• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰ্বানন্দ সোণোৱাললৈ জুবিন গাৰ্গৰ চিঠিত অকাট্য যুক্তি আৰু গভীৰ অসমপ্ৰেমৰ নমুনা

আমাক অসমীয়া কৰি ৰাখিবলৈ কোনো ধৰ্মৰ দৰকাৰ নাই; আকৌ এবাৰ ভাবি চাওক : জুবিন গাৰ্গ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2019 4:39 pm
Zubeen letter to Sarba

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ লিখা চিঠিখনৰ সৈতে শিল্পী জুবিন গাৰ্গ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“মই খিলঞ্জীয়াৰ ক্ষতি হ’ব পৰা কাম নকৰো, অসমৰ মানুহ চিন্তিত হ’ব নালাগে” বুলি কৈ এতিয়াও পুৰণি ৰেকৰ্ডখন বজাই থকা অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ জুবিন গাৰ্গে আজি লিখা এখন চিঠিয়ে সকলোৰে দৃষ্টি কাঢ়িছে। “প্ৰতি সৰ্বাদা” বুলি সম্বোধন কৰি অসমীয়াতে লিখা চিঠিখনত আছে গভীৰ অসম প্ৰেমৰ নমুনা। লগতে আছে অকাট্য শক্তিশালী যুক্তি। শিল্পীজনে মূলতঃ নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্থিতিত দুখ প্ৰকাশ কৰিছে চিঠিখনৰ জৰিয়তে।

“বহুত কোৱা হ’ল- এবছৰ-দুবছৰ ধৰি কৈয়ে আছো। চৰকাৰে নুবুজিলে। ধৰ্ম আৰু জাতিৰ মাজৰ পাৰ্থক্যটো বুজি নাপালে।” আৰম্ভণিতেই জুবিনে এইদৰে কয়।

“এই বিধেয়কখন আমি নামানো। মোৰ পঞ্চলিছ বছৰ বয়স হ’ল। জন্মৰ পৰা বাংলাদেশী বাংলাদেশীয়েই শুনি আহিছোঁ। এতিয়া আমনি লাগিছে। ভাগৰো লাগিছে। তাতকৈয়ো বেছি লাজ লাগিছে- যিবোৰ মানুহে বাংলাদেশী নালাগে বুলি আন্দোলন কৰিছিল, সেইবোৰেই মন্ত্ৰী, বিধায়ক হৈ থাকিবৰ কাৰণে অসমখন শেষ কৰি দিব খোজা দেখি।” নিজৰ চিঠিত লিখে শিল্পীজনে।

তাৰ পিছতে তেওঁ আকৌ প্ৰশ্ন কৰে, সৰ্বাদা নিজেই ‘আছু’ত আছিল। তেওঁ যদি এনেকুৱা কৰে, তাৰ পিছত আমি কাক বিশ্বাস কৰিম?

“মোদীৰ কাষত থাকি হাতচাপৰি মাৰি থকাতকৈ বহুত ডাঙৰ কাম আছে। তেওঁ নিজে লাজ নাপালেও আমি কিন্তু লাজ পাওঁ”, সোণোৱালক কটাক্ষ কৰি জুবিনে কয়।

যুটীয়া সংসদীয় সমিতিৰ মিথ্যাচাৰৰ প্ৰসংগত তেওঁ লিখে, “জেপিচি আকৌ আহিম বুলি কৈছিল, নাহিল। আমাক ঠগিলে। আমাক মোদীয়ে ঠগিলে, সৰ্বাদাই ঠগিলে, বিজেপিয়ে ঠগিলে।”

সংসদত বিলখন উত্থাপন হ’লেও সৰ্বাদাই না কৈ দিব পাৰে। কৈ চাওকচোন—যি হয় দেখা যাব। মই এতিয়াও শান্ত হৈ আছো। এসপ্তাহমান অসমত নাথাকিম। ঘূৰি অহাৰ আগলৈকে সৰ্বাদাই কিবা কৰিলে ভাল। নহ’লে এইবাৰ মই অকলে আন্দোলন কৰিম। কি কৰিম নাজানো!” চিঠিখনত জুবিনে লিখে।

তেওঁ বিধেয়কখনৰ বিষয়ে আৰু এবাৰ বিবেচনা কৰিবলৈ আহ্বান জনাই কাতৰভাৱে কয়, “আছুৱে প্ৰতিবাদ কৰিছে, গোহাঁই ছাৰে লিখি আছে, কৃষক মুক্তিয়ে দিল্লীত গৈ ধৰ্ণা দিছে। সকলোৱে না বুলি কৈছে যেতিয়া আৰু এবাৰ বিবেচনা কৰি চাওক।”

“আমাক অসমীয়া কৰি ৰাখিবলৈ কোনো ধৰ্মৰ দৰকাৰ নাই। আকৌ এবাৰ ভাবি চাওক।– সাতদিনৰ পিছত ভদ্ৰতা শিকাই লাভ নহ’ব নহ’লে।” জুবিনৰ ভাষ্য।

চিঠিখন লিখি জনপ্ৰিয় শিল্পীজনে নিজৰ ফেইচবুক একাউণ্টৰ টাইমলাইনত প্ৰকাশ কৰে আৰু হাজাৰা য়ুজাৰে এইখন শ্বেয়াৰ কৰা দেখা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ পিছত এইবাৰ বোমাতংক বম্বে উচ্চ ন্যায়ালয়ত : একেদিনাই বন্ধ হৈ পৰিল দেশৰ দুখনকৈ আদালতৰ কাম

দিল্লীৰ পিছত এইবাৰ বোমাতংক বম্বে উচ্চ ন্যায়ালয়ত : একেদিনাই বন্ধ হৈ পৰিল দেশৰ দুখনকৈ আদালতৰ কাম

September 12, 2025 6:05 pm
অসমৰ ছয় জনগোষ্ঠীক চৰম প্ৰবঞ্চনা কৰিছে বিজেপি চৰকাৰে : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমৰ্থন চিপিআই(এম)ৰ

অসমৰ ছয় জনগোষ্ঠীক চৰম প্ৰবঞ্চনা কৰিছে বিজেপি চৰকাৰে : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমৰ্থন চিপিআই(এম)ৰ

September 12, 2025 5:18 pm
পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সহায়ত দিল্লী উচ্চ ন্যায়ালয়ত বোমা বিস্ফোৰণৰ ভাবুকি : আতংক, খালী আদালতৰ চৌহদ

পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সহায়ত দিল্লী উচ্চ ন্যায়ালয়ত বোমা বিস্ফোৰণৰ ভাবুকি : আতংক, খালী আদালতৰ চৌহদ

September 12, 2025 4:17 pm
বোকাখাতত আৰক্ষীৰ চকুত ধূলি দি দিনদুপৰতে চোৰে লুটি নিলে তিনি লক্ষাধিক মুল্যৰ সোণৰ গহণা আৰু নগদ ধন

বোকাখাতত আৰক্ষীৰ চকুত ধূলি দি দিনদুপৰতে চোৰে লুটি নিলে তিনি লক্ষাধিক মুল্যৰ সোণৰ গহণা আৰু নগদ ধন

September 12, 2025 3:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ পিছত এইবাৰ বোমাতংক বম্বে উচ্চ ন্যায়ালয়ত : একেদিনাই বন্ধ হৈ পৰিল দেশৰ দুখনকৈ আদালতৰ কাম

দিল্লীৰ পিছত এইবাৰ বোমাতংক বম্বে উচ্চ ন্যায়ালয়ত : একেদিনাই বন্ধ হৈ পৰিল দেশৰ দুখনকৈ আদালতৰ কাম

September 12, 2025 6:05 pm
অসমৰ ছয় জনগোষ্ঠীক চৰম প্ৰবঞ্চনা কৰিছে বিজেপি চৰকাৰে : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমৰ্থন চিপিআই(এম)ৰ

অসমৰ ছয় জনগোষ্ঠীক চৰম প্ৰবঞ্চনা কৰিছে বিজেপি চৰকাৰে : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমৰ্থন চিপিআই(এম)ৰ

September 12, 2025 5:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd