• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ আন্দোলনৰ বাবে সাজু প্ৰাথমিক শিক্ষক : ১১ জানুৱাৰিত ৰাজ্যজুৰি বন্ধ থাকিব প্ৰাথমিক বিদ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
January 4, 2019 3:17 pm
Teachers-570x320

গুৱাহাটীত প্রাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদী কাৰ্যসূচী। ফাইল ফটো

255
VIEWS
Share on FacebookShare on Twitter

ন্যায্যপ্ৰাপ্তিৰ দাবীত বিদ্যালয়ৰ পাঠদান এৰি পুনৰ আন্দোলনৰ বাবে সাজু হৈছে প্ৰাথমিক শিক্ষক। ৰাজ্য চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে আকৌ এবাৰ সৰৱ হৈ উঠিছে প্ৰাথমিক শিক্ষকসকল। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে।

সন্মিলনীয়ে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি সপ্তম দৰমহা আয়োগে নিৰ্ধাৰণ কৰা গ্ৰেড পে আদায় দিয়া, প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত সকলো প্ৰশিক্ষণপ্ৰাপ্ত স্নাতক শিক্ষকৰ পদ হ্ৰাস কৰি কাঢ়ি নিয়া, ৮৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়া, সাময়িক পদোন্নতিৰ মান্যতা বাহাল ৰখা আদি দাবীসমূহ পুনৰ উত্থাপন কৰিছে।

তদুপৰি, কৰ্মৰত  সকলো ঠিকাভিত্তিক শিক্ষকক নিয়মীয়া কৰা, চাকৰিৰ নিৰাপত্তা সুনিশ্চিত কৰা, পাবলৈ বাকী থকা বকেয়া ধন আদায় দিয়া, নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখা, অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ শীঘ্ৰে প্ৰাদেশিকীকৰণ কৰা আদিকে ধৰি মুঠ ১২ দফীয়া দাবীৰে সন্মিলনীয়ে পুনৰ আন্দোলনৰ ঘোষণা কৰিছে।

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে তেওঁলোকৰ উক্ত দাবীসমূহৰ সমৰ্থনত অহা ১১ জানুৱাৰিত গুৱাহাটীৰ লখৰা চাৰিআলি থকা উদয় কৃষ্টি সংঘৰ খেলপথাৰত এক বিশাল প্ৰতিবাদী সমাৱেশ অনুষ্ঠিত কৰিব। উক্ত দিনা ৰাজ্যখনৰ সকলোবোৰ প্ৰাথমিক বিদ্যালয় বন্ধ ৰাখি কৰ্মৰত শিক্ষকসকলে প্ৰতিবাদী কাৰ্যসূচীত যোগদান কৰিব।

বৃহস্পতিবাৰে এক প্ৰেছ বাৰ্তাযোগে কাজলগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক আবু জাফৰ মণ্ডলে এই সন্দৰ্ভত সৱিশেষ জানিবলৈ দি সকলো কৰ্মৰত শিক্ষককে  নিজ নিজ বিদ্যালয়ৰ পাঠদান কাৰ্য বন্ধ ৰাখি ১১ জানুলাৰিৰ শিক্ষক সমাৱেশত যোগদান কৰিবলৈ আহ্বান জনাইছে।

আনহাতে, উক্ত শিক্ষক সমাৱেশৰ পাছতো চৰকাৰে সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত তৎপৰতাৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে অহা ৪, ৫ আৰু ৬ ফেব্ৰুৱাৰিত সৰ্বাত্মক অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথাও মণ্ডলে জানিবলৈ দিয়ে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd