• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰীয় কমিটী নতুকৈ গঠন কৰি অগপক নতুন ৰূপ দিয়াৰ দাবী বিদ্ৰোহী তৃণমূল কৰ্মীৰ

সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিক দলৰ নেতৃত্বৰ অংশীদাৰ কৰাৰ দাবী তৃণমূল কৰ্মীৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 7, 2019 10:33 pm
AGP Grassroot Workers Protest

কেন্দ্ৰীয় নেতৃ্ত্বৰ বিৰুদ্ধে অগপৰ তৃণমূল কৰ্মীৰ ক্ষোভ প্ৰকাশ। ৭ জানুৱাৰিত, গুৱাহাটীত।

540
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক সদনত দাখিল হোৱাৰ পাছত অসম গণ পৰিষদে বিজেপিৰ সৈতে মিত্ৰতা ছেদ কৰাৰ সময়তে দলটোৰ ভিতৰচ’ৰাত কেন্দ্ৰীয় নেতৃ্ত্বৰ বিৰুদ্ধে তৃণমূল কৰ্মীৰ ক্ষোভৰ উদগিৰণ দেখা গৈছে।

ক্ষুভিত আৰু ধৈৰ্য্য হেৰুৱাই পেলোৱা তৃণামূল কৰ্মীয়ে কেন্দ্ৰীয় নেতৃত্বৰ সমূহীয়া পদত্যাগ দাবী কৰাৰ লগতে এখন জাতীয় অভিৱৰ্তন পাতি দলটোক নতুন ৰূপ দিয়াৰ দাবী জনাইছে।

আজি চানমাৰিৰ পণ্ডিত তীৰ্থনাথ শৰ্মা সভাঘৰত অগপৰ বিভিন্ন জিলা আৰু সমষ্টিৰ পৰা অহা তৃণমূল কৰ্মী আৰু শুভাকাংক্ষীয়ে এখন সভা অনুষ্ঠিত কৰি এই সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰে। ইয়াৰ পাছত দলৰ মুখ্য কাৰ্যালয়লৈ গৈ সভাপতিলৈ কেইবাটাও প্ৰস্তাৱ সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বুবুল কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ‘অগপ আঞ্চলিকতাবাদী তৃণমূল কৰ্মী সমন্বয়ৰক্ষী সমিতি’ নামেৰে এখন ২১জনীয়া অহ্বায়ক সমিতিও গঠন হয়। আহ্বায়ক সমিতিখনে স্মাৰকপত্ৰত উল্লেখ কৰা প্ৰস্তাৱসমূহ আগন্তুক দহ দিনৰ ভিতৰত মানি ল’বলৈ দাবী জনায়। অন্যথা তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে।

তৃণমূল কৰ্মীসকলে আজি সন্ধিয়া অগপৰ আমবাৰীৰ মুখ্য কাৰ্যালয়লৈ আহিও কেন্দ্ৰীয় নেতৃত্বৰ পদত্যাগৰ দাবীৰে ধৰ্ণা দিয়ে।

তৃণমূল কৰ্মীসকলৰ এই সভাত গৃহীত কৰা প্ৰস্তাৱসমূহৰ ভিতৰত আছে অসমৰ সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ আশা-আকাংক্ষা প্ৰতিফলিত হোৱাকৈ দলৰ কাৰ্যসূচী প্ৰস্তুত কৰাৰ লগতে সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিক দলৰ নেতৃত্বৰ অংশীদাৰ কৰোৱাৰ দাবী। এক ব্যক্তি এক পদ নীতিও কঠোৰভাৱে মানি চলাৰ দাবী উত্থাপন কৰে আঞ্চলিক দলটোৰ তৃণমূল কৰ্মীসকলে।

এই সভাতেই নতুন প্ৰজন্মক দললৈ আদৰি আনি উপযুক্ত স্থান আৰু মান দিয়াৰ লগতে অগপৰ এটা ছাত্ৰ সংগঠন গঠন কৰাৰ বাবেও প্ৰস্তাৱ গ্ৰহণ কৰি স্মাৰক পত্ৰত সন্নিৱিষ্ট কৰে।

Recent News

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd