গীতালি শইকীয়া এগৰাকী পৰিশ্ৰমী সাংবাদিক বুলি উল্লেখ কৰি কয় যে মানুহক জীৱনত সফলতা লাভ কৰিবলৈ বহু বস্ত লাগে যদিও প্ৰধানকৈ দুটা বস্তৰ প্ৰয়োজন। ইয়াৰে এটা হ’ল পৰিশ্ৰম শক্তি আৰু আনটো হ’ল প্ৰতিভা।

আনহাতে গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থকা ‘নলবাৰী ৰত্ন’ সন্মানেৰে বিভূষিত শিক্ষাবিদ ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যই কয় যে গ্ৰন্থখনত গীতালিৰ চিন্তাৰ বিস্তৃতি আৰু প্ৰতিভাৰ প্ৰতিফলন ঘটিছে। তেওঁ আনে কটা বাটেৰে নহয়, নিজে কটা বাটেৰে আগবাঢ়িছে।

লগতে গীতালিয়ে অতি পৰিশ্ৰম কৰি পুতলা নাচৰ ওপৰত গৱেষণা কৰা তথা ইংৰাজী ভাষাত লিখা গৱেষণা পত্ৰখন গ্ৰন্থাকাৰে প্ৰকাশ কৰিলে সৰ্বভাৰতী খ্যাতি লাভ কৰিবলৈও সক্ষম হ’ব বুলি ভট্টাচাৰ্যই তেওঁৰ ভাষণত উল্লেখ কৰে।

অনুষ্ঠানত উপস্থিত থকা সুলেখিকা হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি, লেখক-বুদ্ধিজীৱী ময়ূৰ বৰা, জ্যেষ্ঠ সাংবাদিক অচ্যুৎ কুমাৰ পাটোৱাৰী, সমাজকৰ্মী অৰুণ তালুকদাৰ আদিয়েও শুভেচ্ছামূলক ভাষণ দি গীতালিৰ কিতাপখনে সাধাৰণ মানুহক অসাধাৰণ কাম কৰিবলৈ অনুপ্ৰেৰণা দিব আৰু গ্ৰন্থখন পাঠক সমাজে আঁকোৱালি ল’ব বুলি মন্তব্য কৰে।

গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ড০ গীতালি শইকীয়াই নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে, ‘‘সাধাৰণ মানুহৰ অসাধাৰণ বীৰত্ব’ গ্ৰন্থখনে সাধাৰণ মানুহক অসাধাৰণ কাম কৰিবলৈ প্ৰেৰণা দিব বুলি আশা কৰিছোঁ।’ অনুষ্ঠানত ড০ গীতালি শইকীয়াৰ মাতৃ নীৰদা বেজ শইকীয়াই গ্ৰন্থ উন্মোচক হোমেন বৰগোহাঞিক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd