তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ অতিৰিক্ত আৰু সত্ৰ ন্যায়ধীশ উৎপল ৰাজখোৱাই মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰসন্থাৰ দুগৰাকী সদস্যক আক্ৰমণ কৰি বেয়াকৈ আহত কৰা ৫জন অপৰাধীক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে।
উক্ত অপৰাধী কেইজন হৈছে অশোক শ্বাহ, ৰাম হৃদয় শ্বাহ, লালু শৰ্মা, অৰুণ শ্বাহ, গনেশ শ্বাহ, পৰশমনি শ্বাহ আৰু শংকৰ শ্বাহ। ২০০৩ চনত মাৰ্ঘেৰিটা বজাৰত সংঘটিত আক্ৰমণৰ এক ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৮/৩৪১/৩২৩/৩২৬ ধাৰাৰ অধীনত এই লোক কেইজনক ৫বছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে। লগতে ১,০০০ টকাকৈ জৰিমনা বিহে।
জৰিমনা অনাদায়ে অতিৰিক্ত ৬ মাহৰ কাৰাদণ্ডৰ হুকুম দিয়ে। উক্ত লোক কেইজনে বিগত ২০০৩ চনত মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য মুলেন বৰুৱা আৰু ভাস্কৰ বৰুৱাক চোকা অস্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে জখম কৰিছিল।
মাৰ্ঘেৰিটা সত্ৰ আদালতত আচামী পক্ষৰ হৈ অধিবক্তা আৰতি শৰ্মাই ওকালতি কৰিছিল। আনহাতে চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা ৰঞ্জিত দত্তই।