• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধেয়কৰ বিৰুদ্ধে সাংবাদিক সমাজৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদলে কঁ‌পালে নগাঁৱৰ ৰাজপথ

মিণ্টু দাস by মিণ্টু দাস
January 12, 2019 7:54 am
Nagaon protest CAB.photo.jpg 2

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে নগাঁৱত বিশাল প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে শুকুৰবাৰে নগাঁও জিলাৰ সাংবাদিক সমাজৰ উদ্যোগত উলিওৱা এক বিশাল প্ৰতিবাদী সমদলে নগাঁও চহৰৰ ৰাজপথ কঁ‌পাই তোলে। পুৱা প্ৰায় ১১.৩০ বজাত নগাঁও চহৰৰ শ্বহীদ ভৱনৰ পৰা উলিওৱা এই প্ৰতিবাদী সমদল আনুষ্ঠানিক ভাৱে মুকলি কৰে বিশিষ্ট শিক্ষাবিদ, গৱেষক তথা সাহিত্যিক ডঃ নৰেন কলিতাই।

সমদল মুকলি কৰি দিয়া ভাষণত ড০ কলিতাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে জাতীয় জীৱনৰ এই জটিল সন্ধিক্ষণত জাতিটোক ৰক্ষা কৰিবলৈ সকলো আগবাঢ়ি আহিব লাগে। যিখন বিধেয়কে অসমীয়া মানুহৰ ভাষা-সংস্কৃতি, সাহিত্য, জীৱনৰ প্ৰতি ভাবুকি আনি জাতিটোক বিপদাপন্ন কৰিব বিচাৰিছে, সেই বিধেয়কখনৰ বিৰুদ্ধে অসমৰ ৰাইজে ঐক্যবদ্ধ ভাৱে যুঁজ দিব লাগিব।

Apply Now

ডঃ কলিতাই বিশিষ্ট বুদ্ধিজীৱি ডঃ হীৰেন গোহাঁইক চৰকাৰে দেশদ্ৰোহী গোচৰত অভিযুক্ত কৰা কাৰ্যক দূৰ্ভাগ্যজনক আখ্যা দি কয় – এইটো কোনো কাৰণে গ্ৰহণযোগ্য নহয়। আক্ৰোশমূলক ভাৱে গোহাঁইৰ বিৰুদ্ধে কৰা এই কাৰ্যৰ বাবে চৰকাৰে নিজে লাজ পাব লাগে বুলি মন্তব্য কৰি তেওঁ কয় যে চৰকাৰে গোঁহাইৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ শীঘ্ৰেই প্ৰত্যাহাৰ কৰা উচিত।

প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰাকমুহূৰ্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাই ভাষণ দি কয় যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আৰম্ভ হোৱা যুজঁখন অধিক দৃঢ় হ’ব লাগিব। অসমীয়া জাতিয়ে কাৰো ৰঙা চকুলৈ ভয় নকৰে বুলি সকিয়াই দি বৰাই বিজেপি চৰকাৰে এই বিধেয়কখন প্ৰত্যাহাৰ নকৰিলে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব।

বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই ভাষণ দি কয় যে  অসমত হোৱা প্ৰায়বোৰ সংগ্ৰামৰ আৰম্ভণি নগাঁৱৰ পৰাই হয়। ইয়াৰ বিবেকবান ব্যক্তিসকলক লগত লৈহে এই সংগ্ৰাম আৰম্ভ হয়। অসমীয়া জাতিৰ দুৰ্যোগৰ সময়ত নগঞা সাংবাদিকসকলে গ্ৰহণ কৰা এনে ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী নিশ্চিতভাবে সংবাদ জগতৰ কাৰণে সুন্দৰ খবৰ। সাংবাদিকৰ এই  সংগ্ৰামী সত্তাই এক নতুন দিগন্তৰ সুচনা কৰিব বুলি মহন্তই মন্তব্য কৰে।

তেওঁ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা জনজাতিকৰণ প্ৰসংগত কয়- সংবিধানত কোনো ব্যৱস্থা নথকা স্বত্বেও অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ব্যৱস্থা কৰিছে।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই কয় যে, ভাৰত চৰকাৰে অসমৰ ৰাইজৰ আৱেগ-অনুভূতি তথা স্বাভিমানক বুজাৰ চেষ্টা নকৰি জাতিধ্বংসী বিধেয়কখন জাপি দিব বিচাৰিছে। তেওঁ অসমৰ ৰাইজৰ স্বাৰ্থক আওকাণ কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক এবাৰ জাতিটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ আহ্বান জনায়। জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰে এতিয়া সকলো কথা পাহৰিছে।

আছুৰ নগাঁও জিলা সমিতিৰ সভাপতি গৌৰীশংকৰ শইকীয়াই এইখন বিল কোনো কাৰণত মানি লোৱা নহয় বুলি কয়। তেওঁ এইখন বিল গৃহীত হ’লে অসম জ্বলিব বুলি হুংকাৰ দিয়ে। বিশিষ্ট কবি-সাহিত্যিক জীৱন নৰহে চৰকাৰক কঠোৰ সকীয়নি দি কয় যে স্বজাতিক ক্ষতি কৰা এই বিধেয়কখন সৰ্বত্ৰে দাহ কৰিব লাগে। বিদেশী খেদা আন্দোলন কৰা সৰ্বানন্দ সোণোৱালে এতিয়া অসমত বিদেশী আনিব বিচাৰিছে। তেওঁ গাঁ‌ঁৱলৈ এই আন্দোলনটো লৈ যাবলৈ আহ্বান জনায় কয়, সকলোৱে ভোগালী বিহুত মেজিৰ উম ল‌ওক, কিন্তু এই মেজিত সকলোৱে বিধেয়কখন জ্বলাই সৰ্বস্তৰতে প্ৰতিবাদ সাৱ্যস্ত কৰক।

নগাঁও সদৰস্থিত সাংবাদিক সকলৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাংবাদিকসকলৰ নেতৃত্বত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, দল-সংগঠনৰ প্ৰায় তিনি সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে বিজেপি বিৰোধী শ্লোগানৰে নগাঁও চহৰৰ ৰাজপথ কপাঁই তোলে।

বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকী, বিশিষ্ট সাহিত্যি-সমালোচক প্ৰভাত বৰা, বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতি, নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা, লেখক অধ্যাপক ডঃ মিলন নেওগ, শিক্ষাবিদ সভাৰাম মজুমদাৰ, লেখক মোলান লস্কৰকে ধৰি নগাঁৱৰ প্ৰায় সকলোবোৰ সৰ-বৰ সংগঠনৰ প্ৰতিনিধিয়ে এই বিশাল প্ৰতিবাদত অংশগ্ৰহণ কৰে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd