• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত বিজেপি কৰ্মীৰ সৈতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব মীৰা বৰঠাকুৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 9, 2019 7:14 pm
Mira Barthakur

মীৰা বৰঠাকুৰ। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত অসমৰ চাৰিওফালে অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হৈ থকাৰ সময়তে বিধেয়কখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ কথা ঘোষণা কৰে মীৰা বৰঠাকুৰে। তাৎপয্যপূৰ্ণভাৱে তেওঁক এইক্ষেত্ৰত বিজেপিৰ বহু লোকে সহায় কৰিব বুলিও নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত জানিবলৈ দিয়ে।

উল্লেখ্য যে, যোৱা ৫ চেপ্টেম্বৰৰ দিনা বিজেপিৰ প্ৰশান্ত গোস্বামী নামৰ ৰাজ্যিক বিষয়ববীয়াজনে হোৱাটছএপ মেচেজৰ জৰিয়তে মীৰা বৰঠাকুৰলৈ বহিস্কাৰৰ পত্ৰ প্ৰেৰণ কৰিছিল আৰু এই কথা মানি ল’ব খোজা নাছিল বৰঠাকুৰে। তেওঁ বিজেপিৰ সৈতে থাকিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুঁজ দি যোৱাৰ কথা উল্লেখ কৰিছিল।

Apply Now

‘’বিজেপিৰে বিভিন্ন কৰ্মীয়ে মোক বিধেয়কখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চপাত সহায় কৰিব । বিভিন্ন জাতীয়তাবাদী সংগঠনো ইয়াৰ সৈতে জৰিত হ’ব,‘’-নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত এইদৰে কয় বৰঠাকুৰে।

ৰাজ্যসভাত এই বিলখন পাছ হ’লে উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত ৰাজহুৱা স্বাৰ্থজনিত আবেদন জনাব বুলি আমাৰ সাংবাদিকক জানিবলৈ দিয়ে বৰঠাকুৰে।

ইপিনে, নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি অগ্নিগৰ্ভা পৰিস্থিতি সৃষ্টি হৈ থকাৰ পাছতো সৰ্বানন্দ সোণোৱালৰ নীৰৱ ভুমিকাক লৈয়ো সৰব হৈ পৰে বৰঠাকুৰ।

‘’সৰ্বানন্দ সোণোৱাল একেবাৰে মেৰুদণ্ডহীন, কোনো সিদ্ধান্ত ল’ব নোৱাৰা, দিল্লীৰ পুতলা মুখ্য মন্ত্ৰী,‘’-সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে এইদৰে কয় বৰঠাকুৰে।

তদুপৰি, ‘’যদি তিলমানো সন্মান আছে, সোণোৱালে জাতীয় মুকুটটো ঘূৰাই দিব লাগে‘’ বুলি মন্তব্য কৰি বৰঠাকুৰে লগতে কয়, ‘’সোণোৱালে জাতীয় নায়কৰ কোনো ভূমিকাই পালন কৰিব পৰা নাই।‘’

বৰঠাকুৰৰ মতে ‘’হিমন্ত বিশ্ব শৰ্মাক বেয়া পাবলগীয়া একো নাই, তেওঁ গোটেই জীৱনটোৱে ৰাজনীতি কৰিয়ে কটালে।‘’

‘’হিমন্ত বিশ্বৰ পৰা আশা নকৰাটো ৰাইজে সৰ্বানন্দ সোণোৱালৰ পৰা আশা কৰিছিল। কিন্তু সোণোৱালে চকু মুদা কুলিৰ ভাও জুৰিলে,’’- মুখ্য মন্ত্ৰী সোণোৱালক এইদৰে কটাক্ষ কৰে বৰঠাকুৰে।

ইপিনে, ছ’চিয়েল মিডিয়াত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কঠোৰ সমালোচনা কৰাৰ পাছতো তেওঁ ‘কোনো কেৰেপ কৰা নাই’ বুলি উল্লেখ কৰি বৰঠাকুৰে লগতে কয়, ‘’সৰ্বানন্দ সোণোৱালৰ একো কথাই গাত নালাগে, তেওঁ গঁড়ৰ ছালৰ দৰে। তেওঁক গাদীখন আৰু টকা লাগে। তেওঁক তীব্ৰ ভাষাৰে গৰিহনা দিছো।‘’

তদুপৰি, বিজেপিৰ উচ্চস্তৰীয় নেতাসকলে যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিবোৰৰো একোৱেই বৰ্তমানলৈকে পালন কৰা নাই বুলিও মন্তব্য কৰে বৰঠাকুৰে।

‘’১৬ মে’ৰ পাছত সকলো বাংলাদেশী যাব লাগিব বুলি প্ৰতিশ্ৰুতি দিছিল, কিন্তু এতিয়া অহাৰ বাটটোহে মুকলাই দিলে,’‘-এইদৰে কয় বৰঠাকুৰে।

ইপিনে, কালি বিজেপিৰ পৰা শোণিতপুৰ জিলা বিজেপিৰ প্ৰাক্তন উপ-সভাপতি অনুপম বৰুৱা আৰু ৰাজ্যিক বিজেপিৰ পৰা মেহদি আলম বৰাই পদত্যাগ কৰাক কেন্দ্ৰ কৰি বৰঠাকুৰে কয়, ‘’কেৱল অনুপম বৰুৱা আৰু মেহদি আলম বৰাই নহয়, আজি টীয়কতো বহুকেইজনে বিজেপি ত্যাগ কৰিব। বিজেপিৰ পৰা অসমৰ বহু ঠাইৰ পৰাই পদত্যাগ কৰিব।‘‘

‘’বিজেপিয়ে জাতি মাটি ভেটিৰ কথা কৈ ক্ষমতালৈ আহি তেওঁলোকক ক্ষমতাই মূৰত ধৰিছে আৰু গুৰু-গোঁসাই নমনা হৈছে। আগন্তুক নিৰ্বাচনত বিজেপিয়ে অতি সোনকালে ফলাফল পাব,’‘-বিজেপিৰ নেতাসকলক উদ্দেশ্যি বৰঠাকুৰে এইদৰে কয়।

তদুপৰি, অগপই বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাক কেন্দ্ৰ কৰিও আমাৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মীৰা বৰঠাকুৰে।

‘অগপই উপায়ন্তৰ হৈ বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিছে। তেওঁলোকে উপলব্ধি কৰিলে যে, জনসাধাৰণৰ লগত নাথাকিলে তেওঁলোক ধুলিসাৎ হৈ যাব। অসমৰ জনগণে কেশৱ মহন্ত আৰু অতুল বৰাৰ পৰা কিবা পাব যে আশা নকৰো,’‘-এইদৰে কয় বৰঠাকুৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd