• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণোৱালৰ দৰে কামিহাড় নথকা মুখ্য মন্ত্ৰী অসমত জন্ম হোৱা নাই : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 6, 2019 6:00 pm
Tarun Gogoi

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু বৰ্তমান মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘সোণোৱাল নকলি জাতীয় নায়ক তেওঁৰ দৰে কামিহাড় নথকা মুখ্য মন্ত্ৰী অসমত জন্ম হোৱা নাই।‘ দেওবাৰে এক সংবাদমেলযোগে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে বৰ্তমান অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এইদৰে কটাক্ষ কৰে।

সোণোৱালক ‘পুতলা মুখ্য মন্ত্ৰী’ আখ্যা দি তেওঁ লগতে কয়, ‘‘অসমৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থ সোণোৱালে কেনেদৰে ৰক্ষা কৰিব? মোদীয়ে শিলচৰত বিলখনৰ প্ৰসংগ উল্লেখ কৰোঁতে সৰ্বানন্দৰহে হাত চাপৰি মৰাটো বেছিকৈ দেখা গ’ল।‘‘

Apply Now

তদুপৰি, উক্ত সংবাদমেলতে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে সোণোৱালক ‘’অগপৰ পৰা অহা মানুহহে,’’ বুলি উল্লেখ কৰি লগতে কয়, ‘’গতিকে যেনে তেনে গাদী ৰাখিব লাগে। অসমৰ বুৰঞ্জীত এনেধৰণৰ দুৰ্বল, তথা অসমীয়া জাতিটোক নিজৰ ক্ষমতাৰ কাৰণে বিসৰ্জন দিবলৈ বিচৰা ক্ষমতালোভী মুখ্য মন্ত্ৰী দেখা নাই। জাতি লাগিলে জহন্নামে যাওক, মোৰ ক্ষমতা থাকিব।‘’

গগৈৰ মতে ‘’কংগ্ৰেছৰ গাত যিমান অসমীয়াৰ তেজ আছে, অসমৰ মুখ্য মন্ত্ৰীৰ গাত নাই। প্ৰফুল্ল মহন্তৰ গাতো নাই।‘’

আনহাতে, উক্ত সংবাদমেলতে কংগ্ৰেছ শাসনলৈ অহাৰ পাছত অসমলৈ শান্তি ঘূৰি আহিছিল বুলি দাবী কৰে গগৈয়ে।

তেওঁ লগতে কয়, ‘’প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ সহযোগত অসমখনত জুই জ্বলিবলৈ ধৰিছে। আগৰ অশান্ত পৰিৱেশ আকৌ ঘূৰাই আনিছে।‘’

আনহাতে, ২০১৯ চনৰ নিৰ্বাচনত মোদীৰ পৰাজয় হ’ব তাত কোনো সন্দেহ নাই বুলি মন্তব্য কৰি গগৈয়ে লগতে কয় যে  মোদীৰ দম্ভ, গৰ্ব আৰু স্বেচ্ছাস্বাৰিতাই তেওঁৰ পতন আনিব।

‘’ইতিমধ্যে পতনৰ আৰম্ভ হৈছে। গুজৰাটৰ পৰাই তেওঁৰ জয়যাত্ৰা আৰম্ভ হৈছিল, এতিয়া তিনিখন ৰাজ্যৰ ফলাফল দেখিলে, ক’ত জিকিলে?’ গগৈয়ে এইদৰে কয়।

ইপিনে, বিজেপিয়ে প্ৰত্যেক ক্ষেত্ৰতে গোকাট মিছাৰ আশ্ৰয় লোৱা বুলি উল্লেখ কৰি তেওঁ কয়, ‘’এফালে নাগৰিকত্ব সংশোধনী বিধেয়কো আনিব, অন্যফালে অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰী কৰিব বিচাৰিব। ইয়াতকৈ গোকাট মিছা কথা হ’ব পাৰে নেকি?’’

উক্ত সংবাদমেলতে গগৈয়ে বিজেপিৰ মিত্ৰদল অগপ আৰু এআইয়ুডিএফকো সমালোচনা কৰে।

তেওঁ কয়, ‘’প্ৰফুল্ল মহন্ত আৰু আজমল শ্মশানলৈ গৈ আছে।‘’

তদুপৰি, আজমলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাৰ সন্দৰ্ভত গগৈক সাংবাদিকে সোধাত তেওঁ কয়, ‘’আজমল দিল্লীতহে কংগ্ৰেছৰ লগত ভাল, ইয়াত কাজিয়া কৰি থাকে। শক্তি থাকোতেই অসমত কংগ্ৰেছে আজমলৰ লগত মিত্ৰতা নকৰিলে, এতিয়াটো তেওঁৰ শক্তিয়েই নাই, এতিয়া দুৰ্বলৰ লগত কোনোবাই মিত্ৰতা কৰিব নেকি?’’

‘’পঞ্চায়ত নিৰ্বাচনৰ পাছত আজমলৰ গৰাখহনীয়া হৈছে, এতিয়া তেওঁক আমি বচাবলৈ যাম নেকি? এইটো আমাৰ মুৰ্খামিহে হ’ব,‘’-গগৈৰ মন্তব্য।

ইপিনে, আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ অসমত পতন হ’ব বুলি দাবী কৰি গগৈয়ে কয়, ‘’অসমত অৱশেষত কেৱল কংগ্ৰেছ দলেই  থাকিব, অসমৰ উন্নয়ন কংগ্ৰেছেই কৰিব।‘’

তাৎপৰ্য্যপূৰ্ণভাৱে, অসম আন্দোলনৰ ৮৫৫ জন চহিদক কংগ্ৰেছেৰ দিনতে গুলিয়াই মৰা হৈছিল বুলি স্বীকাৰ কৰি গগৈয়ে কয় যে সেয়া আন্দোলন কৰাৰ কাৰণেই গুলিওৱা হৈছিল কিন্তু তাৰ বাবে দায়ী প্ৰফুল্ল কুমাৰ মহন্তহে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd