• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

থৰকাছুটি হেৰাইছে ৰাজ্যিক বিজেপিৰ : ক’লে অসমলৈ অহা নাই বাংলাদেশী!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 10, 2019 9:37 pm
IMG_20190110_195841

বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদমেলত মুখপাত্ৰ স্বপ্ননীল বৰুৱা। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে থৰকাছুটি হেৰুৱাইছে ৰাজ্যিক বিজেপিয়ে। সেয়েহে আজিৰ সংবাদমেলত এগৰাকী বিজেপিৰ ৰাজ্যিক মুখপাত্ৰই সংবাদমেলতে কৈ পেলালে অসমত বাংলাদেশী নাই।

উল্লেখ্য যে, বৃহস্পতিবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ স্বপ্ননীল বৰুৱাই অসমত বাংলাদেশী নাই বুলি দাবী কৰাৰ  লগতে বাংলাদেশীৰ প্ৰব্ৰজন অসমলৈ হোৱা নাই বুলিও দাবী কৰিলে উক্ত সংবাদমেলৰ জৰিয়তে।

Apply Now

‘’ইউৰোপত শ্ৰমিক শ্ৰেণীৰ লোকসকল বাংলাদেশী। প্ৰব্ৰজন হয় কেৱল তলৰ শ্ৰেণীৰ লোকৰ মাজত। অসমলৈ আহিবৰ বাবে বাংলাদেশীৰ কোনো অৰ্থনৈতিক কাৰণ নাই।‘’ সংবাদমেলত এই দাবী বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা প্ৰাক্তন প্ৰশাসনিক বিষয়া স্বপ্ননীল বৰুৱাৰ।

ইপিনে, ইউৰোপ মহাদেশত বাংলাদেশৰ পৰা যোৱা শ্ৰমিকসকলে প্ৰতিদিনে ২৫ ইউৰ’ লাভ কৰে বুলি দাবী কৰি বৰুৱাই কম টকাৰ বিনিময়ত কাম কৰিবলৈ ভাৰতলৈ বা অসমলৈ বাংলাদেশী নাহে বুলি মন্তব্য কৰি বিষয়টোৰ ওপৰত আগবঢ়ায় উদ্ভট যুক্তি।

‘‘ভাৰতীয় টকাৰ হিচাপত ২০০০ টকা লাভ কৰে বাংলাদেশী শ্ৰমিকসকলে। কিন্তু ভাৰতত কেৱল ১০০০ টকাহে পায়। ২০০০ টকা লাভ কৰি ভাৰতত ১০০০ টকা পাবলৈ তেওঁলোক ইয়ালৈ নাহে।‘’ এইদৰে মন্তব্য কৰে বৰুৱাই।

ইপিনে, বিদেশী বহিস্কাৰৰ নামত হোৱা অসম আন্দোলনৰ পৰা আৰম্ভ কৰি বৰ্তমানো বিদেশী বহিস্কাৰ আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি অসমত প্ৰায় ৪০ বছৰে আন্দোলন চলি আহিছে। তাৰ বিপৰীতে বিদেশী খেদোৱাৰ নামত হোৱা আন্দোলনক নস্যাৎ কৰি হিন্দু-মুছলমান কোনো বাংলাদেশীৰেই অসমলৈ প্ৰব্ৰজন হোৱা নাই বুলি সংবাদমেলত দাবী কৰে বৰুৱাই।

‘’ভাৰতলৈ বাংলাদেশৰ পৰা কোনো বাংলাদেশী অহা নাই, মুছলমান-হিন্দু কোনোৱে আহি থকা নাই, কাৰণ ইউৰোপ আৰু আমেৰিকাত কাম কৰাৰ সুন্দৰ সুযোগ পাই আছে বাংলাদেশীবিলাকে। যোৱা ১০-২০ বছৰে কোনো প্ৰব্ৰজন ঘটা নাই অসমলৈ।‘’ সংবাদমেলত এই দাবী কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, মুছলমান বাংলাদেশী আগ্ৰাসনৰ ইচ্ছ্যুটোক কেন্দ্ৰ কৰি বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সংবাদমাধ্যমৰ আগত মন্তব্য কৰিছিল। দুই-তিনিদিন আগতে ৰাজ্যখনৰ ১৭ টা বিধানসভা সমষ্টিতে মুছলমান বাংলাদেশীৰ কবলত বুলি দাবী কৰিছিল দুয়োজনে। তাৰ বিপৰীতে বৃহস্পতিবাৰৰ সংবাদমেলত ‘’অসমলৈ হিন্দু-মুছলমান বাংলাদেশীৰ আগ্ৰাসন ঘটা নাই’’ বুলি দাবী কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

বিজেপিৰ দুমুখীয়া স্থিতিৰ পৰাই প্ৰকাশ পাইছে ৰাজ্যিক বিজেপিয়ে থৰকাছুটি হেৰুৱাইছে তথা কোনো কোনোৱে অসম বাংলাদেশীৰ কবলত পৰা বুলি দাবী কৰাৰ বিপৰীতে কোনোৱে আকৌ বাংলাদেশী নাই বুলি স্থিতি স্পষ্ট কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd