• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোগালীৰ ৰং-আনন্দৰ মাজতো জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ আহ্বান অখিল গগৈৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 12, 2019 7:28 am
11-01-19 Guwahati- Akhil Gogoi Press Meet (4)

শুকুৰবাৰে গুৱাহাটীত অখিল গগৈৰ সংবাদমেল। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুৰ আনন্দ-উল্লাসৰ মাজতো জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ বাবে শুকুৰবাৰে এক সংবাদমেলযোগে অসমবাসীক আহ্বান জনায় কৃষক নেতা অখিল গগৈয়ে। লগতে উৰুকাৰ দিনা অৰ্থাৎ সোমবাৰৰ পৰা ভোগালীৰ মেজিৰ জুই নিৰ্বাপিত নোহোৱা পৰ্য্যন্ত বিধেয়ক বাতিল কৰাৰ দাবীত গুৱাহাটীত অনশনত বহিব কৃষক নেতাজন।

জাতিটোক ৰক্ষাৰ বাবে এইবাৰ ভোগালী বিহু পালন কৰা বাদ দি কৃষক নেতাগৰাকীয়ে অনশন পালন কৰা বিষয়টোৱে বিশেষ তাৎপর্য্য বহন কৰিছে।

Apply Now

ইপিনে, ভোগালী বিহুৰ নিয়ম-নীতিৰ মাজেৰেই জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰিবৰ বাবে আহ্বান জনাই নেতাজনে কয়, ‘’সমূহ অসমীয়া ৰাইজে মাঘ বিহুৰ উৰুকাৰ ভোজ খোৱাৰ আগে আগে জুইত নাগৰিকত্ব সংশোধনী বিধেয়ক দাহ কাৰ্য্যসূচী ৰূপায়ণ কৰিব লাগে। ভেলা ঘৰৰ সন্মুখত অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোছা উত্তোলন কৰিব লাগে। অসমৰ চহৰে-নগৰে, গাঁৱে-ভূঞে বিহুৰ দিনকেইটাত ঘৰৰ আগফালে একোখনকৈ গামোছা আঁৰি দিব লাগে।‘’

তদুপৰি মেজিৰ জুইৰ কাষত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হ’ব লাগিব বুলি সংকল্প গ্ৰহণ কৰিবৰ বাবে সমূহ অসমবাসী ৰাইজক আহ্বান জনায় কৃষক নেতাজনে।

‘’প্ৰয়োজন সাপেক্ষে জাতিধ্বংসী বিলখনৰ বিৰুদ্ধে চৰকাৰে জাৰি কৰা ১৪৪ ধাৰা ভংগ কৰি প্ৰতিবাদ কৰিব লাগিব অসমবাসী ৰাইজে। মই তেওঁলোকক এই দিনকেইটাত বিলখনৰ বিৰুদ্ধে সবল আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছো।’’ এইদৰে সংবাদমেলত গগৈয়ে কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে মাঘ বিহু উপলক্ষে আয়োজিত কোনো অনুষ্ঠানতে বিজেপি-আৰএছএছৰ নেতাৰ পৰা ‘স্পনছৰশ্বিপ’ গ্ৰহণ নকৰিবৰ বাবে সংবাদমেলৰ জৰিয়তে আহ্বান জনায় গগৈয়ে।

‘‘বিজেপি, আৰএছএছ নেতাৰ পৰা বিহুৰ বাবে কোনেও ডাঙৰ চান্দা বা ‘স্পনছৰশ্বিপ নল’ব। অৱশ্যে গাঁৱৰ লোক হিচাপে কোনো বিজেপিৰ সদস্যৰ পৰা বিহু হিচাপে বৰঙণি ল’ব পাৰে।‘’ অসমবাসীৰ প্ৰতি আহ্বান জনাই এইদৰে কয় কৃষক নেতা অখিল গগৈয়ে।

আনহাতে, ব্যক্তিগত আৰু ব্যৱসায়িক বাহনসমূহত ‘’নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক’’ শীৰ্ষক বেনাৰ নাইবা কাগজত লিখি লগাবলৈও অখিলে আহ্বান জনায়।

তদুপৰি, গাওঁ অঞ্চলত তথা বাগানৰ লাইনসমূহত বিজেপি-আৰএছএছৰ সভা নিষিদ্ধ কৰিবলৈ আহ্বান জনাই অখিলে লগতে কয়, ‘’প্ৰয়োজনসাপেক্ষে জনসাধাৰণে বিজেপি-আৰএছএছৰ নেতাসকলক ঘেৰি ধৰি জবাবদিহি কৰিব লাগে। সকলো বিজেপি আৰএছ এছৰ সভা বৰ্জন কৰিব লাগে।‘’

তেওঁ লগতে কয়, ‘’অসমবাসী ৰাইজে অধিবেশন, অভিৱৰ্তন, খেল-ধেমালিৰ অনুষ্ঠানত বিজেপিৰ বিধায়ক, মন্ত্ৰী, মুখ্য মন্ত্ৰী আৰু প্ৰধান মন্ত্ৰীক আমন্ত্ৰণ নজনাব তাৰ বাবে আবেদন জনাইছো। যদি ভুলক্ৰমে আহে, তেন্তে তেওঁলোকক ক’লা পতাকা প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছো।‘’

হিমন্ত পত্নীৰ মালিকাধীন নিউজ লাইভক ককৰ্থনা অখিলৰ

শুকুৰবাৰে এক সংবাদমেল যোগে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ চেনেল নিউজ লাইভত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চেনেলটোৰ মুখ্য সম্পাদক জেৰিৰ হুছেইনৰ সাক্ষাৎকাৰক ‘প্ৰভূ আৰু দাসৰ সাক্ষাৎকাৰ’ আখ্যা দিয়ে কৃষক নেতাগৰাকীয়ে।

তেওঁ ৰিণিকি ভুঞা শৰ্মাৰ ব্যক্তিগত চেনেলটোক আক্ৰমণ কৰি কয়, ‘‘প্ৰভু আৰু দাসৰ সাক্ষাৎকাৰ ভূল আৰু অপ-প্ৰচাৰৰে ভৰপুৰ। জাৰিৰ হুছেইনে সোধা প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ ৭০ টা সংগঠনৰ হাতত আছে।’’

ইপিনে ’৭০ টা সংগঠনৰ প্ৰতিবাদী কাৰ্য্যসূচী নিউজ লাইভ চেনেলটোৱে প্ৰচাৰ নকৰা বুলিও অভিযোগ কৰে গগৈয়ে।

আনহাতে, হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মুখা-মুখি যুক্তি তৰ্কত নবহো বুলি সদৰী কৰি গগৈয়ে কয়, ‘’তেওঁৰ দৰে দগাবাজ, বদমাছ মানুহৰ সৈতে মুখা-মুখি সাক্ষাৎকাৰত বহাৰ ইচ্ছা নাই।‘‘

’’হিমন্ত বিশ্ব শৰ্মাই উক্ত সাক্ষাৎকাৰটোত উল্লেখ কৰা মতে ১৭ টা সমষ্টি বাংলাদেশী মুছলমানৰ হাতলৈ গুচি যাব বুলি কোৱাৰ পাছত ফোনযোগে জেৰিৰ হুছেইনক তালিকাখন বিচাৰিছিলো। তেওঁ মোৰ হোৱেটছএপত ৬-৭ টা সমষ্টিৰ নাম উল্লেখ কৰিলে, বাকীকেইটাৰ নাম তেওঁৰ হাতত নাই।‘’ এইদৰে সংবাদমেলত কয় অখিল গগৈয়ে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd